ETV Bharat / entertainment

PM Modi On Salman Khan: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত ছলমান খানৰ নাম, কিন্তু কি প্ৰসংগত ?

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 12:46 PM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা শেহতীয়া ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে ছলমান খানৰ কথা অনন্য ৰূপত উল্লেখ কৰা দেখা গৈছে ।

PM Modi introduced Salman khan in Scindia School, Watch
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনন্য ৰূপত ছলমান খানৰ কথা উল্লেখ কৰিলে

চিটাৰা ডেস্ক, 24 অক্টোবৰ: শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ বিখ্যাত গোৱালিয়ৰ সিন্ধিয়া স্কুলৰ ১২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই সময়চোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলিকৈ এই বিদ্যালয়খনৰ লগতে ইয়াত পঢ়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বিষয়ে মুকলিকৈ উল্লেখ কৰে ।

ইফালে ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, এই ভিডিঅ’টোত ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে হিন্দী চিনেমাৰ ছুপাৰষ্টাৰ ছলমান খানৰ নাম অনন্য ৰূপত উল্লেখ কৰা দেখা গৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে ।

এনেদৰে ছলমান খানৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ঐতিহাসিক গোৱালিয়ৰ দুৰ্গৰ ওপৰত নিৰ্মিত সিন্ধিয়া বিদ্যালয়ৰ এই বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিয়ে শিৰোনাম দখল কৰিছিল । এই উপলক্ষে তেওঁৰ ভাষণত এই বিদ্যালয়ৰ কিছুমান জনপ্ৰিয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বিষয়ে আলোচনা কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত ছলমান খানৰ ফেন পেজৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে ।

এই ভিডিঅ’টোত পিএম মোদীয়ে ছলমান খানৰ কথা কোৱা দেখা গৈছে । ভিডিঅ’টোত তেওঁ কৈছে- "আপোনালোকে জানেনে মোৰ সিন্ধিয়া স্কুলৰ প্ৰতি কিয় ইমান বিশ্বাস আছে ? এই স্কুলৰ প্ৰাক্তন ছাত্ৰ কেইজনমানক মই ভালদৰে চিনি পাওঁ । তাৰে এজন হৈছে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, যি আমাৰ লগত এই স্থানত এতিয়া উপস্থিত আছে ।’’

মোদীয়ে লগতে কয়, ‘‘লেফটেনেণ্ট জেনেৰেল মতিধৰ, আমিন ছায়ানী যাৰ কণ্ঠই ৰেডিঅ’ত আমাৰ হৃদয় জয় কৰে আৰু হুৰ্ হুৰ্ দবাং ছলমান খানো আছে । কেৱল এয়াই নহয় মোৰ প্ৰিয় বন্ধু নিতেশ মুকেশ জীও আছে ।’’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছলমান খানৰ নাম উল্লেখ কৰাৰ লগে লগে অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য লোকে জোৰেৰে হাত চাপৰি বজাবলৈ ধৰে ।

ছলমানক দেখা যাব ‘টাইগাৰ ৩’ত

ছলমান খানৰ আগন্তুক ছবি ‘টাইগাৰ ৩’ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ছলমান খানৰ অনুৰাগীসকলে । শেহতীয়াকৈ এই চিনেমাখনৰ ট্ৰেইলাৰ আৰু প্ৰথমটো গীত ‘লেকে প্ৰভু কা নাম’ মুকলি কৰা হৈছে, যিটো দেখাৰ পিচত অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে । টাইগাৰ ৩ অহা ১২ নৱেম্বৰত দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: Leke Prabhu Ka Naam Song: অৰিজিতৰ কণ্ঠত ছলমান-কেটৰিণাৰ টাইগাৰ ৩ৰ প্ৰথমটো গীত চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.