ETV Bharat / entertainment

Parineeti Chopra: বিবাহৰ সন্দৰ্ভত পৰোক্ষভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে পৰিণীতি চোপ্ৰাই

author img

By

Published : Mar 29, 2023, 1:13 PM IST

আম আদমী পাৰ্টিৰ নেতাই ছ’চিয়েল মিডিয়াত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিবাহৰ বিষয়ে নিশ্চিত কৰাৰ পিচত আৰু অধিক তীব্ৰতৰ হৈ পৰে দুয়োৰে সন্দৰ্ভত উৰাবাতৰি (Parineeti Chopra) । শেহতীয়াকৈ পৰিণীতিৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে ৷ ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে বিবাহৰ সন্দৰ্ভত প্ৰত্যেক্ষভাৱে একো নকলেও পৰোক্ষভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পৰিণীতি চোপ্ৰাই ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Parineeti Chopra blushes as paps ask about wedding reports with Raghav Chadha, watch video
বিবাহৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে পৰিণীতি চোপ্ৰাই

চিটাৰা ডেস্ক, 29 মাৰ্চ: স্বৰা ভাস্কৰ আৰু ফাহাদ আহমেদৰ পিচত হিন্দী চলচ্চিত্ৰ উদ্যোগ আৰু ৰাজনীতি জগতৰ আন এক মিলন হ’বলৈ গৈ আছে ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু ৰাজনীতি জগতৰ এগৰাকী জনপ্ৰিয় নেতাৰ নাম ৷ হয়, ইতিমধ্যেই আপুনি হয়তো গম পাইছে আমি কাৰ কথা ক’বলৈ লৈছো ৷ আমি কৈছো অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাজনীতিবিদ ৰাঘৱ চাড্ডাৰ কথা (Parineeti Chopra Raghav Chadha relationship) ৷

মুম্বাইত শেহতীয়াকৈ কেইবাৰো যুটিটোক একেলগে দেখা পোৱাৰ পিচতে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ সম্পৰ্কক লৈ আৰম্ভ হয় চৰ্চা ৷ কেৱল দুয়োৰে সম্পৰ্কৰ বিষয়েই নহয়, সম্প্ৰতি দুয়োৰে বিবাহৰ উৰাবাতৰিও দ্ৰুতগতিত প্ৰচাৰ হ’বলৈ ধৰিছে ৷ অৱশ্যে পৰিণীতি আৰু ৰাঘৱৰ বিয়াক লৈ চলি থকা জল্পনা-কল্পনা আৰু অধিক তীব্ৰতৰ হৈ পৰে যেতিয়া আম আদমী পাৰ্টিৰ নেতাসকলে ছ’চিয়েল মিডিয়াত দুয়োকে শুভকামনা জনায় (Parineeti Chopra reacts to wedding rumours) ।

অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই ৷ যদিও পাপাৰাজীয়ে দুয়োৰে ফালৰ পৰা নিশ্চিতকৰণ তথা প্ৰতিক্ৰিয়া লাভ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ বিবাহ সন্দৰ্ভত পৰিণীতিৰ পৰা প্ৰতিক্ৰিয়া লাভ কৰিবলৈ পাপাৰাজীয়ে চেষ্টা কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Parineeti Chopra reaction on wedding rumours) ৷

মঙলবাৰে নিশা শ্বুটিং সমাপ্ত কৰি কাটাৰৰ দোহাৰ পৰা উভতি আহিছিল পৰিণীতি। উভতি অহাৰ সময়ত মুম্বাই বিমানবন্দৰত ফটোগ্ৰাফাৰসকলে অভিনেত্ৰীগৰাকীৰ ফটো ল’বলৈ ব্যস্ত হৈ পৰে (Parineeti Chopra spotted at mumbai airport) ৷ ভিডিঅ’টোত পৰিণীতিক ক’লা পেণ্টছুটৰ সৈতে টাৰ্টেল নেক টি-চাৰ্ট পৰিধান কৰা দেখা পোৱা গৈছিল । পাপাৰাজীয়ে আগুৰি থকা পৰিণীতি লাজতে ৰঙা পৰা দেখা গ’ল ৷ ৰ’ব অৱশ্যে ব্লাচ এনেই কৰা নাই অভিনেত্ৰীগৰাকীয়ে (Parineeti chopra viral video on wedding rumours) ৷

ব্লাচ কৰাৰ আঁৰত আছে অন্য এটা কাৰণ ৷ দৰাচলতে পাপাৰাজীয়ে অভিনেত্ৰীগৰাকীক ৰাঘৱ চাড্ডাৰ বিষয়ে সোধা হৈছিল প্ৰশ্ন ৷ তাৰ পিচতেই ব্লাচ কৰা দেখা গ’ল অভিনেত্ৰীগৰাকীক ৷ পেপছৰ প্ৰশ্নত আমোদ পোৱা যেন লগা অভিনেতাগৰাকীয়ে হাঁহি হাঁহি বাহনত বহাৰ আগতে তেওঁলোকক ধন্যবাদ জনায় (Parineeti Chopra Raghav Chadha wedding rumours) ।

লগতে পঢ়ক: Parineeti Chopra: নিশ্চিত হ’ল পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ সম্পৰ্ক ! আপৰ সাংসদে জনালে শুভেচ্ছা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.