ETV Bharat / entertainment

Parineeti Chopra: মুম্বাই বিমানবন্দৰত ৰাঘৱ চাড্ডাৰ সৈতে পুনৰ দেখা গ’ল পৰিণীতি চোপ্ৰাক

author img

By

Published : Apr 2, 2023, 1:16 PM IST

পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাক দেওবাৰে পুনৰ একেলগে দেখা গ’ল (Parineeti Chopra Raghav Chadha) ৷ এইবাৰ মুম্বাই বিমানবন্দৰত দেখা গ’ল দুয়োকে । মুম্বাই ভ্ৰমণৰ সময়ত আপ নেতাগৰাকীয়ে পৰিণীতিৰ খুলশালীয়েক প্ৰিয়ংকা চোপ্ৰাক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ।

Parineeti Chopra is all smiles as she arrives with Raghav Chadha at Mumbai airport
পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাক দেওবাৰে পুনৰ একেলগে দেখা গ’ল

চিটাৰা ডেস্ক, 2 এপ্ৰিল: পুনৰ একেলগে দেখা গ’ল বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাজনীতিবিদ ৰাঘৱ চাড্ডাক (AAP leader Raghav Chadha) ৷ এইবাৰ মুম্বাই বিমানবন্দৰত একেলগে দেখা গ’ল পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাক । যোৱা বুধবাৰে দিল্লীলৈ উৰাজাহাজেৰে যোৱা পৰিণীতি দেওবাৰে পুৱা ৰাঘৱৰ সৈতে উভতি আহে মুম্বাইলৈ । বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে পাপাৰাজীয়ে আগুৰি ধৰে পৰিণীতি আৰু ৰাঘৱক ৷ পিচত দুয়ো হাঁহি হাঁহি পাপাৰাজীৰ মাজেৰে খোজকাঢ়ি বিমানবন্দৰৰ পৰা ওলাই যায় (Parineeti Chopra Raghav Chadha at Mumbai airport) ৷

পৰিণীতি আৰু ৰাঘৱৰ বিষয়ে যোৱা কিছুদিনৰ পৰা চলি থকা বিবাহৰ বাতৰিৰ সন্দৰ্ভত দুয়োগৰাকীয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও দুয়োগৰাকীক প্ৰায়ে একেলগে দেখা পোৱা যায় ৷ আজি পৰিণীতি আৰু ৰাঘৱক মুম্বাই বিমানবন্দৰত পাপাৰাজীয়ে প্ৰত্যক্ষ কৰে । পৰিণীতি আৰু ৰাঘৱক ৰিলাক্স যেন দেখা গৈছিল, পেপছক দেখি কেৱল হাঁহিছিল পৰিণীতিয়ে (Parineeti Chopra and Raghav Chadha) ৷

অভিনেত্ৰীগৰাকীয়ে ক’লা চাৰ্টৰ সৈতে মেচিং টি-চাৰ্ট আৰু স্কিনি ডেনিম পৰিধান কৰিছিল ৷ বগা স্নিকাৰ আৰু ক’লা ৰিমযুক্ত চশমাৰে নিজৰ এয়াৰপৰ্ট লুক সম্পূৰ্ণ কৰিছিল পৰিণীতিয়ে ৷ আনহাতে ৰাঘৱে এয়াৰপৰ্ট লুকৰ বাবে বাছি লৈছিল ডেনিমৰ সৈতে বেইজ ৰঙৰ চাৰ্ট । চৰ্চিত প্ৰেমিক-প্ৰেমিকাই নিজৰ এয়াৰপৰ্ট লুকৰ বাবে ষ্টাইলতকৈ কম্ফৰ্ট বাছি লোৱা যেন পৰিলক্ষিত হৈছিল (Parineeti Chopra Raghav Chadha spotted) ।

পৰিণীতি আৰু ৰাঘৱৰ বিমানবন্দৰত উপস্থিতিয়ে যথেষ্ট উন্মাদনাৰ সৃষ্টি কৰিছিল কাৰণ পাপাৰাজীয়ে একেলগে দুয়োৰে ফটো ক্লিক কৰিবলৈ আগ্ৰহী হৈ আছিল । অৱশ্যে দুয়োগৰাকীয়ে একেলগে বাহনত যোৱাৰ পূৰ্বে পাপাৰাজীৰ বাবে প’জ দিয়া নাছিল । আনকি অনুৰাগীৰ সৈতে চেলফি ক্লিক কৰাৰ পৰাও নিজকে এৰাই চলিছিল পৰিণীতিয়ে ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ৰাঘৱৰ সৈতে বাহনত বহি থকা অৱস্থাত এগৰাকী কণমানিয়ে যিকোনো প্ৰকাৰে অভিনেত্ৰীগৰাকীৰ সৈতে এখন ছবি ল’বলৈ চেষ্টা কৰিছিল, পিচত পৰিণীতিয়ে চেলফি ক্লিক কৰে ।

ইফালে আপ নেতাগৰাকীয়ে পৰিণীতিৰ খুলশালীয়েক প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ আমেৰিকান স্বামী নিক জ’নাছক লগ পোৱাৰ সম্ভাৱনা আছে । মুম্বাইত নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ (এনএমএচিচি) মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শুকুৰবাৰে ভাৰতত উপস্থিত হয় প্ৰিয়ংকা চোপ্ৰা (Nita Mukesh Ambani Cultural Centre) । খবৰ অনুসৰি পৰিণীতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা ৰাঘৱৰ সৈতে প্ৰিয়ংকাৰ এইয়া প্ৰথম সাক্ষাৎ হ’ব ।

লগতে পঢ়ক: Priyanka Chopra: স্বামী নিক জোনাছৰ সৈতে প্ৰিয়ংকাই শ্বেয়াৰ কৰিলে বিশেষ মূহূৰ্তৰ ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.