ETV Bharat / entertainment

Meena Kumari Bday Spl: ধৰ্মৰ নামত শৰীৰটো আত্মসমৰ্পণ কৰিছিল মীনা কুমাৰীয়ে, নিজকে তুলনা কৰিছিল দেহ ব্যৱসায়ীৰ লগত ! - মীনা কুমাৰীৰ আজি জন্মদিন

আজি বলীউডৰ ট্ৰেজেডী কুইন মীনা কুমাৰীৰ জন্ম বাৰ্ষিকী ৷ মীনা কুমাৰীৰ জন্মদিনত জানো আহক তেওঁৰ কেৰিয়াৰ, প্ৰেম কাহিনী, বিবাহ বিচ্ছেদৰ কথা ৷

Meena Kumari Birthday Special: lesser known facts about The Tragedy Queen
মীনা কুমাৰীৰ জন্ম বাৰ্ষিকী
author img

By

Published : Aug 1, 2023, 11:52 AM IST

চিটাৰা ডেস্ক, 1 জুলাই: হিন্দী ছবিৰ ট্ৰেজেডী কুইন মীনা কুমাৰীৰ আজি (১ আগষ্ট) জন্মদিন । জীয়াই থকাৰ সময়ত জীৱনটোত বহুত উত্থান-পতন দেখিছিল মীনা কুমাৰীয়ে । গোটেই জীৱন প্ৰেমৰ বাবে হাহাকাৰ কৰিছিল ট্ৰেজেডী কুইনে । প্ৰেমত বাৰে বাৰে ঠগ খাইছিল । মীনা কুমাৰীৰ জীৱনত ইমানেই দুখ আছিল যে পৃথিৱীত জন্ম হোৱাটোও অভিশাপ বুলি ভাবিছিল অভিনেত্ৰীগৰাকীয়ে ৷ কিয়নো জন্মৰ পিচৰে পৰা সংঘৰ্ষ আৰম্ভ হৈছিল মীনা কুমাৰীৰ ৷

মীনা কুমাৰীৰ জন্মৰ সময়ত পিতৃয়ে তেওঁক অনাথ আশ্ৰম এৰি থৈ যায় । কাৰণ পিতৃয়ে বিচাৰিছিল পুত্ৰ সন্তান । কিন্তু অনাথ আশ্ৰমত কান্দি কান্দি মীনাৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ যাৰ বাবে পিতৃয়ে পুনৰ ঘৰলৈ উভতাই আনে মীনাক ৷ আজি অভিনেত্ৰী গৰাকীৰ জন্মদিনত তেখেতৰ জীৱনৰ কিছু নজনা কথা জানো আহক ।

৪ বছৰ বয়সত ফিল্ম ষ্টুডিঅ’ৰ সৈতে সম্পৰ্ক আছিল মীনাৰ

মীনা কুমাৰীৰ পিতৃ আলী বক্ষৰ বাবে ঘৰখন চলোৱা কঠিন হৈ পৰিছিল ৷ সেয়াহে তেওঁ ৪ বছৰীয়া মীনাক লগত লৈ ষ্টুডিঅ’লৈ লৈ যাবলৈ আৰম্ভ কৰিছিল আৰু মীনা কুমাৰৰ সৌন্দৰ্য দেখি পৰিচালক বিজয় ভাটে লেদাৰফেচ ছবিখনত মীনাক অভিনয়ৰ সুযোগ দিয়ে ৷ প্ৰথম দিনাই মীনাই ২৫ টকা মাচুল পাইছিল, যিটো সেই সময়ৰ বাবে আছিল বৃহৎ পৰিমাণৰ ধন । ১৯৩৯ চনত মুক্তি পোৱা এই ছবিখনৰ পিচত ঘৰৰ আৰ্থিক দায়িত্ব ৬ বছৰীয়া মীনাৰ ওপৰত পৰে । শিশু শিল্পী হিচাপে মীনাই আধুৰী কাহানী (১৯৩৯), পূজা (১৯৪০), এক হি ভুল (১৯৪০) ছবিত কাম কৰিছিল ৷ ইয়াৰ পিচত তেওঁৰ নাম হৈ পৰে ‘বেবী মীনা’। এই নামটো তেওঁক দিছিল পৰিচালক বিজয় ভাটে ।

ছুপাৰহিট ছবিত অভিনয় কৰিছিল মীনাই

মীনা কুমাৰীয়ে বহুকেইখন হিট ছবি দৰ্শকক উপহাৰ দিছিল ৷ ১৯৩৯ চনত ‘লেদাৰফেচ’ ছবিৰ জৰিয়তে মীনা কুমাৰীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । শিশু শিল্পী হিচাপে ১১খন ছবিত অভিনয় কৰাৰ পাচত ‘বাচ্চো কা খেল’ত মুখ্য অভিনেত্ৰী হোৱাৰ সুযোগ লাভ কৰে । সেই সময়ত তেওঁৰ বয়স আছিল ১৩ বছৰ, ১৯৫২ চনৰ ‘বাইজু বাৱৰা’ ছবিখনৰ পৰা লাভ কৰে স্বীকৃতি ।

