ETV Bharat / entertainment

ৰাঘৱ চাড্ডাৰ পদাংক অনুসৰণ কৰিব নেকি পৰিণীতিয়ে ? এই সন্দৰ্ভত কি ক’লে অভিনেত্ৰীগৰাকীয়ে . .

Parineeti Chopra on Politics: চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰাঘৱ চাড্ডাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰী পৰিণীতি চোপ্ৰা । বিবাহৰ পিচতে বহু প্ৰশ্ন উত্থাপন হৈছিল যে পৰিণীতিয়ে ৰাজনীতিত যোগদান কৰিব নেকি ? এতিয়া এই সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিলে অভিনেত্ৰীগৰাকীয়ে । এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জানো আহক ...

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 2:02 PM IST

Parineeti Chopra will follow Raghav Chadha's footstep and Join Politics! Know What She Says
ৰাজনীতিত যোগদান কৰিব পৰিণীতিয়ে !

চিটাৰা ডেস্ক, 10 ডিচেম্বৰ: বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত আম আদমী পাৰ্টিৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ সৈতে বিবাহপাশত আবদ্ধ হয় । ৰাজস্থানৰ উদয়পুৰত বিবাহপাশত আৱদ্ধ হয় এই দম্পতী ৷ বিয়াৰ পিচৰে পৰা পৰিণীতি চোপ্ৰাই স্বামী ৰাঘৱ চাড্ডাৰ সৈতে ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি থাকে, যিবোৰ ফটো অনুৰাগীয়ে অতিশয় ভাল পায় ।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে পৰিণীতি চোপ্ৰা মনোৰঞ্জন জগতৰ পৰা অহাৰ বিপৰীতে স্বামী ৰাঘৱ চাড্ডা ৰাজনীতিৰ সৈতে জড়িত । এনে পৰিস্থিতিত প্ৰায়ে বহুতৰে মনত প্ৰশ্ন উত্থাপন হয় যে পৰিণীতি চোপ্ৰাই ৰাজনীতিত ভৰি দিব নেকি ? এতিয়া শেহতীয়াকৈ পৰিণীতি চোপ্ৰাই এক সাক্ষাৎকাৰত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিব নে নকৰে সেই বিষয়ে স্পষ্ট কৰিছে । পৰিণীতি চোপ্ৰাই কি কৈছে জানো আহক এই প্ৰতিবেদনত ।

এক সাক্ষাৎকাৰত পৰিণীতি চোপ্ৰাক সোধা হৈছিল যে স্বামীৰ ৰাজনৈতিক পটভূমি বিবেচনা কৰি ৰাজনীতিত যোগদানৰ কথা ভাবিছে নেকি ? এই প্ৰশ্নৰ উত্তৰত পৰিণীতি চোপ্ৰাই কয়, ‘‘মোৰ সফল বিবাহৰ আঁৰৰ মূলমন্ত্ৰ কওঁ আপোনালোকক । তেওঁ (ৰাঘৱ) বলীউডৰ বিষয়ে একো নাজানে আৰু মই ৰাজনীতিৰ বিষয়ে একো নাজানো । গতিকে মোক ৰাজনীতিত দেখা পাব বুলি মই নাভাবো । যদিও দুয়োগৰাকীয়েই ৰাজহুৱা জীৱনত আছো, তথাপিও আমাৰ কোনো ধাৰণা নাছিল যে সমগ্ৰ দেশৰ পৰা ইমান মৰম পাম । মই ভাবো যে সঠিক মানুহৰ লগত থাকিলে বিবাহিত জীৱন অতি সুন্দৰ হৈ পৰে ।’’

পৰিণীত চোপ্ৰাই লগতে কয়, ‘‘কৰ্ম আৰু জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় । ভাৰতত আমি প্ৰায়ে দেখিবলৈ পাওঁ যে মানুহে কামত ব্যস্ত থকাৰ বাবে সময়মতে খাবলৈ নাপায় বা শুবলৈ নাপায় ৷ তেওঁলোকে ইয়াক সন্মান হিচাপে লয় কিন্তু মই নাভাবো যে এইটো জীৱন যাপনৰ সঠিক পদ্ধতি । মই সঁচাকৈয়ে কঠোৰ পৰিশ্ৰমত বিশ্বাস কৰোঁ কিন্তু বন্ধু-বান্ধৱীক লগ পোৱা আৰু ছুটীত যোৱাটোও ভাল পাওঁ । যেতিয়া মোৰ বয়স ৮৫ বা ৯০ বছৰ হ’ব তেতিয়া যাতে মই পিচলৈ ঘূৰি চালে অনুভৱ কৰো যে মই মোৰ জীৱনটো যিদৰে কটাব বিচাৰিছিলো সেইদৰেই কটালোঁ ।’’

লগতে পঢ়ক : শ্বাহৰুখ-অক্ষয়-অজয় ​​দেৱগনলৈ উচ্চ ন্যায়ালয়ৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.