ETV Bharat / entertainment

অভিনেতা জগদীশ প্ৰতাপক গ্ৰেপ্তাৰ, আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ - অভিনেতা জগদীশ বান্দাৰীক গ্ৰেপ্তাৰ

Pushpa Actor Jagdish Bandari Arrested: পুষ্পা খ্যাত অভিনেতা জগদীশক গ্ৰেপ্তাৰ কৰিছে হায়দৰাবাদ আৰক্ষীয়ে । আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ গ্ৰেপ্তাৰ কৰিছে জগদীশক । বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ।

Pushpa Actor Jagdish Bandari Arrested by Hyderabad Police
পুষ্পা খ্যাত অভিনেতা জগদীশক গ্ৰেপ্তাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 11:12 AM IST

চিটাৰা ডেস্ক, ৭ ডিচেম্বৰ: দক্ষিণ ছবিজগতৰ পৰা আহিছে এটা চাঞ্চল্যকৰ খবৰ । পঞ্জাগুটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেতা জগদীশ প্ৰতাপ বান্দাৰীক । জগদীশ প্ৰতাপ বান্দাৰীক চিনি পাইছে নে ? ব্লকবাষ্টাৰ প্যান ইণ্ডিয়া একচন ড্ৰামা পুষ্পা দ্য ৰাইজত আল্লু অৰ্জুনৰ বন্ধু কেশৱৰ চৰিত্ৰত অভিনয় কৰি জগদীশে খ্যাতি অৰ্জন কৰিছিল । পুষ্পা খ্যাত অভিনেতা জগদীশৰ বিৰুদ্ধে আত্মহত্যাৰ উচটনি দিয়াৰ অভিযোগ ।

দৰাচলতে ৩০ বছৰীয়া জগদীশ প্ৰতাপে এজন কনিষ্ঠ শিল্পীৰ সৈতে লিভ ইন ৰিলেশ্যনত বাস কৰিছিল । কিন্তু ২৯ নৱেম্বৰত যুৱতীগৰাকীয়ে আত্মহননৰ পথ বাছি লয় । ইয়াৰ পিচতে মৃতকৰ পৰিয়ালৰ লোকে মহিলাগৰাকীৰ মৃত্যুৰ বাবে জগদীশক জগৰীয়া কৰে । অভিযোগ আৰু তদন্তৰ ভিত্তিত বুধবাৰে পুষ্পা খ্যাত অভিনেতাজনক ৩০৬ ধাৰাত গ্ৰেপ্তাৰ কৰা হয় । মৃত যুৱতীগৰাকীও এগৰাকী শিল্পী আছিল আৰু কিছুমান চুটি ছবিত কাম কৰিছিল।

যুৱতীগৰাকীক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ জগদীশৰ বিৰুদ্ধে

২৯ নৱেম্বৰত আত্মহত্যা কৰিছিল যুৱতীগৰাকীয়ে। আৰক্ষীৰ তদন্তৰ সময়ত পঞ্জাগুটা আৰক্ষীয়ে তথ্য লাভ কৰে যে জগদীশে মৃত যুৱতীগৰাকীৰ এটা ভিডিঅ’ ক্লিপ বনাইছিল । অভিযোগ অনুসৰি জগদীশে যুৱতীগৰাকীক ব্লেকমেইল কৰি ব্যক্তিগত ফটো ইণ্টাৰনেটত পোষ্ট কৰাৰ ভাবুকি দিছিল, তাৰ পিচতে যুৱতীগৰাকীয়ে নিজৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে । মহিলাগৰাকীৰ মৃত্যুৰ পিচৰে পৰা পলাতক হৈ আছিল জগদীশ ৷ কিন্তু আৰক্ষীৰ পৰা নো কেনেকৈ সাৰি যাব পাৰিব আৰু অৱশেষত আৰক্ষীয়ে অভিনেতাজনক গ্ৰেপ্তাৰ কৰে । বৰ্তমান আৰক্ষীয়ে অভিনেতাজনক ৰিমাণ্ডত প্ৰেৰণ কৰিছে । বৰ্তমান সমগ্ৰ বিষয়টোৰ তদন্তত ব্যস্ত হৈ পৰিছে আৰক্ষী । অৱশ্যে এই আত্মহত্যাত জগদীশৰ হাত আছে নে নাই সেয়া পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ অন্তত হে ৷

জগদীশৰ ৱৰ্ক ফ্ৰন্ট

কৰ্মক্ষেত্ৰত জগদীশক শেষবাৰৰ বাবে দেখা গৈছিল মিথ্ৰি মুভি মেকাৰছৰ সৰু বাজেটৰ নাটক সত্তী গনী ৰেণ্ডু য়েকাৰালুত । অতি সোনকালে তেওঁক নিথিইন আৰু শ্ৰীলীলাৰ এক্সট্ৰা অৰ্ডিনেৰী মেন আৰু অতি সোনকালে মুক্তি পাবলগীয়া গ্ৰাম্য নাটক, আম্বাজিপেটা মেৰেজ বেণ্ডত দেখা যাব ।

লগতে পঢ়ক: চতুৰ্থ পৰ্যায়ৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত জুনিয়ৰ মেহমুদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.