ETV Bharat / entertainment

Ranveer Singh In Don 3: অমিতাভৰ পিচত শ্বাহৰুখ, শ্বাহৰুখৰ পিচত এতিয়া ৰণবীৰ সিং, চাওক ডনৰ প্ৰথম লুক

ডন 3 ছবিখনত ৰণবীৰ সিঙৰ গ্ৰেণ্ড এণ্ট্ৰি । বুধবাৰে পৰিচালক ফাৰহান আখতাৰে ডন ৩ৰ এক মিনিট 48 ছেকেণ্ডৰ প্ৰথম লুকৰ ভিডিঅ’ মুকলি কৰে, যাৰ জৰিয়তে তেওঁ নতুন ডন হিচাপে ৰণবীৰ সিঙক মুকলি কৰে ।

author img

By

Published : Aug 9, 2023, 3:17 PM IST

Ranveer Singh is all set to show his might as Don 3, watch him step into SRK's shoes in announcement video
ডন 3 ছবিখনত ৰণবীৰ সিঙৰ গ্ৰেণ্ড এণ্ট্ৰি

চিটাৰা ডেস্ক, 9 আগষ্ট: অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানৰ পিচত এতিয়া বলীউডে লাভ কৰিলে নতুন ডন । অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানৰ পিচত এই জনপ্ৰিয় ফ্ৰেঞ্চাইজিত প্ৰৱেশ কৰিছে ৰণবীৰ সিঙে। ডন আৰু ডন 2 পৰিচালনা কৰা ফাৰহান আখতাৰে মুকলি কৰিছে ডন 3 ৰ প্ৰথম লুকৰ ভিডিঅ’ । এক মিনিট ৪৮ ছেকেণ্ডৰ এই ভিডিঅ’ত ৰণবীৰ সিঙে সংলাপ কোৱা দেখা গৈছে । ধূমপানৰ পৰা আৰম্ভ কৰি তেওঁৰ সংলাপলৈকে শক্তিশালী যেন দেখা গৈছে।

সমগ্ৰ ভিডিঅ’টোত কেৱল ৰণবীৰ সিঙেহে সংলাপবোৰ কোৱা দেখা গৈছে। এটা ওখ অট্টালিকাৰ ভিতৰত বহি ৰণবীৰ সিঙে কয়, ‘‘জো শ্বেৰ ছো ৰাহা হে, ৱহ জাগেগা কব, সৱ পুছতে হে ... ওনছে কেহ দো কি ফিৰ জাগ উঠা হু মে ঔৰ ফিৰ ছামনে জলদ আনে কো ৷ ক্য়য়া হে মেৰি তাকত, ক্যয়া হে মেৰি হিম্মত, ফিৰ দিখানে দো ৷ মৌত ছে খেলনা মেৰি জিন্দেগী হে, জীতনা হি মেৰা কাম হে ৷ তুমতো হো জানতে, জৌ মেৰা নাম হে ৷ 11 মুল্কো কি পুলিচ ঢুনডতি হে মুঝে ৷ পৰ কৌন পকড় পায়া হে মুঝে ? মে হু ডন ৷’’

  • " class="align-text-top noRightClick twitterSection" data="">

সাময়িক ভাৱে মেকাৰে কেৱল ডন অৰ্থাৎ ৰণবীৰ সিঙৰ প্ৰথম লুকহে প্ৰকাশ কৰিছে । ছবিখনত আন কোন কোন চৰিত্ৰ থাকিব সেই বিষয়ে এতিয়াও কোনো তথ্য শ্বেয়াৰ কৰা নাই ৷ ডন ৩ ছবিখন পৰিচালনা কৰিব ফাৰহান আখতাৰে । ছবিখন লিখিছে ফাৰহান আখতাৰেই ৷ আনহাতে সংগীত প্ৰদান কৰিছে শংকৰ এহছান লয় আৰু প্ৰথম ডন ৰচনা কৰা জাভেদ আখতাৰে (চেলিম খানৰ সৈতে) এই ছবিখনৰ গীত লিখিছে । এই ছবিখন ২০২৫ চনত আহিব বুলি ফাৰহানে জনাইছে ।

বলীউডৰ তৃতীয় ডন

হিন্দী ছবিত ডন ফ্ৰেঞ্চাইজিৰ এইখন চতুৰ্থখন ছবি । ১৯৭৮ চনত চন্দ্ৰ বৰদৰ পৰিচালনাত নিৰ্মিত ডন ছবিত অমিতাভ বচ্চনক প্ৰথম দেখা গৈছিল । অমিতাভে ছবিখনত ডনৰ চৰিত্ৰটো এনেদৰে অভিনয় কৰিছিল যে ছবিখন আইকনিক হৈ পৰিছিল । ইয়াৰ পিচত ফাৰহান আখতাৰে ২০০৬ চনত শ্বাহৰুখ খানক বলীউডৰ নতুন ডন হিচাপে চিনাকি কৰাই দিয়ে ৷ ইয়াৰ পিচত ২০১১ চনত আকৌ এবাৰ ফাৰহানে শ্বাহৰুখৰ সৈতে ডন ২ নিৰ্মাণ কৰিছিল । এই ছবিখনো সফল হৈছিল আৰু ডন হিচাপে শ্বাহৰুখক দৰ্শকে ভাল পাইছিল । এতিয়া নতুন যুগত ফাৰহানে উপস্থাপন কৰিছে নতুন ডেন । ডন হিচাপে ৰণবীৰ সিঙক দৰ্শকে কিমান পছন্দ কৰে সেয়া হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক: Don 3 : অপেক্ষাৰ অন্ত ! ফাৰহান আখতাৰে ঘোষণা কৰিলে ডন ৩, এইবাৰ শ্বাহৰুখৰ সলনি ৰণবীৰক দেখা যাব ডনত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.