চিটাৰা ডেস্ক, 29 অক্টোবৰ: বলীউডৰ কুইন কংগনা ৰানাৱট আৰু বিতৰ্ক এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ প্ৰায়ে নিজৰ বক্তব্যৰ বাবে চৰ্চাত থাকে অভিনেত্ৰীগৰাকী ৷ কংগনা ৰানাৱটে সকলো বিষয়তে নিজৰ মতামত প্ৰকাশ কৰা দেখা যায় । অৱশ্যে এইকেইদিন অভিনেত্ৰীগৰাকী তেওঁৰ ছবি ‘তেজস’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । ২৭ অক্টোবৰত মুক্তি লাভ কৰিছিল কংগনাৰ এই ছবিখন ৷ কিন্তু ছবিখন মুক্তিৰ তিনিদিন নৌহওঁতেই বক্স অফিচত ধৰাশায়ী হ’ল ।
শেহতীয়াকৈ কংগনাই এটা ভিডিঅ’ যোগে অধিক সংখ্যক লোকক থিয়েটাৰলৈ গৈ ছবিখন চাবলৈ আহ্বান জনাইছিল । অভিনেত্ৰীগৰাকীয়ে কয় যে ছবিখনে ইতিবাচক সঁহাৰি লাভ কৰিছে । কিন্তু এই ভিডিঅ’টোৰ পিচতে অভিনেত্ৰীগৰাকীক ছ’চিয়েল মিডিয়া ব্যাপকভাৱে সমালোচনা কৰা পৰিলক্ষিত হৈছে । কিন্তু যিহেতু তেওঁ কংগনা, গতিকে এই সন্দৰ্ভত কেনেকৈনো তেওঁ মনে মনে থাকিব । সমালোচনা কৰা সকলক উভতি ধৰে কংগনাই ।
-
India has got Independence just recently in 2014… please wait ..it will pick up.. #justasking https://t.co/1bb303NivF
— Prakash Raj (@prakashraaj) October 28, 2023 " class="align-text-top noRightClick twitterSection" data="
">India has got Independence just recently in 2014… please wait ..it will pick up.. #justasking https://t.co/1bb303NivF
— Prakash Raj (@prakashraaj) October 28, 2023India has got Independence just recently in 2014… please wait ..it will pick up.. #justasking https://t.co/1bb303NivF
— Prakash Raj (@prakashraaj) October 28, 2023
কি কৈছিল কংগনাই ?
আচলতে ভিডিঅ’টো শ্বেয়াৰ কৰি কংগনাই ‘তেজস’ ছবিখন থিয়েটাৰত চাবলৈ অনুৰাগীক আহ্বান জনাইছিল । লগতে ভিডিঅ’টো শ্বেয়াৰ কৰি এটা কেপচনো লিখিছিল, ‘‘ক’ভিডৰ আগতেই থিয়েটাৰলৈ যোৱা দৰ্শকৰ সংখ্যা বিপুলভাৱে হ্ৰাস পাইছিল, কিন্তু ক’ভিডৰ পিচত পৰিস্থিতি আৰু অধিক বেয়ালৈ গতি কৰে । বহুত থিয়েটাৰ বন্ধ হৈ আছে । বিনামূলীয়া টিকট আৰু যুক্তিসংগত অফাৰৰ পিচতো দৰ্শকৰ সংখ্যা হ্ৰাস পাইয়েই আছে । ৰাইজক চিনেমা হলত চিনেমা চাবলৈ আৰু পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে উপভোগ কৰিবলৈ অনুৰোধ জনালো ৷ অন্যথা তেওঁলোক (থিয়েটাৰ) জীয়াই থাকিব নোৱাৰিব ।’’
প্ৰকাশ ৰাজে ট্ৰ’ল কৰিলে কংগনাক
এই ভিডিঅ’টোৰ পিচতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কংগনাক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে । কেৱল এয়াই নহয়, দক্ষিণ উদ্যোগৰ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজেও অভিনেত্ৰীগৰাকীৰ সমালোচনা কৰে । অভিনেত্ৰীগৰাকীৰ ভিডিঅ’টোৰ ওপৰত তেওঁ মন্তব্য কৰি কয় যে, ‘‘২০১৪ চনত ভাৰতে স্বাধীনতা পাইছিল... অলপ ৰ’ব... ক্ৰমান্বয়ে সকলো সলনি হ’ব ।’’
-
All those who are wishing me ill, their lives will be forever miserable because they will have to see my glory every day for the rest of their lives, since I left home at the age of 15 with nothing I am consistently chiseling my own fate and there have been enough evidence that I… https://t.co/DSTFuPb2ha
— Kangana Ranaut (@KanganaTeam) October 29, 2023 " class="align-text-top noRightClick twitterSection" data="
">All those who are wishing me ill, their lives will be forever miserable because they will have to see my glory every day for the rest of their lives, since I left home at the age of 15 with nothing I am consistently chiseling my own fate and there have been enough evidence that I… https://t.co/DSTFuPb2ha
— Kangana Ranaut (@KanganaTeam) October 29, 2023All those who are wishing me ill, their lives will be forever miserable because they will have to see my glory every day for the rest of their lives, since I left home at the age of 15 with nothing I am consistently chiseling my own fate and there have been enough evidence that I… https://t.co/DSTFuPb2ha
— Kangana Ranaut (@KanganaTeam) October 29, 2023
তেওঁলোকৰ জীৱন নৰক হৈ পৰিব- কংগনা
ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীয়ে টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘‘যিসকলে মোৰ বাবে বেয়া কামনা কৰি আছে, তেওঁলোকৰ জীৱন নৰক হৈ পৰিব কাৰণ তেওঁলোকে মোক প্ৰতিদিনে ওপৰলৈ উঠি অহা দেখিব । ১৫ বছৰ বয়সত ঘৰৰ পৰা ওলাই আহিছিলোঁ, যেতিয়া মোৰ হাতত একো নাছিল । মই নিজৰ ভাগ্য নিজে লিখি আছো আৰু বহুত প্ৰমাণ আছে ৷ মহিলা সবলীকৰণ আৰু এই দেশৰ বাবে কিবা এটা কৰিবলৈ মই জন্ম লৈছোঁ ৷ সেইসকল লোকৰ মানসিক স্বাস্থ্যৰ বাবে মই বিচাৰিম যে তেওঁলোকে মোৰ ফেন ক্লাবত যোগদান কৰক । মই বিচাৰো মোৰ শুভাকাংক্ষীসকলে এনে লোকৰ প্ৰতি ভাল আচৰণ কৰক আৰু তেওঁলোকক পথ দেখুৱাওক ।’’
লগতে পঢ়ক: Tejas Collection : 4 খন ফ্লপ ছবি দিয়াৰ পিচত ভাঙি পৰিব নেকি কংগনা ? এতিয়া আন এখন ফ্লপ হোৱাৰ পথত