ETV Bharat / entertainment

Rajinikanth: শ্বাহৰুখ ছলমান নহয়, ৰজনীকান্ত ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক লোৱা অভিনেতা, জেইলাৰৰ বাবে কিমান লৈছিল ধন ? - জেইলাৰ

ৰজনীকান্তৰ শেহতীয়া মুক্তিৰ ছবি ‘জেইলাৰ’ উপাৰ্জনে সকলো অভিলেখ ভংগ কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰজনীকান্তে এই ছবিখনৰ বাবে বৃহৎ মাচুল লাভ কৰিছে আৰু তেওঁ দেশৰ আটাইতকৈ ব্যয়বহুল অভিনেতা হিচাপে পৰিগণিত হৈছে ।

Rajinikanth becomes 'India's highest-paid actor' as Jailer's profit sharing cheque takes remuneration total to 'Rs 210 cr'
ৰজনীকান্ত সৰ্বাধিক মাচুল পোৱা অভিনেতা
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 4:22 PM IST

Updated : Sep 1, 2023, 5:15 PM IST

চিটাৰা ডেস্ক, 1 ছেপ্টেম্বৰ: দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত বৰ্তমান কোনো পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয় ৷ কেইবা দশক ধৰি নিজৰ ব্যতিক্ৰম শৈলীৰে নিজৰ এক সুকীয়া নাম বনাবলৈ সক্ষম হৈছে ছুপাৰষ্টাৰগৰাকীয়ে ৷ সেয়েহে, ৰজনীকান্তৰ ছবিৰ কাৰণে অপেক্ষা কৰি থাকে অনুৰাগী ৷ শেহতীয়াকৈ মুকলি হৈছিল ছুপাৰষ্টাৰগৰাকীৰ ছবি ‘জেইলাৰ’ ৷ জেইলাৰ মুক্তিৰ পিচতে সমগ্ৰ বিশ্বতে ছবিখনে আলোড়নৰ সৃষ্টি কৰিছে । ১০ আগষ্টত মুক্তি পোৱা জেইলাৰৰ উপাৰ্জন এতিয়াও অব্যাহত আছে বক্স অফিচত । এই ছবিখনে সকলো অভিলেখ ভংগ কৰি বিশ্বজুৰি প্ৰায় ৬০০ কোটি টকা উপাৰ্জন কৰিছে। ইফালে ছবিখনৰ নায়ক ৰজনীকান্তৰ মাচুল সন্দৰ্ভত এটা ডাঙৰ কথা প্ৰকাশ হৈছে ৷ যিটো শুনিলে হতবাক হ’ব আপুনি ।

ভাৰতৰ আটাইতকৈ বেছি মাচুল অভিনেতা হিচাপে পৰিগণিত হ’ল ৰজনীকান্ত

হয়, এই তথ্য চলচ্চিত্ৰ উদ্যোগৰ ট্ৰেকাৰ মনোবালা বিজয়নে তেওঁৰ টুইটাৰ একাউন্টৰ জৰিয়তে দিছে । টুইটত ৰজনীকান্তৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছে- ‘তথ্য লাভ কৰা হৈছে যে কলানিধি মাৰাণে ৰজনীকান্তক দিয়া এই চেকখনৰ মূল্য ১০০ কোটি টকা । এই চেকটো জেইলাৰৰ লাভৰ ভাগ। ইয়াৰ উপৰিও ইতিমধ্যে ৰজনীকান্তই ছবিখনৰ মাচুল লাভ কৰিছে, যিটো ১১০ কোটি টকা । মুঠতে ছুপাৰষ্টাৰগৰাকীয়ে জেইলাৰৰ বাবে লাভ কৰিছে ২১০ কোটি টকা । এইদৰেই ৰজনীকান্তৰ নাম এতিয়া দেশৰ অন্যতম ব্যয়বহুল অভিনেতা হিচাপে পৰিগণিত হৈছে।’ অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ পোৱা নাই এই সন্দৰ্ভত ।

  • Info coming in that, the envelope handed over by Kalanithi Maran to superstar #rajinikanth contains a single cheque amounting ₹1⃣0⃣0⃣ cr from City Union Bank, Mandaveli branch, Chennai.

    This is a #Jailer profit sharing cheque which is up & above the already paid… pic.twitter.com/I6TF6p4SvL

    — Manobala Vijayabalan (@ManobalaV) August 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">
  • Yet another day,
    Yet another proof that #Beast is disaster.

    No cheque was given after Beast release to Joseph Vijay.

    But,
    Superstar #Rajinikanth received profit sharing cheque of ₹100 crores for #Jailer.

    The facts of real SUCESS speaks for itself.

    At the same time, Nelson… pic.twitter.com/p3Jn0Du6go

কিমান হৈছিল ছবিখনৰ উপাৰ্জন

জেইলাৰে অক্ষয় কুমাৰৰ ‘অ’ মাই গড ২’ আৰু ছানী দেওলৰ ‘গদৰ ২’ ছবিকো পৰাস্ত কৰিছে । হয়, এই দুখন ছবিৰ এদিন পূৰ্বে মুক্তি পোৱা জেইলাৰে এতিয়ালৈকে ভাৰতত মুঠ ৩২৮.২০ কোটি টকা উপাৰ্জন কৰিছে। একে সময়তে এই ছবিখনে বিশ্বজুৰি ৫৭২.৮ ব্যৱসায় কৰিছে ।

উল্লেখ্য যে ৰজনীকান্তৰ বাহিৰেও ছবিখনত তামান্না ভাটিয়া, ৰাম্যা কৃষ্ণন, বসন্ত ৰবি আৰু বিনায়কে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । জেইলাৰ ছবিখনত কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছে মোহনলাল, জেকী শ্ৰফ আৰু শিৱ ৰাজকুমাৰে ।

লগতে পঢ়ক: Rajinikanth: মুখ্যমন্ত্ৰী যোগীৰ পিচত অখিলেশ যাদৱক সাক্ষাৎ ৰজনীকান্তৰ, মায়াৱতীকো সাক্ষাৎ কৰিব নেকি ৰজনীকান্তে ?

Last Updated : Sep 1, 2023, 5:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.