চিটাৰা ডেস্ক, 30 নৱেম্বৰ: অভিনেতা ৰণবীৰ কাপুৰ যোৱা কিছু দিন ধৰি তেওঁৰ আগন্তুক ছবি ‘এনিমেল’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । এই ছবিখনক লৈ অনুৰাগীৰ মাজতো যথেষ্ট উচাহ দেখা পোৱা গৈছে । যাৰ বাবে অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে ‘এনিমেল’ৰ মুক্তিৰ বাবে ।
ইয়াৰ মাজতে এতিয়া ‘এনিমেল’ৰ মৰ্নিং শ্ব’ৰ সন্দৰ্ভত এক ডাঙৰ খবৰ আহিছে । যাৰ ফলত অনুমান কৰা হৈছে যে ৰণবীৰৰ ছবিখনে শ্বাহৰুখ খানৰ ‘পাঠান আৰু জৱান’ৰ দৰেই গতি লাভ কৰিব ।
কেতিয়া আৰম্ভ হ’ব ‘এনিমেল’ৰ শ্ব’ ?
বৰ্তমান সময়ত ‘এনিমেল’ৰ মুক্তিক লৈ যথেষ্ট চৰ্চা চলি আছে । এই ছবিখনৰ সৈতে জড়িত শেহতীয়া আপডেটসমূহ জানিবলৈ আগ্ৰহী হৈ পৰিছে অনুৰাগী । ইফালে বাণিজ্য বিশ্লেষক সুমিত কাডেলে ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ৰ মৰ্নিং শ্ব’ৰ শেহতীয়া তথ্য শ্বেয়াৰ কৰিছে ।
সুমিতে এক্স একাউন্টত পোষ্ট শ্বেয়াৰ কৰি কয় যে পুৱা ৬-৭ বজাৰ পৰা আৰম্ভ হ’ব এনিমেলৰ মৰ্নিং শ্ব’ । সুমিতে লিখিছে, ‘‘আমি দক্ষিণত কৰাৰ দৰেই পুৱাৰ শ্ব’বোৰ সমগ্ৰ ভাৰততে আৰম্ভ হৈছিল FRONT LOADED HINDI FILMS ৰ বাবে । #পাঠানে পুৱা ৫-৬ বজাত পুৱাৰ শ্ব’ৰ জৰিয়তে এই ধাৰাটো আৱিষ্কাৰ কৰিছিল । #আদিপুৰুষ #জৱান #টাইগাৰ৩ ইয়াক আগুৱাই লৈ গৈছিল । এতিয়া #Animal এ ইয়াক অব্যাহত ৰাখিছে কাৰণ সমগ্ৰ ভাৰততে এনিমেলৰ পুৱা ৬-৭ শ্ব’ আৰম্ভ হ’ব । কেৱল EXCITING CONTENT & SUPERSTARS য়েহে পুৱাই চিনেমা হলত দৰ্শক আনিব পাৰে ।’’
-
Early morning shows like we have in South started across India for FRONT LOADED HINDI FILMS. #Pathaan invented this trend with 5-6 am early morning shows. #Adipurush #Jawan #Tiger3 repeated it.
— Sumit Kadel (@SumitkadeI) November 29, 2023 " class="align-text-top noRightClick twitterSection" data="
Now #Animal continues it as it’ll have 6-7 Am shows across India.
I am… pic.twitter.com/QDUj92uNQ8
">Early morning shows like we have in South started across India for FRONT LOADED HINDI FILMS. #Pathaan invented this trend with 5-6 am early morning shows. #Adipurush #Jawan #Tiger3 repeated it.
— Sumit Kadel (@SumitkadeI) November 29, 2023
Now #Animal continues it as it’ll have 6-7 Am shows across India.
I am… pic.twitter.com/QDUj92uNQ8Early morning shows like we have in South started across India for FRONT LOADED HINDI FILMS. #Pathaan invented this trend with 5-6 am early morning shows. #Adipurush #Jawan #Tiger3 repeated it.
— Sumit Kadel (@SumitkadeI) November 29, 2023
Now #Animal continues it as it’ll have 6-7 Am shows across India.
I am… pic.twitter.com/QDUj92uNQ8
মন কৰিবলগীয়া যে দেশৰ আন ৰাজ্যৰ তুলনাত উত্তৰ ভাৰত বিশেষকৈ দিল্লী-এনচিআৰত বৰ্তমান পুৱাৰ ভাগত শীতৰ প্ৰকোপ অত্যধিক বৃদ্ধি পাইছে । এনে পৰিস্থিতিত অনুৰাগীয়ে এনিমেল চাবলৈ পুৱাই ছবিগৃহত উপস্থিত হ’ব নে নহয় সেয়া হ’ব লক্ষণীয় বিষয় ৷ কিন্তু ছবিখনৰ বাবে যিদৰে অগ্ৰিম বুকিং হৈছে তাৰ পৰা ক’ব পাৰি যে শীতকো নেওচি পুৱাই ছবিগৃহত ভিৰ কৰিব অনুৰাগীয়ে ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, এইবছৰত মুক্তি পোৱা শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ৰ পৰাই আলি মৰ্নিং চিনেমা শ্ব’ৰ ট্ৰেণ্ড আৰম্ভ হৈছিল । ইয়াৰ পিচত এই ধাৰা অব্যাহত ৰাখিছিল ‘আদিপুৰুষ, জৱান আৰু টাইগাৰ ৩’ য়ে । এতিয়া এই ক্ষেত্ৰত এনিমেলৰ নামো অন্তৰ্ভুক্ত হৈছে ।
কাইলৈ মুক্তি পাব ‘এনিমেল’
কাইলৈ অৰ্থাৎ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব এনিমেল । এই ছবিখনত ৰণবীৰ কাপুৰৰ উপৰিও ৰশ্মিকা মন্দন্না, অনিল কাপুৰ আৰু ববি দেওলে মুখ্য চৰিত্ৰত দেখা যাব ।
লগতে পঢ়ক: মুক্তিৰ পূৰ্বেই এনিমেলে কৰিলে কোটি কোটি টকাৰ ব্যৱসায়