চিটাৰা ডেস্ক, 18 জানুৱাৰী : বলীউডৰ দেশী গাৰ্ল তথা গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰা আৰু হলীউডৰ গায়ক তথা অভিনেতা নিক জোনাছে তেওঁলোকৰ জীয়েকৰ দ্বিতীয় জন্মদিন অতি ধুমধামেৰে উদযাপন কৰে । মালতী মেৰী জোনাছ এতিয়া দুবছৰীয়া হ’ল আৰু এই বিশেষ দিনটোত পিতৃ-মাতৃ নিক আৰু প্ৰিয়ংকা সন্তানক লগত লৈ মন্দিৰত উপস্থিত হয় ৷ তেওঁলোকৰ লগত প্ৰিয়ংকা চোপ্ৰাৰ মাতৃ মধু চোপ্ৰায়ো মন্দিৰ দৰ্শন কৰে ৷ প্ৰিয়ংকাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে আৰু অনুৰাগীসকলক মন্দিৰত উপস্থিত হোৱা কণমানি সন্তানৰ এক সুন্দৰ আভাস দেখুৱাইছে ।
আপোনালোকক জনাওঁ যে, প্ৰিয়ংকা-নিকৰ সন্তান মালতী মেৰী চোপ্ৰা জোনাছে ১৫ জানুৱাৰীত দুবছৰীয়া জন্মদিন উদযাপন কৰে ৷ এই বিশেষ দিনটোত দেশী গাৰ্ল আৰু তেওঁৰ স্বামী নিক জোনাছক তেওঁলোকৰ কন্যা সন্তানৰ সৈতে যথেষ্ট আনন্দ কৰা দেখা গৈছে৷ সামাজিক মাধ্যমত যাৰ এক আভাস দেখুৱাইছে প্ৰিয়ংকাই ।
প্ৰিয়ংকাই ছবিবোৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি কেপচনত লিখিছিল, ‘তেওঁ আমাৰ বাবে অতি বিশেষ আৰু তেওঁ সম্পূৰ্ণ দুবছৰীয়া হৈছে ।’ শ্বেয়াৰ কৰা ছবিবোৰৰ মাজত এখন ছবিত মালতীক বগা ৰঙৰ পোছাক পিন্ধা দেখা গৈছে । লগতে ডিঙিত এডাল ডাঙৰ ফুলৰ মালাও পিন্ধিছে বাৰ্থডে’ গাৰ্লে ৷ মালতীৰ ফটোখনৰ পৰা চকু আঁতৰাই নিব পৰা নাই অনুৰাগীয়ে, কাৰণ পোছাক আৰু মালাৰ সৈতে মালতীয়ে সৰুকৈ ফোঁট এটাও লৈছে, যিয়ে তাইৰ সৌন্দৰ্য অতুলনীয় কৰি তুলিছে ৷
শ্বেয়াৰ কৰা এখন ছবিত প্ৰিয়ংকাই মালতীক কোলাত লৈ মন্দিৰত থিয় হৈ থকা দেখা গৈছে । একে সময়তে এজন পুৰোহিতে পূজা কৰা দেখা গৈছে । দ্বিতীয়খন ছবিত নিকৰ কোলাত মালতীক দেখা গৈছে আৰু প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাকো তেওঁৰ লগত থিয় হৈ থকা দেখা গৈছে । প্ৰিয়ংকা আৰু নিকে ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে জন্মদিন উদযাপন কৰা দেখা গৈছে ।
লগতে পঢ়ক : এনেদৰে সিদ্ধাৰ্থ মালহোত্ৰাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে কিয়াৰা আদৱানীয়ে