ETV Bharat / entertainment

Jeetendra Shastri Passes away: মিৰ্জাপুৰৰ অভিনেতা জিতেন্দ্ৰ শাস্ত্ৰীৰ মৃত্যু - মিৰ্জাপুৰৰ অভিনেতা জিতেন্দ্ৰ শাস্ত্ৰীৰ মৃত্যু

অভিনেতা জীতেন্দ্ৰ শাস্ত্ৰী আৰু নাই বুলি নিশ্চিত কৰিলে তেওঁৰ বন্ধু তথা প্ৰশংসিত অভিনেতা সঞ্জয় মিশ্ৰই (Jeetendra Shastri death news) । মিৰ্জাপুৰৰ উপৰিও তেওঁৰ ফিল্মগ্ৰাফীত আছে ব্লেক ফ্ৰাইডে, লাজ্জা, দৌৰ, চৰাছ আদি প্ৰশংসিত চিনেমা ।

Jeetendra Shastri news
মিৰ্জাপুৰৰ অভিনেতা জিতেন্দ্ৰ শাস্ত্ৰীৰ মৃত্যু
author img

By

Published : Oct 15, 2022, 5:18 PM IST

Updated : Oct 15, 2022, 8:59 PM IST

চিটাৰা ডেস্ক, 15 অক্টোবৰ : ব্লেক ফ্ৰাইডে, ৰাজমা চাৱাল, অশোকা আদি ছবিত অভিনয় কৰা অভিনেতা জীতেন্দ্ৰ শাস্ত্ৰীৰ মৃত্যু ঘটিছে । এই দুঃখবৰটি শ্বেয়াৰ কৰে তেওঁৰ বন্ধু তথা সহকৰ্মী সঞ্জয় মিশ্ৰ আৰু ৰাজেশ টাইলাঙে । তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

শনিবাৰে সঞ্জয় মিশ্ৰই এই খবৰ নিশ্চিত কৰে ছ’চিয়েল মিডিয়াৰ যোগেদি । তেওঁ শাস্ত্ৰীৰ সৈতে এটা থ্ৰ’বেক ভিডিঅ’ শ্বেয়াৰ কৰাৰ লগতে প্ৰয়াত অভিনেতাগৰাকীৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে । "জিতু ভাই আপ হোটে তো আপ কুচ আইছে বোল্টে, 'মিশ্ৰ চামটাইমছ ক্যা হোটা হে না কি, মোবাইল মে নাম ৰেহ জাটা হায়, ঔৰ ইনছান নেটৱৰ্ক ছে আউট হো জাটা হায়' ৷ আপুনি পৃথিৱীৰ বাহিৰত, কিন্তু মোৰ মন আৰু হৃদয়ৰ নেটৱৰ্কত সদায় থাকিবা । ওম শান্তি @jitu.shastri.7" ৷

ৰাজেশ টাইলাঙেও জীতেন্দ্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰে ছ’চিয়েল মিডিয়াত (Jeetendra Shastri death news) । "বিশ্বাস কৰিব নোৱাৰি জিতু ভাই আৰু নাই, কি আচৰিত অভিনেতা, কি আচৰিত মানুহ, আচৰিত হাস্যৰসিক, তেওঁৰ লগত কাম কৰি সময় কটাবলৈ সুযোগ পালো । এইয়া মোৰ সৌভাগ্য আছিল । #জিতেন্দ্ৰ শাস্ত্ৰী জিতু ভাই প্ৰণাম" ৷ তেওঁ হিন্দীত টুইট কৰে এইদৰে ।

জনপ্ৰিয় ৱেব ছিৰিজ মিৰ্জাপুৰতো উছমানৰ ৰূপত জীতেন্দ্ৰক দেখা গৈছিল । বছৰ বছৰ ধৰি থিয়েটাৰত কাম কৰি তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল । ব্লেক ফ্ৰাইডে, লাজ্জা, দৌৰ, চৰাছৰ দৰে ছবিত তেওঁ অভিনয় কৰিছিল । অৱশ্যে 2019 চনত মুক্তি পোৱা India's Most Wanted ছবিখনেই তেওঁৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট বুলি ক’ব পাৰি ।

লগতে পঢ়ক : Robbie Coltrane death : হেৰী পটাৰৰ হেগ্ৰিডখ্যাত ৰবি কলট্ৰেনৰ 72 বছৰ বয়সত মৃত্যু

Last Updated : Oct 15, 2022, 8:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.