চিটাৰা ডেস্ক, 19 মে’: বলীউডৰ জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে নিজৰ অভিনয়ৰে অনুৰাগীৰ হৃদয়ত এক সুকীয়া স্থান বনাবলৈ সক্ষম হৈছে । কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ অভিনয়ৰে সকলোকে মোহিত কৰি আহিছে নৱাজুদ্দিনে ৷ হলিউডৰ পৰাও অভিনেতাগৰাকীলৈও বহু অফাৰ আহিছে ।
কিন্তু নৱাজুদ্দিনে কয় যে, মুখ্য চৰিত্ৰত অভিনয় কৰিব পাৰিলেহে হলিউডলৈ যাব । যিয়ে নহওক আজি নৱাজুদ্দিনৰ ৪৯ সংখ্যক জন্মদিন (Nawazuddin Siddiqui Birthday)। জন্মদিনৰ এই বিশেষ ক্ষণত আমি নৱাজুদ্দিনৰ সেই ৫ খন ছবিৰ কথা ক’ম যিকেইখন ছবি সকলোৱে চাব লাগে । উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ বুধনাত জন্মগ্ৰহণ কৰিছিল অভিনেতাগৰাকীয়ে ।
নো লেণ্ডছ মেন (২০২১)
এই ছবিখন আমেৰিকান বাংলাদেশী ভাৰতীয় ছবি । মুস্তাফা সৰৱাৰ ফাৰুকীয়ে এই ছবিখন নিৰ্মিত কৰিছে (Nawazuddin Siddiqui) ৷ আমেৰিকাত এগৰাকী অষ্ট্ৰেলিয়ান মহিলাক লগ পোৱাৰ পিচত বিপদত পৰা দক্ষিণ এছিয়াৰ এজন পুৰুষৰ যাত্ৰাৰ আধাৰত নিৰ্মিত এই ছবিখনৰ কাহিনী । এই ছবিখনত অভিনেতাগৰাকীয়ে সমীৰ আৰু নবীন নামৰ দুটা চৰিত্ৰত অভিনয় কৰিছে । ছবিখন অ’টিটিত মুক্তি পাইছিল । ২৬ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এ উইণ্ডো অন এছিয়ান ছবিত ছবিখনৰ প্ৰিমিয়াৰ হৈছিল ।
ৰাত আকেলি হে (২০২০)
২০২০ চনত মুক্তি পোৱা ‘ৰাত আকেলি হে’ ছবিখনৰ বিষয়ে হয়তো আপুনি নাজানে । ইয়াত নৱাজে এজন আৰক্ষী পৰিদৰ্শকৰ জটিল চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত তেওঁ গাঁৱৰ এজন বৃদ্ধৰ মৃত্যুৰ তদন্ত কৰে । ছবিখনৰ পৰিচালনা কৰিছিল হানি ট্ৰেহানে । অ’টিটিত মুক্তি পোৱা এই ছবিখনৰ পৰা নৱাজে অ’টিটি বঁটাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে ।
ছিৰিয়াছ মেন (২০২০)
নৱাজুদ্দিন তেওঁৰ আচৰিত চাইকো কমেডী চৰিত্ৰৰ বাবেও পৰিচিত । ছিৰিয়াছ মেন ছবিখনত তেওঁ এনে এক ভূমিকাই পালন কৰিছিল । সুধীৰ মিশ্ৰৰ ছবিখনত নৱাজুদ্দিনে মুম্বাইৰ নেশ্যনেল ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চত জ্যোতিৰ্বিজ্ঞানীৰ সহায়কৰ চৰিত্ৰত অভিনয় কৰিছিল । অভিনেতাগৰাকীয়ে এই ছবিখনৰ পৰা শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ অ’টিটি বঁটাও লাভ কৰে ।
ফটোগ্ৰাফাৰ (২০১৯)
২০১৯ চনত অভিনেতাগৰাকীক ফটোগ্ৰাফাৰ ছবিখনত ৰফি ছিদ্দিকী নামৰ ফটোগ্ৰাফাৰৰ চৰিত্ৰত দেখা গৈছিল । ছবিখনত নৱাজৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছে সন্যা মালহোত্ৰাক । ৰিতেশ বাত্ৰাৰ ছবিখনৰ কাহিনী এনেকুৱা যে ৰফীয়ে (নৱাজুদ্দিন) বন্ধুক নিজৰ মংগেতাৰ কৰি ঘৰলৈ লৈ যায় যাতে আইতাই তেওঁক বিয়াৰ বাবে হেঁচা নিদিয়ে ।
ৰোম ৰোম মে (২০১৯)
মনস্তাত্ত্বিক নাটক ছবি ‘ৰ’ম ৰোম মে’ ছবিখনত ৰাজৰ চৰিত্ৰত দেখা গৈছিল নৱাজুদ্দিনক । তনিশাথা চেটাৰ্জীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ কাহিনী ৰীনা নামৰ এগৰাকী যুৱতীয়ে নিজৰ পৰিয়ালৰ পৰা মুক্তি পাবলৈ ৰোমলৈ পলাই গৈছে । ইফালে ৰীনাৰ ভায়েক ৰাজে ৰীনাক বিচাৰি উলিয়াবলৈ ৰাওনা হয় । উল্লেখ্য যে, এই ছবিখনৰ প্ৰিমিয়াৰ হৈছিল বুছানা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৷
লগতে পঢ়ক: Ajaz Khan Bail : জামিন লাভ কৰিলে বিগ বছ খ্যাতি এজাজ খানে, ২ বছৰ ধৰি কাৰাবন্দী হৈ আছিল এজাজ