ETV Bharat / entertainment

Sinnar Tehsildar notice to Aishwarya Rai : মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায়লৈ ৰাজহ বিভাগৰ জাননী - Notice to Aishwarya Rai

বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনলৈ এইবাৰ ৰাজহ বিভাগে প্ৰেৰণ কৰিলে জাননী (Tehsildar notice to Aishwarya Rai)। মহাৰাষ্ট্ৰৰ নাছিকৰ ৰাজহ বিভাগে এই জাননী জাৰি কৰিছে । তেওঁৰ উপৰিও চিন্নাৰৰ প্ৰায় ১২০০ টা সম্পত্তিৰ স্বত্বাধিকাৰীলৈও জাননী জাৰি কৰিছে । পিছে এই জাননীখন কিহৰ বাবে প্ৰেৰণ কৰা গৈছে ?

Sinnar Tehsildar notice to Aishwarya Rai
মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায়লৈ ৰাজহ বিভাগৰ জাননী
author img

By

Published : Jan 17, 2023, 1:56 PM IST

চিটাৰা ডেস্ক,১৭ জানুৱাৰী : বলীউডৰ মোহময়ী অভিনেত্ৰী তথা বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনলৈ জাননী প্ৰেৰণ । অভিনেত্ৰীগৰাকীলৈ মহাৰাষ্ট্ৰৰ নাছিকৰ ৰাজহ বিভাগে প্ৰেৰণ কৰিলে এখন জাননী । চিন্নাৰ চক্ৰ বিষয়াই ঐশ্বৰ্য ৰায়ক চিন্নাৰত থকা তেওঁৰ ভূমিৰ বাবে ২২,০০০ টকাৰ কৰ পৰিশোধ কৰাৰ বাবে এই জাননী জাৰি কৰিছে । জাননী প্ৰেৰণৰ খবৰ বিয়পি পৰাৰ পাছতে সমগ্ৰ বিষয়টোক লৈ দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে (Aishwarya Rai get notice from Sinnar Tehsildar)।

জানিব পৰা মতে নাছিক জিলাৰ চিন্নাৰৰ থাংগাঁৱৰ সমীপৰ আদৱাড়ীৰ পাহাৰীয়া এলেকাত ঐশ্বৰ্য ৰায় বচ্চনৰ প্ৰায় ১ হেক্টৰ ভূমি আছে । তথ্য অনুসৰি, অভিনেত্ৰীগৰাকীয়ে যোৱা এবছৰ ধৰি সেই ভূমিখিনিৰ কৰ পৰিশোধ কৰা নাই (Aishwarya has not paid land tax)। যাৰ বাবে কৰ পৰিশোধ কৰিবলৈ তেওঁলৈ এই জাননী প্ৰেৰণ কৰা হৈছে । ৰাজহ বিভাগে অভিনেত্ৰীগৰাকীক মাৰ্চৰ শেষলৈকে কৰ পৰিশোধৰ সময়সীমা দিছে । চিন্নাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ে কেৱল ঐশ্বৰ্য ৰায় বচ্চনকে নহয়, অঞ্চলটোৰ প্ৰায় ১২০০ টা সম্পত্তিৰ স্বত্বাধিকাৰীলৈও জাননী জাৰি কৰিছে ।

ইফালে পৌৰ নিগম আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ে মাৰ্চৰ শেষৰ ফালে সকলো কৰ সংগ্ৰহৰ লক্ষ্য পূৰণ কৰিবলৈ বকেয়া কৰদাতাসকলক জাননী জাৰি কৰিছে (Notice to Aishwarya Rai)। চিন্নাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলটোত সম্পত্তিৰ মালিকসকলে প্ৰতি বছৰে ১.১১ কোটি টকাৰ ৰাজহ প্ৰদান কৰিব লাগে । কিন্তু তাৰ ভিতৰত ৬৫ লাখ টকা এতিয়াও উদ্ধাৰ হোৱা নাই । সেয়েহে মাৰ্চৰ ভিতৰত যাতে সকলো বকেয়া কৰ উদ্ধাৰ হয় তাৰ বাবে এই গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে ৰাজহ বিভাগে ।

চিন্নাৰ অঞ্চলত ঐশ্বৰ্য ৰায়ৰ উপৰিও গাম প্ৰাইভেট লিমিটেড, এল.বি. কুঞ্জীৰ ইঞ্জিনিয়াৰ, আইটিচি মাৰাঠা লিমিটেড, এছ.কে. শিৱৰাজ, হোটেল লীলা ভেঞ্চাৰ লিমিটেড, কুক্ৰেজা ডেভেলপাৰ কৰ্পোৰেচন, ৰামা হস্তশিল্প, অ'পি এণ্টাৰপ্ৰাইজেছ কোম্পানী, গুজৰাট বিন্দু বায়ু উৰ্জা লিমিটেড, এয়াৰ কণ্ট্ৰোল প্ৰাইভেট লিমিটেড, মেটকন ইণ্ডিয়া প্ৰাইভেট লিমিটেড, চোটাভাই জেঠাভাই পেটেল আৰু কোম্পানীৰ লগতে বহু ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানলৈ জাননী জাৰি কৰিছে ।

লগতে পঢ়ক :Burj Khalifa SRK on top : বুৰ্জ খলিফাত কিং খানৰ পাঠানৰ ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.