ETV Bharat / entertainment

Raju Srivastava on ventilator: ভেণ্টিলেটৰত ৰখা হৈছে কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱক - কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ বাতৰি

বিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ ১০ আগষ্টত হৃদ ৰোগত আক্ৰান্ত হৈছিল আৰু এতিয়া খবৰ আহিছে যে তেওঁৰ অৱস্থা সংকটজনক আৰু তেওঁক ভেণ্টিলেটৰত ৰখা হৈছে (Raju Srivastava in AIIMS)।

Raju Srivastava
ভেণ্টিলেটৰত ৰখা হৈছে কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱক
author img

By

Published : Aug 11, 2022, 11:49 AM IST

চিটাৰা ডেস্ক, 11 আগষ্ট : টিভি আৰু চলচ্চিত্ৰ জগতৰ বিখ্যাত কমেডিয়ান তথা অভিনেতা ৰাজু শ্ৰীবাস্তৱ ১০ আগষ্টত হৃদ ৰোগত আক্ৰান্ত হয় । ততাতৈয়াকৈ ৰাজুক ৰাজধানী দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি কৰোৱা হয় (Raju Srivastava on ventilator)। এতিয়া কমেডিয়ানজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁক ভেণ্টিলেটৰত ৰখা হৈছে । ৰাজুৰ এঞ্জিঅ’গ্ৰাফী কৰাৰ সময়ত হৃদপিণ্ডৰ এটা বৃহৎ অংশত ১০০% ব্লকেজ পোৱা গৈছিল ।

জিমত ৱৰ্কআউট কৰি থাকোঁতে হাৰ্ট এটেক আহিছিল তেওঁৰ । সেই সময়ত ট্ৰেডমিলত দৌৰি থাকোঁতে তেওঁ তলত ঢলি পৰে । ইয়াৰ পিছত ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় । ৰাজুৰ হাৰ্ট এটেক হোৱা খবৰটো নিশ্চিত কৰিছে তেওঁৰ ভাতৃ আৰু পি আৰ অ’ই (Raju Srivastava Heart Attack) ।

তাৎপৰ্যপূৰ্ণভাৱে ৫৯ বছৰীয়া ৰাজু শ্ৰীবাস্তৱক দুদিনৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ৰখা হ’ব (Raju Srivastava in AIIMS) ৷ ৰাজধানী দিল্লীৰ এইমছ হাস্পতালৰ কাৰ্ডিয়াক কেয়াৰ ইউনিটত ৰাজু শ্ৰীবাস্তৱক ৰখা হৈছে ৷ চিকিৎসকৰ এটা বিশেষ দলে চিকিৎসা কৰি আছে তেওঁৰ । ৰাজুৰ এঞ্জিঅ’গ্ৰাফীও কৰা হৈছিল, য’ত তেওঁৰ হৃদযন্ত্ৰৰ এটা বৃহৎ অংশত ১০০% ব্লকেজ পোৱা গৈছে । চিকিৎসকে সদৰী কৰা মতে এই মূহুৰ্তত ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা অতি সংকটজনক আৰু সেইবাবেই তেওঁক ভেণ্টিলেটৰৰ সহায়ত ৰখা হৈছে ।

Gajodhar Bhaiya’ নামেৰে জনপ্ৰিয় ৰাজুৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে তেওঁ দেশৰ এজন বিখ্যাত ষ্টেণ্ড আপ কমেডিয়ান । প্ৰথমবাৰৰ বাবে তেওঁক ‘Tezaab’ (১৯৮৮) ছবিখনত দেখা গৈছিল । ইয়াৰ পিছতে ৰাজুক ছলমান খানে বলীউডত আত্মপ্ৰকাশ কৰা ছবি ‘Maine Pyar Kiya’ (১৯৮৯), শ্বাহৰুখ খান, কাজোল আৰু শিল্পা শ্বেট্টীৰ অভিনীত ‘Baazigar’ (১৯৯৩), গোবিন্দাৰ ছবি ‘Aamdani Atthanni Kharcha Rupaiya’ত ( ২০০১) আৰু দেশৰ এক নম্বৰ কমেডিয়ান কপিল শৰ্মা অভিনীত ছবি ‘Firangi’ (২০১৭)ত বিশেষ চৰিত্ৰত দেখা গৈছিল ।

টিভি ধাৰাবাহিকৰ বিষয়ে ক’বলৈ গ’লে তেওঁক প্ৰথমবাৰৰ বাবে দেখা গৈছিল ১৯৯৪ চনত দূৰদৰ্শনত প্ৰচাৰিত হোৱা কমেডী শ্ব’ ‘টি টাইম মনোৰঞ্জন’ত । ইয়াৰ পিছতে ৰাজুৱে ‘দ্য গ্ৰেট ইণ্ডিয়ান ল’টাৰ চেলেঞ্জ’ নামৰ কমেডী শ্ব’টোৰে দৰ্শকক বহুত আমোদ প্ৰদান কৰিছিল ৷ ইয়াৰ জৰিয়তে ৰাজু শ্ৰীবাস্তৱে কমেডীৰ জগতখনত এটা নতুন পৰিচয় লাভ কৰিলে ।

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান ‘বিগবছ’ৰ ছিজন ৩ (২০০৯)ত ৰাজুক প্ৰতিযোগী হিচাপে দেখা গৈছিল ।

লগতে পঢ়ক : Shilpa Shetty age: এক্সন দৃশ্যগ্ৰহণৰ সময়ত আহত শিল্পা শেট্টী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.