ETV Bharat / entertainment

Siddharth and Aditi’s video : ছ’চিয়েল মিডিয়াত ভাইৰেল প্ৰেমিকৰ সৈতে অদিতিৰ এটা ভিডিঅ’

author img

By

Published : Feb 28, 2023, 6:05 PM IST

ছ’চিয়েল মিডিয়াত ভাইৰেল অদিতি ৰাও হায়দাৰীৰ এটা ভিডিঅ’ ৷ ছ’চিয়েল মিডিয়াত অদিতিৰ প্ৰেমিকৰ লগত ভাইৰেল হৈছে এই ভিডিঅ’ ৷ কিন্তু কোন হয় এই চৰ্চিত প্ৰেমিক ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Rang De Basanti fame Siddharth and Aditi Rao Hydaris dance video goes viral
অদিতি ৰাও হায়দাৰীৰ ভিডিঅ’

চিটাৰা ডেস্ক, 28 ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী অদিতি ৰাও হায়দাৰীৰ এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ আছে ছ’চিয়েল মিডিয়াত ৷ অদিতি ৰাও হায়দাৰী আৰু ছ’চিয়েল মিডিয়াত চৰ্চিত প্ৰেমিকৰ সৈতে ভাইৰেল হৈছে এই ভিডিঅ’ (Aditi Rao Hydari Rumoured Boyfriend) ৷ কিন্তু কোন হয় অভিনেত্ৰীগৰাকীৰ এইগৰাকী প্ৰেমিক ?

চৰ্চিত প্ৰেমিকজন হৈছে অভিনেতা সিদ্ধাৰ্থ ৷ শেহতীয়াকৈ সিদ্ধাৰ্থৰ সৈতে অদিতি ৰাওৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ উল্লেখ্য যে, দুয়োগৰাকীয়ে নিজৰ সম্পৰ্কক লৈ আজিলৈকে একো ৰাজহুৱা মন্তব্য কৰা নাই ৷ কিন্তু তেওঁলোকৰ অনুৰাগীয়ে তেওঁলোকক প্ৰেমিক-প্ৰেমিকা বুলি গণ্য কৰে ৷ ইফালে দুয়োৰে এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত দুয়োকে তামিল ছবি এনিমেৰ গীতত নৃত্য কৰি থকা দেখা গৈছে । এই ভিডিঅ’ৰ পিচতে অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে (Aditi Rao Hydari and Siddharth Dance Video)।

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ সিদ্ধাৰ্থৰ সৈতে নৃত্য কৰা দেখা গৈছে । দুয়োৰে এই ৰিল ভিডিঅ’ দক্ষিণৰ গীতত ৰেকৰ্ড কৰা হৈছে ৷ ভিডিঅ’টোত অদিতিক প্ৰিন্টটেট শ্বাৰাৰা পৰিধান কৰা পৰিলক্ষিত হৈছে ৷ NO মেকআপ লুকৰ বাবে অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰিছে অনুৰাগীয়ে ৷ আনহাতে সিদ্ধাৰ্থক ক’লা টি-চাৰ্টৰ সৈতে নীলা ডেনিমত দেখা পোৱা গৈছে । এই ভিডিঅ’টোত দুয়োৰে আটক ধুনীয়া নৃত্যই আপ্লুত কৰি তোলে অনুৰাগীসকলক (Aditi Rao Hydari) ৷

দুয়োৰে সন্দৰ্ভত অনুৰাগীসকলৰ প্ৰশ্ন

অভিনেত্ৰী অদিতি আৰু সিদ্ধাৰ্থৰ ভিডিঅ’টো দেখি অনুৰাগীসকল প্ৰশংসা কৰাৰ লগতে প্ৰশ্নও উত্থাপন কৰিছে (Aditi Rao Hydari) ৷ দুয়োৰে ডেটিংৰ উৰাবাতৰি সন্দৰ্ভত এজন অনুৰাগীয়ে তেওঁলোকৰ বিয়াৰ তাৰিখৰ বিষয়ে সুধিছে । আনজন অনুৰাগীয়ে আকৌ ডেটিং কৰাৰ কথাটো সঁচা নে বুলি প্ৰশ্ন কৰিছে । ইফালে আন একাংশই আকৌ একো প্ৰশ্ন নকৰাকৈয়ে দুয়োৰে নৃত্যৰ প্ৰশংসা কৰিছে (Rang De Basanti) ৷

উল্লেখ্য যে, ২০২১ চনত অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থই মহা সমুদ্ৰমত একেলগে কাম কৰিছে ৷ ইয়াৰ পিচত দুয়োকে বাহিৰত কেইবাৰো দেখা পোৱা গৈছিল ৷ অৱশ্যে এতিয়ালৈকে দুয়োগৰাকীয়ে এই সন্দৰ্ভত একো আনুষ্ঠানিক মত পোষণ কৰা নাই (Siddharth and Aditi Rao Hydari) ।

লগতে পঢ়ক: Samantha Ruth Prabhu Injured : শ্বুটিঙত কেনেকৈ আঘাতপ্ৰাপ্ত হ’ল সামান্থা ৰুথ প্ৰভু ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.