চিটাৰা ডেস্ক, 23 জুন: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান আমেৰিকা ভ্ৰমণত আছে । ভ্ৰমণকালত আমেৰিকাৰ হোৱাইট হাউচত নিশাৰ আহাৰৰ আয়োজন কৰা হৈছিল । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ সংসদত ভাষণ দিয়ে । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ সম্পৰ্কৰ লগতে ছবিৰ সম্পৰ্কেও উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ প্ৰবীণ পৰিচালক এছ এছ ৰাজামৌলিৰ ব্লকবাষ্টাৰ ছবি ‘আৰ আৰ আৰ’ৰ অস্কাৰ বিজয়ী গীত ‘নাটু-নাটু’ আৰু স্পাইডাৰমেনৰ কথা উল্লেখ কৰে ।
নাটু-নাটু গীতত নৃত্য কৰে আমেৰিকানসকলে
তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যিক নিশাৰ আহাৰ গ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ সংসদত সম্বোধন কৰে । ভাষণত পি এম মোদীয়ে কয় যে ভাৰতৰ শিশুসকলে হেল’ৱিনত মকৰা হৈ ভাল পায়, আনহাতে আমেৰিকাৰ শিশুসকলে অস্কাৰ বিজয়ী গীত নাটু-নাটুত নৃত্য পৰিৱেশন কৰি ভাল পায় ৷ এতিয়া আমেৰিকাৰ সংসদত প্ৰধানমন্ত্ৰী মোদীয়ে নাটু-নাটু গীতৰ কথা উল্লেখ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷
উল্লেখ্য যে, চলিত বৰ্ষত ২০২৩ চনৰ অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত আৰ আৰ আৰ ছবিখনৰ ছুপাৰহিট গীত নাটু-নাটুয়ে শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত অস্কাৰ লাভ কৰি ভাৰতবৰ্ষক গৌৰাৱান্বিত কৰিছিল ৷ একে সময়তে গুণিত মংগা আৰু কাৰ্তিকী গজ্ঞালভেছৰ চুটি তথ্যচিত্ৰ দ্য এলিফেণ্ট হুইছপাৰাৰাৰ্ছেও লাভ কৰিছিল অস্কাৰ বঁটা । এইবাৰ ভাৰতে দুটা অস্কাৰ লাভ কৰে ।
কেৱল এয়াই নহয়, অস্কাৰ অনুষ্ঠানত নাটু-নাটু গীতটোত এক সুন্দৰ নৃত্য পৰিৱেশন কৰা হয় ৷ এইবাৰ অস্কাৰ অনুষ্ঠানত আতঁ ধৰোতা হিচাপে উপস্থিত আছিল বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন ৷ আৰ আৰ আৰ ছবিখনে চলিত বৰ্ষত বিভিন্ন শাখাত পাঁচটাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ।
লগতে পঢ়ক: Suhana Khan : খেতিয়ক হ’ব নেকি শ্বাহৰুখ খানৰ কন্যা ? মুম্বাইত ক্ৰয় কৰিলে কোটি টকা মূল্যৰ কৃষিভূমি
লগতে পঢ়ক: Adipurush: আদিপুৰুষৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়া হ’ল নেপালত, ইয়াৰ পিচত ক্ষুব্ধ মেয়ৰৰ সকীয়নি