ETV Bharat / entertainment

Ranveer Singh Deepika padukone baby: পৰিয়াল পৰিকল্পনাৰ ওপৰত কি ক’লে ৰণবীৰ সিঙে !

ৰণবীৰ সিং আৰু দীপিকা পাডুকনে সোনকালেই তেওঁলোকৰ অনুৰাগীসকলক এটা ভাল খবৰ দিয়াৰ সম্ভাৱনা আছে । ৰণবীৰে খোলাখুলিকৈ পাতিলে পৰিয়াল পৰিকল্পনাৰ কথা (Ranveer Singh Deepika padukone baby) ৷

Ranveer Singh Deepika padukone baby
শিশু পৰিকল্পনাৰ ওপৰত কি ক’লে ৰণবীৰ সিঙে
author img

By

Published : May 10, 2022, 10:22 PM IST

চিটাৰা ডেস্ক, 10 মে’: বলীউডৰ অন্যতম জনপ্ৰিয় আৰু সফল দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকন তিনি বছৰৰো অধিক সময় পাৰ কৰিলে সাংসাৰিক জীৱন । অনুৰাগীসকলে এতিয়া অপেক্ষা কৰিছে তেওঁলোকৰ মাজত তৃতীয় সদস্যৰ (Ranveer Singh Deepika padukone baby) । বলীউড আৰু টেলিভিশ্যনৰ বহু তাৰকাৰ পিতৃ-মাতৃ হোৱাৰ খবৰ বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে । এনে পৰিস্থিতিত ৰণবীৰ দীপিকাৰ অনুৰাগীয়ে এটা গুড নিউজ আশা কৰাটো স্বাভাৱিক । এটা সাক্ষাৎকাৰত, ৰণবীৰ সিঙে পৰিয়াল পৰিকল্পনাৰ বিষয়ে এটি ডাঙৰ কথা প্ৰকাশ কৰিছে ।

অতি শীঘ্ৰে মুক্তি পাব লগা 'জয়েশভাই জৰ্দাৰ'ত অভিনয় কৰা ৰণবীৰ সিঙে এটা সাক্ষাৎকাৰত তেওলোকৰ মাজলৈ এটি শিশুৰ পৰিকল্পনাৰ বিষয়ে সোধাত কৈছিল, তেওঁ আৰু দীপিকাই ভৱিষ্যতৰ পৰিকল্পনা আৰু অন্যান্য বিষয়ৰ ওপৰত কথা পাতি আছে । অভিনেতাজনে লগতে উল্লেখ কৰিছিল যে তেওঁলোকৰ বিবাহৰ যথেষ্ট সময় হৈছে আৰু তেওঁৰ কেৰিয়াৰো এতিয়া সঠিক পথত গৈ আছে ।

সাক্ষাৎকাৰটোত ৰণবীৰ সিঙে কয়, "মোৰ জীৱন ভালদৰে চলি আছে, মোৰ কেৰিয়াৰো সঠিক দিশত গৈ আছে, মই ভাবো আমাৰ বিবাহৰ সময় হৈছে ৷ এতিয়া তিনিৰ পৰা চাৰি বছৰো হ'ল, আমি, মই আৰু দীপিকাই সদায় জীৱনৰ বিষয়ে কথা পাতি ভাল পাওঁ, আমি সকলোবোৰ নিজৰ মাজত শ্বেয়াৰ কৰোঁ আৰু আমি কেনেদৰে জীৱনক গতি দিব লাগে সেই বিষয়েও আলোচনা কৰো" (Ranveer Singh baby planning) ৷

উল্লেখ্য যে,, ৰণবীৰ সিং অভিনিত ছবি 'জয়েশভাই জৰ্দাৰ'এ অহা সপ্তাহত মুক্তি লাভ কৰিব । অভিনেতাজনৰ আন এখন ছবি চাৰ্কাছৰ প্ৰথম লুকটো মঙলবাৰ অৰ্থাৎ ১০ মে’ মুক্তি দিয়া হৈছে । আনহাতে, দীপিকা পাডুকন অভিনেতা হৃত্বিক ৰোশনৰ সৈতে 'ফাইটাৰ' চলচ্চিত্ৰখনৰ বাবে চৰ্চাত আছে ।

লগতে পঢ়ক: Priyanka chopra citadel: মালতীক ঘৰত থৈ শ্বুটিঙত ব্যস্ত হ’ল প্ৰিয়ংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.