ETV Bharat / entertainment

Nawazuddin Siddiqui latest news: নৱাজুদ্দিন ছিদ্দিকীৰ পত্নীৰ বিৰুদ্ধে অভিযোগ দাখিল মাতৃৰ - নৱাজুদ্দিন ছিদ্দিকীৰ মাতৃ মেহৰুনিছা ছিদ্দিকী

অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ মাতৃ মেহৰুনিছা ছিদ্দিকীয়ে অভিনেতাজনৰ পত্নী জৈনাবৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । তেওঁৰ এজাহাৰত মেহৰুনিছাই অভিযোগ কৰিছে যে জৈনাবে তেওঁৰ ঘৰত অনধিকাৰ প্ৰৱেশ কৰে আৰু তৰ্ক হোৱাৰ পিচত তেওঁক আক্ৰমণ কৰে ।

Nawazuddin Siddiqui
নৱাজৰ পত্নীৰ বিৰুদ্ধে মাতৃ
author img

By

Published : Jan 23, 2023, 7:12 PM IST

চিটাৰা ডেস্ক, 23 জানুৱাৰী : অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নীৰ বিৰুদ্ধে তেওঁৰ মাতৃয়ে অভিযোগ কৰিছে বুলি মুম্বাই আৰক্ষীৰ এজন বিষয়াই সোমবাৰে জানিবলৈ দিয়ে ৷ তেওঁৰ ঘৰত অনধিকাৰ প্ৰৱেশ আৰু স্বেচ্ছাই আঘাত কৰাৰ কথা অভিযোগত উল্লেখ কৰি এই গোচৰ ৰুজু কৰা হৈছে বুলি বিষয়া গৰাকীয়ে কয় । অভিনেতাজনৰ পত্নী জৈনাবৰ বিৰুদ্ধে এজাহাৰ দেওবাৰে পঞ্জীয়ন কৰা হৈছিল, ভাৰ্ছোভা আৰক্ষী থানাৰ বিষয়াই এইদৰে কয় ।

আৰক্ষী বিষয়া গৰাকীয়ে কয়, "অভিনেতাজনৰ মাতৃ মেহৰুনিছা ছিদ্দিকীৰ ঘৰত তেওঁৰ পত্নীয়ে অনধিকাৰ প্ৰৱেশ কৰে আৰু তৰ্ক হোৱাৰ পিছত মেহৰুনিছাক আক্ৰমণ কৰে ৷ জৈনাবক এই বিষয়ে সোধ-পোছ কৰা হৈছে" ৷ ভাৰতীয় দণ্ডবিধিৰ ধাৰা 452 (আঘাত, আক্ৰমণ বা ঘৰুৱা অপৰাধ), 323 (স্বেচ্ছামূলকভাৱে আঘাত কৰা) আৰু অন্যান্য অপৰাধৰ অধীনত জৈনাব ছিদ্দিকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলিও তেওঁ কয় ৷

এই গোচৰত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু অধিক তদন্ত চলি আছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে । ইফালে আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নৱাজ, পত্নী আৰু মাতৃৰ মাজত হোৱা সম্পত্তিৰ বিবাদৰ ফলতো এই কাণ্ড সংঘটিত হ’ব পাৰে ।

লগতে পঢ়ক : Haddi ৰ চৰিত্ৰৰ বাবে কেনেদৰে নিজকে তৈয়াৰ কৰিছিল নৱাজুদ্দিন ছিদ্দিকীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.