ETV Bharat / entertainment

ভেন্টিলেশ্যনত ওস্তাদ ৰাশ্বিদ খান, এমাহ ধৰি চলি আছে দুৰাৰোগ্য ৰোগৰ চিকিৎসা

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 3:56 PM IST

Music maestro Rashid Khan's Health: সংকটজনক অৱস্থাত আছে শাস্ত্ৰীয় গায়ক ৰাশ্বিদ খান । খবৰ অনুসৰি বৰ্তমান কলকাতাৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে শাস্ত্ৰীয় গায়কগৰাকী । পদ্মশ্ৰী সন্মান লাভ কৰা ৰাশ্বিদ খানৰ যোৱা এমাহ ধৰি চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসা চলি আছে ।

Music maestro Rashid Khan's health condition critical
ৰাশ্বিদ খানৰ স্বাস্থ্য

চিটাৰা ডেস্ক, ২৪ ডিচেম্বৰ: পদ্মশ্ৰী সন্মান লাভ শাস্ত্ৰীয় গায়ক ৰাশ্বিদ খানক লৈ পোহৰলৈ আহিছে এক চিন্তনীয় খবৰ । প্ৰতিবেদন অনুসৰি ৰাশ্বিদ খান কলকাতাৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে । ৫৫ বছৰীয়া কণ্ঠশিল্পীগৰাকী প্ৰষ্টেট কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে । জানিব পৰা মতে তেওঁৰ অৱস্থা সংকটজনক । বৰ্তমান তেওঁ ভেন্টিলেশ্যনত আছে । বিগত এমাহ ধৰি পিয়েৰলেছ হাস্পতালত প্ৰষ্টেট কেন্সাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৰাশ্বিদ খান । কেৱল ইমানেই নহয়, তেওঁ উচ্চ ৰক্তচাপৰ সমস্যাতো ভুগি আছে ।

প্ৰষ্টেট কেন্সাৰ ৰোগত আক্ৰান্ত হৈ কলকাতাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰাশ্বিদ খানৰ স্বাস্থ্যৰ অৱস্থা দেওবাৰেও অধিক সংকটজনক হৈ পৰে ৷ এই কথা জানিবলৈ দিয়ে হাস্পতালৰ এগৰাগী চিকিৎসকে । চিকিৎসকগৰাকীয়ে কয় যে শাস্ত্ৰীয় গায়কগৰাকী এতিয়াও ভেণ্টিলেচনত আছে ।

খানৰ চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনৰ চিকিৎসকগৰাকীয়ে পিটিআইক জনাই যে , ‘‘তেওঁৰ অৱস্থা সংকটজনক হৈয়ে আছে । আমাৰ চিকিৎসকসকলে তেওঁৰ ওপৰত চকু ৰাখিছে । শুকুৰবাৰে মস্তিষ্কৰ আক্ৰমণৰ পিচত সংগীতজ্ঞজনৰ স্বাস্থ্যৰ অৱনতি ঘটে ।’’

উল্লেখ্য যে, ৰাশ্বিদ খানৰ দৈনন্দিন কাম-কাজ পুৱা চাৰি বজাৰ পৰা আৰম্ভ হয় । মাত্ৰ ১১ বছৰ বয়সতে তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল । ৰামপুৰ-সহচৱান পৰিয়ালৰ অন্তৰ্গত তেওঁ মেহবুব খান আৰু তেওঁৰ পুত্ৰ ইনায়ত হুছেইন খানৰ প্ৰপৌত্ৰ ।

ৰাশ্বিদ খানৰ কাম

কণ্ঠশিল্পীগৰাকীয়ে বহু বাংলা গীততো নিজৰ কণ্ঠ নিগৰাইছে আৰু বলীউডৰ জনপ্ৰিয় গীত 'তোৰে বিনা মহে চেইন নাহি' আৰু 'আওগে জব তুম'ৰ দৰে জনপ্ৰিয় গীতত কণ্ঠ নিগৰাইছে । কেৱল ইমানেই নহয় ‘মাই নেম ইজ খান’, ‘ৰাজ ৩’, ‘বাপি বাৰী জা’, ‘কদম্বৰী’, ‘ছাদি মে জৰুৰ আনা’, ‘মন্তো’ আৰু ‘মীতিন মাছ’ আদি হিন্দী ছবিৰ বাবেও গীত গাইছে কণ্ঠশিল্পীগৰাকীয়ে ।

২০০৬ চনত তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয় । আনহাতে ২০১২ চনত বংগভূষণ আৰু ২০২২ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয় ।

লগতে পঢ়ক: কেন্সাৰৰ সৈতে যুঁজি অৱশেষত ইহলীলা সম্বৰণ অভিনেতা জুনিয়ৰ মেহমুদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.