চিটাৰা ডেস্ক, 8 অক্টোবৰ: ইজৰাইল আৰু পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠনৰ মাজত চলি থকা যুদ্ধৰ মাজতে ইজৰাইলত আবদ্ধ হৈ পৰিছে বলীউডৰ অভিনেত্ৰী নুশ্ৰত ভাৰুচা । শেহতীয়াকৈ ইজৰাইললৈ গৈছিল অভিনেত্ৰীগৰাকী । ইজৰাইলত অনুষ্ঠিত হোৱা হাইফা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল নুশ্ৰতে । এই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল নুশ্ৰত ভাৰুচাৰ ছবি ‘আকেলি’ । কিন্তু এই উত্তেজনাৰ পৰিৱেশৰ মাজতে নুশ্ৰত ভাৰুচাৰ দলটো যথেষ্ট চিন্তিত হৈ পৰিছে ।
আচলতে নুশ্ৰতৰ দলটোৱে শনিবাৰৰ পৰা অভিনেত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে । কিন্তু অভিনেত্ৰীগৰাকীৰ সৈতে এতিয়ালৈকে কোনো যোগাযোগ স্থাপন কৰিব পৰা নাই ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ দলৰ এজন সদস্যই কৈছে যে, “নুশ্ৰত দুৰ্ভাগ্যজনকভাৱে ইজৰাইলত আবদ্ধ হৈ আছে । হাইফা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ইজৰাইললৈ গৈছিল অভিনেত্ৰীগৰাকী ।’’
অভিনেত্ৰীগৰাকীৰ দলটোৱে লগতে কয়, ‘‘শনিবাৰে দুপৰীয়া ১২:৩০ বজাত শেষবাৰৰ বাবে নুশ্ৰতৰ সৈতে যোগাযোগ হৈছিল । সেই সময়চোৱাত তেওঁ বেছমেণ্টত আছিল আৰু সম্পূৰ্ণ নিৰাপদ আছিল । কিন্তু কালিৰ পৰা এতিয়ালৈকে তেওঁৰ সৈতে পুনৰ যোগাযোগ হোৱা নাই ।’’
অভিনেত্ৰীগৰাকীৰ সমগ্ৰ দলটোৱে নুশ্ৰতক নিৰাপদে ভাৰতলৈ ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে । সকলোৱে প্ৰাৰ্থনা কৰিছে যাতে তেওঁ শীঘ্ৰে নিৰাপদে ভাৰতলৈ উভতি আহে । ইফালে এই খবৰ ওলোৱাৰ পাচতে চিন্তিত হৈ পৰিছে নুশ্ৰতৰ অনুৰাগী । কাৰণ পেলেষ্টাইন দখলকাৰী সংগঠনে শনিবাৰে ২০ মিনিটত ইজৰাইললৈ ৫ হাজাৰ ৰকেট নিক্ষেপ কৰিছিল । য’ত বহু লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে ।
উল্লেখ্য যে নুশ্ৰত ভাৰুচাৰ ‘আকেলি’ ছবিখন আগষ্ট মাহত মুক্তি লাভ কৰিছিল । ছবিখনৰ কাহিনী ইৰাকৰ গৃহযুদ্ধৰ মাজত এগৰাকী মহিলা অচিনাকি ঠাইত আবদ্ধ হৈ পৰে । কাহিনীটোত যুদ্ধৰ পৰিৱেশৰ মাজত এগৰাকী মহিলাই ঘৰলৈ উভতি যাবলৈ যি সংগ্ৰাম কৰে তাকে দেখুওৱা হৈছে ৷
এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে মানুহৰ জীৱনত কোন সময়ত কি হৈ যায় সেয়া কোনেও ক’ব নোৱাৰে ৷ আচৰিতভাৱে আকেলি ছবিখনত যিটো কাহিনীত অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰিছে সেই একে ঘটনা নুশ্ৰতৰ বাস্তৱ জীৱনতো সংঘটিত হৈছে ৷ ছবিখনতো যুদ্ধক্ষেত্ৰৰ পৰা সুস্থ অৱস্থাত ঘৰলৈ উভতি অহাৰ সংগ্ৰাম চলাই নুশ্ৰতে ৷ এতিয়া বাস্তৱ জীৱনতো যুদ্ধৰ পৰিৱেশৰ মাজত আৱদ্ধ হৈ পৰিছে নুশ্ৰত ৷