কমল আমৰোহী আৰু মীনা কুমাৰীৰ প্ৰেম কাহিনী

বহু বছৰ পূৰ্বে আৰম্ভ হৈছিল কমল আমৰোহী আৰু মীনা কুমাৰীৰ প্ৰেম কাহিনী ৷ অশোক কুমাৰে দুয়োকে (কমলে মীনা) অনৰ্কালী ছবিৰ প্ৰস্তাৱ দিয়ে । ইয়াৰ কিছুদিনৰ পিচত দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ত ভৰ্তি হয় মীনা কুমাৰী ৷ কমলে দৈনিক চিকিৎসালয়ত মীনাৰ স্বাস্থ্যৰ বুজ ল’বলৈ গৈছিল আৰু কিছু বাধাৰ বাবে দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীক চিঠি লিখিছিল । প্ৰায় ৪ মাহৰ অন্তত দুয়ো প্ৰেমত পৰে আৰু ১৯৫২ চনৰ ১৪ ফেব্ৰুৱাৰীত দুয়ো গোপনে বিবাহপাশত আৱদ্ধ হয় । সেই সময়ত মীনাৰ বয়স আছিল মাত্ৰ ১৮ আৰু কমলৰ বয়স আছিল ৩৪ বছৰ ।

মীনা আছিল কমল আমৰোহীৰ তৃতীয় পত্নী

মীনা কুমাৰী আছিল কমল আমৰোহীৰ তৃতীয় পত্নী । প্ৰথম অৱস্থাত দুয়োৰে মাজত সকলো ঠিকে ঠাকে আছিল যদিও ১৯৬৪ চনত দুয়োৰে সম্পৰ্কত বিভাজন ঘটে ৷ খঙত কমল আমৰোহীয়ে তিনিবাৰকৈ মীনা কুমাৰীক তালাক দিয়ে ৷ কিন্তু কিছু সময়ৰ পাচত নিজৰ ভুল উপলব্ধি কৰে কমল আমৰোহীয়ে ৷ নিজৰ ভুলটো উপলব্ধি কৰাৰ পিচত পুনৰ মীনা কুমাৰীক ঘূৰাই পাবলৈ বিচাৰিছিল কমলে ৷ কিন্তু ইয়াৰ বাবে মীনা কুমাৰীয়ে হালালাৰ মাজেৰে পাৰ হ’বলগীয়া হ’ল । আচলতে মুছলমান ধৰ্ম মতে এবাৰ বিবাহ বিচ্ছেদ হ’লে পুৰণি স্বামীৰ ওচৰলৈ উভতি যাবলৈ হালালাৰ মাজেৰে যাব লাগে। এনে পৰিস্থিতিত মীনা কুমাৰীয়েও কমল আমৰোহীলৈ উভতি যাবলৈ হালালাৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল।

এইখিনিতে উল্লেখ কৰিব লাগিব যে নিকাহ হালালা হৈছে এক প্ৰথা য’ত এগৰাকী মহিলাই তিন তালাক লাভ কৰাৰ পিচত অন্য এজন পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ যৌন সম্পৰ্ক কৰে, শেষত বিবাহ সমাপ্ত কৰি পূৰ্বৰ স্বামীৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয় ৷ অৱশ্যে বৰ্তমান ভাৰতকে ধৰি বহু দেশত হালালাক চৰকাৰে নিষিদ্ধ কৰিছে ৷

ধৰ্মৰ নামত মোৰ শৰীৰটো আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল-মীনা কুমাৰী

কমল আমৰোহীয়ে বন্ধু তথা জিনাত আমনৰ পিতৃ অমানুল্লাহ খানৰ লগত হালালা কৰি দিয়ে আৰু এমাহৰ পাচত মীনা কুমাৰীৰ লগত পুনৰ বিবাহপাশত আৱদ্ধ হয় । মীনা কুমাৰী হালালাৰ পিচত কমলৰ ওচৰলৈ উভতি আহিছিল যদিও মানসিকভাৱে ভাঙি পৰিছিল মীনা কুমাৰী ৷ হালালা প্ৰথাই মীনা কুমাৰীক গোটেই জীৱন অশান্তি ৰাখিছিল ৷ এই কথাখিনি মীনা কুমাৰীৰ জীৱনীত উল্লেখ কৰা হৈছে, য'ত লিখা আছে, "কেনেকুৱা জীৱন এইটো, যে মই মোৰ শৰীৰটো ধৰ্মৰ নামত আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল । যদি মোৰ লগত এনেকুৱা হয়, তেন্তে মোৰ আৰু দেহ ব্যৱসায়ীৰ মাজত কি পাৰ্থক্য আছে।" এই ঘটনাৰ পিচত মানসিক ভাৱে ভাঙি পৰিছিল মীনা, যাৰ ফলত মদ খাবলৈ আৰম্ভ কৰিছিল মীনা কুমাৰীয়ে ৷ অৱশেষত ১৯৭২ চনৰ ৩১ মাৰ্চত ছেইণ্ট এলিজাবেথ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক: Mumtaz Bday Special: এটা চৰ্ত মানি নোলোৱাৰ বাবেই শাম্মী কাপুৰৰ পত্নী হ’ব নোৱাৰিলে মুমতাজ, কি আছিল সেই চৰ্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.