ETV Bharat / entertainment

Ranalia ৰ কিছু নেদেখা ফটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে দুই মাতৃয়ে

author img

By

Published : Jun 28, 2022, 2:24 PM IST

ৰণবীৰ আৰু আলিয়াৰ মাতৃ ক্ৰমে নিতু কাপুৰ আৰু ছ’নী ৰাজদানে জনপ্ৰিয় যুটিটোৰ কেইখনমান মনোমোহা ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰিছে (Alia Bhatt Ranbir baby) ৷ ফটোসমূহত ৰণবীৰ আৰু আলিয়াৰ মাজৰ প্ৰেম স্পষ্টকৈ ফুটি উঠিছে ৷ চাওক ফটোসমূহ-

Ranalia
ৰণবীৰ আৰু আলিয়া

চিটাৰা ডেস্ক, 28 জুন : আলিয়া ভাটে সোমবাৰে (২৭ জুন) নিজৰ গৰ্ভধাৰণৰ খবৰ ৰাজহুৱা কৰে (Alia Bhatt Ranbir baby) ৷ খবৰটো বিয়পি পৰাৰ লগে লগেই এক ধুমুহাৰ সৃষ্টি হয় সামাজিক মাধ্যমত ৷ চাৰিওফালৰে পৰা শুভেচ্ছা বাণীৰে উপচি পৰে আলিয়াৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ৷

হাস্পতালৰ ভিতৰৰ পৰা শ্বেয়াৰ কৰা ফটোখনত ৰণবীৰক আলিয়া শুই থকা বিচনাখনৰ কাষত বহি থকা দেখা গৈছে (Alia Bhatt instagram) ৷ আলিয়াৰ মাতৃ ছ’নী ৰাজদানেও কমেণ্ট কৰিছে আলিয়াৰ পোষ্টটোত ৷ এতিয়া দুই মাতৃ নিতু আৰু ছ’নীয়ে নিজ নিজ ছ’চিয়েল মিডিয়া হেণ্ডেলত দুয়োকে শুভেচ্ছা জনাই পোষ্ট কৰিছে তেওঁলোকৰ কিছু নেদেখা ফটো ৷

ছ’নী ৰাজদানে ৰণবীৰ আলিয়াক তেওঁলোকৰ ভ্ৰমণৰ ফটো শ্বেয়াৰ কৰি আশীৰ্বাদ দিছে । সমান্তৰালকৈ নিতু কাপুৰেও শ্বেয়াৰ কৰিছে তেওঁলোকৰ আগতে নেদেখা ফটো । এই ফটোসমূহ আলিয়া ভাটে তেওঁৰ প্ৰিয় ফটো হিচাপে উল্লেখ কৰিছে । ৰণবীৰ আলিয়াৰ এই ভাল খবৰে সমগ্ৰ কাপুৰ পৰিয়ালতে আনন্দৰ ঢৌ বোৱাইছে ।

ভগ্নী ৰিদ্ধিমা কাপুৰেও শুভেচ্ছা জনাইছে আলিয়াক । বলীউডৰ তাৰকাসকলৰ ভিতৰত ৰাকুল প্ৰীত, মৌনী ৰয় আৰু ডিয়ানা পেণ্টিকে ধৰি আন বহুতো তাৰকাই আলিয়াক অভিনন্দন জনাইছে ।

চলিতে বছৰতে মুক্তি পাব ৰণবীৰ আলিয়া অভিনীত প্ৰথম ছবি 'ব্ৰহ্মাস্ত্ৰ'ই (Brahmastra cast) ৷ চলচ্চিত্ৰখনে চলিত বৰ্ষৰ ৯ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব (Brahmastra release date) । তাৰ পূৰ্বে ৰণবীৰ কাপুৰৰ 'শ্বমছেৰা' জুলাইত মুক্তি লাভ কৰিব (Ranbir Kapoor upcoming movies) । আলিয়াই নিজৰ ইনষ্টাগ্ৰামত বোলছবিখনৰ সকলো পোষ্টাৰ আৰু ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে ।

লগতে পঢ়ক : অবিশ্বাস্য পৰিৱৰ্তন ! এওঁ কোন চিনি পাইছেনে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.