চিটাৰা ডেস্ক, 8 জুলাই: এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ পত্নী নীতু সিঙে ৮ জুলাইত অৰ্থাৎ আজি ৬৫ বছৰ সম্পূৰ্ণ কৰিলে । পৰিয়ালৰ সৈতে নীতু সিঙে নিজৰ জন্মদিন উদযাপন কৰিছে । এই বিশেষ অনুষ্ঠানত নীতু সিঙৰ পৰিয়ালৰ লগতে তেওঁৰ অনুৰাগী সকলেও তেওঁৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰিছে ।
ৰণবীৰ কাপুৰে ইটালীত উপস্থিত হৈ মাতৃক আচৰিত কৰি তোলে আৰু তেওঁৰ জন্মদিন অতি আকৰ্ষণীয় ধৰণে উদযাপন কৰিছে । আনহাতে, কিছু কাৰণবশতঃ আলিয়া ভাটে ইটালীলৈ গৈ শাহুৱেক নীতু সিঙৰ জন্মদিন উদযাপন কৰিব নোৱাৰিলে । সেয়ে ভাৰতৰ পৰাই আলিয়া ভাটে জন্মদিনৰ শুভেচ্ছা জনাইছে আৰু কন্যা ৰাহাৰ হৈ আইতাকলৈ বহু মৰম প্ৰেৰণ কৰিছে ।
আলিয়া ভাটে শাহুৱেক নীতু সিঙৰ এখন ছবি শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায় । আলিয়াই লিখিছে, ‘কুইনলৈ জন্মদিনৰ শুভেচ্ছা থাকিল, আপুনি সকলো বস্তুকে আচৰিত কৰি তোলে, ‘আপোনালৈ বহুত মৰম’ ।
একে সময়তে নীতু সিঙে জন্মদিনৰ পোষ্টত ইটালীতৰ পৰা নিজৰ পৰিয়ালৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি লিখিছে, ‘সুন্দৰ দিন, আলিয়া ভাট আৰু ৰাহাই মোৰ প্ৰেমক বহুত মিছ কৰিছিল, মোৰ সকলো সন্তানলৈ মৰম’ ।
ইফালে, একেখন ছবি ইনষ্টাগ্ৰামত নীতু সিঙৰ কন্যা ৰিদ্ধিমাই শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনাই লিখে যে, "হেপি বাৰ্থডে মা❤️ আমি আপোনাক আদৰ কৰো ❤️#backboneofthefamily (major missing @aliaabhatt & my baby Raha) #portofino🇮🇹।"
শাহুৱেকৰ নীতু সিঙৰ জন্মদিনত কিয় উপস্থিত থাকিব নোৱাৰিলে আলিয়া ভাটে
জনাই দিও যে, ৬ জুলাইৰ সন্ধিয়া ৰণবীৰ কাপুৰৰ মাতৃৰ ৬৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাবলৈ অকলে ইটালীলৈ ৰাওনা হৈছিল । আনহাতে, ৬ জুলাইৰ নিশা আলিয়া ভাটে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশ লৈছিল । ৰণবীৰ কাপুৰ ইটালীত পোৱাৰ পূৰ্বে আলিয়াইও তেওঁৰ অনুষ্ঠানৰ ছবি শ্বেয়াৰ কৰিছিল ।
উল্লেখ্য যে, নীতুক শেষবাৰৰ বাবে দেখা গৈছিল হাবিব ফৈছালৰ পৰিচালনাত নিৰ্মিত ছবি জুগ জুগ জীয়ো ছবিখনত । য’ত অনিল কাপুৰ, বৰুণ ধাৱন, আৰু কিয়াৰা আদৱানীক একেলগে দেখিবলৈ পোৱা গৈছিল ৷