ETV Bharat / entertainment

Prithviraj Sukumaran Injured: দৃশ্যগ্ৰহণৰ সময়ত আহত হয় মালয়ালম অভিনেতা পৃথ্বীৰাজ সুকুমাৰন

দুৰ্ঘটনাত পতিত হ’ল মালয়ালম অভিনেতা পৃথ্বীৰাজ সুকুমাৰন ৷ জানিব পৰা মতে শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী। বৰ্তমান কোচিৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

author img

By

Published : Jun 26, 2023, 9:08 PM IST

Malayalam actor Prithviraj Sukumaran injured on Vilayath Buddha's set
আহত হ’ল মালয়ালম অভিনেতা পৃথ্বীৰাজ সুকুমাৰন

চিটাৰা ডেস্ক, 26 জুন: শেহতীয়াকৈ মালয়ালম অভিনেতা পৃথ্বীৰাজ সুকুমাৰনে তেওঁৰ আগন্তুক ছবি ‘বিলাইথ বুদ্ধ’ৰ চিত্ৰগ্ৰহণ কৰি আছিল ৷ কিন্তু চিত্ৰগ্ৰহণৰ সময়তে সংঘটিত হয় অঘটন ৷ দৃশ্যগ্ৰহণৰ সময়তে আহত হয় অভিনেতাগৰাকী ৷ জানিব পৰা মতে ভৰিত আঘাত পাইছে অভিনেতাজনে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দুৰ্ঘটনাটোৰ পিচত কোচিৰ চিকিৎসালয়ত আজি (26 জুন) অভিনেতাগৰাকীৰ Keyhole Foot Surgery কৰা হ’ব । চিকিৎসকে সুকুমাৰনক সুস্থ নোহোৱালৈকে কেইসপ্তাহমানৰ বাবে কৰ্মস্থলীৰ পৰা ছুটী ল’বলৈ পৰামৰ্শ দিছে ।

একচনৰ দৃশ্য়গ্ৰহণৰ সময়ত আহত হয় পৃথ্বীৰাজ সুকুমাৰন

ইডুক্কিৰ মৰায়ুৰত ছবিখনৰ চেটত একচন ছিকুৱেন্সৰ শ্বুটিং কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হয় সুকুমাৰন । খবৰ অনুসৰি, পুৱা ১০.৩০ বজাত অভিনেতাজনে কে এছ আৰ টি চি বাছৰ ভিতৰত দৃশ্যগ্ৰহণ কৰি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাটোৰ পিচত প্ৰথমে অভিনেতাজনক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, তাৰ পৰাই পিচত তেওঁক চিকিৎসাৰ বাবে কোচিলৈ লৈ যোৱা হয় ।

আজি পৃথ্বীৰাজৰ Keyhole Foot Surgery কৰা হ’ব

বৰ্তমান অভিনেতাগৰাকী কোচিৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু আজি (২৬ জুন, সোমবাৰ) পৃথ্বীৰাজৰ Keyhole Foot Surgery কৰা হ’ব । একে সময়তে পৃথ্বীৰাজে সুস্থ হ’বলৈ কেইমাহমানৰ বিৰতি ল’ব, গতিকে "বিলাইথ বুদ্ধ" ছবিখনৰ নিৰ্মাণৰ কাম সাময়িকভাৱে বন্ধ কৰা ৰখা হ’ব । উল্লেখনীয় যে জয়ন নাম্বিয়াৰৰ পৰিচালিত এই ছবিখনৰ শ্বুটিং চলিত মাহৰ ভিতৰত শেষ হ’ব লাগিছিল। যদিও অভিনেতাগৰাকীৰ দুৰ্ঘটনাৰ বাবে শ্বুটিং কিছুসময় পিছুৱাই দিয়া হৈছে ৷

পৃথ্বীৰাজৰ ‘বিলাইথ বুদ্ধ’ৰ কাহিনী কি ?

খবৰ অনুসৰি ‘বিলাইথ বুদ্ধ’ ছবিখনৰ কাহিনী ভাগ মৰায়ুৰত চন্দন চুৰিৰ আধাৰত নিৰ্মিত । এই ছবিখনৰ উপৰিও প্ৰশান্ত নীলৰ পৰিচালনাত নিৰ্মিত প্ৰভাসৰ পৰৱৰ্তী ছবি ছালাৰত সুকুমাৰনক দেখা যাব । এই ছবিখন অহা ২৮ ছেপ্টেম্বৰত চিনেমাগৃহত মুক্তি পাব ।

লগতে পঢ়ক: Kamal Haasan In Project K: প্ৰজেক্ট কেত কমল হাছানৰ প্ৰৱেশ, বহু বছৰ পিচত পুনৰ এবাৰ অমিতাভ বচ্চনৰ সৈতে দেখা যাব কমলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.