ETV Bharat / entertainment

মুক্তিৰ পূৰ্বেই এনিমেলে কৰিলে কোটি কোটি টকাৰ ব্যৱসায় - ছবি এনিমেল

Animal Advance Booking Report: ৰণবীৰ কাপুৰৰ আগন্তুক ছবি ‘এনিমেল’ মুক্তিৰ পূৰ্বেও যথেষ্ট চৰ্চা লাভ কৰিছে । ছবিখনৰ প্ৰথম দিনৰ শ্ব’ চাবলৈ হেতা-ওপৰা লাগিছে অনুৰাগীৰ ৷ সেয়েহে বাম্পাৰ অগ্ৰিম টিকট বুকিং কৰা হৈছে ছবিখনৰ ।

Ranbir Kapoor Starrer film Animal First Day Advance Booking Report
পূৰ্ণ গতিত চলি আছে 'এনিমেল'ৰ অগ্ৰিম বুকিং
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 2:21 PM IST

চিটাৰা ডেস্ক, 29 নৱেম্বৰ: বৰ্তমান চৰ্চাত সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনা আৰু ৰণবীৰ কাপুৰৰ অভিনীত ছবি ‘এনিমেল’ । ছবিখনৰ জোৰদাৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচৰে পৰা অনুৰাগীয়ে ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে । ইফালে ‘এনিমেল’ৰ প্ৰথম দিনৰ শ্ব’ চাবলৈ হেতা-ওপৰা লাগিছে দৰ্শকৰ আৰু ইয়াৰ বাবেই ছবিখনৰ বাম্পাৰ অগ্ৰিম বুকিং কৰা হৈছে । 'এনিমেল' ছবিখনে এতিয়ালৈকে প্ৰি-টিকট বিক্ৰীত কিমান উপাৰ্জন কৰিছে জানি লওক এই প্ৰতিবেদনত ।

পূৰ্ণ গতিত চলি আছে 'এনিমেল'ৰ অগ্ৰিম বুকিং

ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ মুক্তিৰ পূৰ্বেই ঢৌ তুলিছে । যোৱা সপ্তাহৰ শেষৰ ফালে আৰম্ভ হৈছিল ‘এনিমেল’ৰ অগ্ৰিম টিকট বুকিং আৰু প্ৰি-টিকট বিক্ৰীত দৰ্শকৰ পৰা উৎকৃষ্ট সঁহাৰি লাভ কৰিছে । ছবিখনৰ প্ৰথম দিনটোৰ বাবে বাম্পাৰ এডভান্স বুকিং কৰা হৈছে আৰু ইয়াৰ লগে লগে মুক্তিৰ পূৰ্বেই ছবিখনে বৃহৎ ব্যৱসায় কৰিছে ।

  • SACNILC ৰ প্ৰতিবেদন অনুসৰি এতিয়ালৈকে সকলো ভাষাতে ‘Animal’ ৰ ৫ লাখ ৪০ হাজাৰ ৭৮ টা টিকট বিক্ৰী হৈছে ।
  • ইয়াৰ লগে লগে মুক্তিৰ পূৰ্বেই এনিমেলে ১৩ কোটি ৯৫ লাখ টকা উপাৰ্জন কৰিছে ।

ৰণবীৰ কাপুৰৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ অ’পেনাৰ হিচাপে পৰিগণিত হ’ব ‘এনিমেল’

'এনিমেল'ৰ এডভান্স টিকট বুকিং ৰিপৰ্ট অতি উত্তম । ‘এনিমেল’ৰ চাহিদা ইমানেই বেছি যে একাংশ থিয়েটাৰে পুৱা ৭:৩০ বজাৰ পৰা শ্ব’ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে । ইফালে ‘এনিমেল’ ৰণবীৰ কাপুৰৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ অ’পেনাৰ ছবি হ’ব বুলি দাবী কৰিছে বাণিজ্য বিশেষজ্ঞসকলে । এতিয়া লক্ষণীয় হ’ব বক্স অফিচত ছবিখনে অভিলেখ গঢ়িব পাৰিব নে নাই ৷

সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছে ‘এনিমেল’

ৰণবীৰ কাপুৰৰ উপৰিও ববি দেওল, ৰশ্মিকা মন্দন্না, অনিল কাপুৰ, ত্ৰুপ্তি ডিমৰি, শক্তি কাপুৰ, সুৰেশ ওবেৰয়কে ধৰি বহু অভিনেতাই সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ‘এনিমেল’ ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনৰ সংগীতো অনুৰাগীয়ে যথেষ্ট পছন্দ কৰিছে । এই ছবিখন ১ ডিচেম্বৰত হিন্দী, তেলুগু, তামিল, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি পাব ।

লগতে পঢ়ক: ৩০০ কোটিৰ সীমা অতিক্ৰম কৰাটো কঠিন হৈ পৰিছে টাইগাৰ ৩ৰ বাবে, ১৭ দিনৰ সংগ্ৰহ জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.