চিটাৰা ডেস্ক, 9 ডিচেম্বৰ : মালাইকা আৰোৰা বলীউডৰ এনেকুৱা এটা চৰিত্ৰ যি আইটেম নাম্বাৰৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰতিটো কথাৰ বাবেই বাতৰিৰ শিৰোনামত থাকে ৷ কেইবাখনো হিট ছবিত মালাইকাই দিছে কেইবাটাও হিট আইটেম নাম্বাৰ ৷
এসময়ত আৰবাজ খানৰ সৈতে মালাইকাৰ প্ৰেম কাহিনীক প্ৰেমৰ সুন্দৰ নিদৰ্শন হিচাপে দাঙি ধৰা হৈছিল ৷ যি সময়ত চাৰিওফালে বিশ্বাসঘাটকতা, বিবাহ বিচ্ছেদৰ বাতৰিয়ে শিৰোনামা দখল কৰি আছিল সেই সময়ত আৰবাজ-মালাইকাই বৰ্তাই ৰখা দীৰ্ঘদিনীয়া বৈবাহিক সম্পৰ্কৰ বাবে সকলোৰে আগত আদৰ্শ হৈ ধৰা দিছিল ৷ কিন্তু চিৰস্থায়ী নহ’ল এই সম্পৰ্কও ৷ আঁতৰি আহিল আৰবাজ মালাইকা এজনে আনজনৰ পৰা ৷
আৰবাজ-মালাইকাৰ বিচ্ছেদৰ সময়ছোৱাত সকলো হতবাক হৈ পৰিছিল ৷ বলীউডত বিবাহ আৰু বিবাহ বিচ্ছেদ তেনেই সাধাৰণ যেন অনুমান হৈছিল সকলোৰে বাবে ৷ কিন্তু পিছলৈ বুজি উঠিলে অনুৰাগীয়ে যে আঁতৰি থাকিও সহৃয়তা আৰু মানৱীয়তাৰে জীয়াই থাকিব পাৰি ৷ কিয়নো বিচ্ছেদৰ পিছত দুয়োৱে বৰ্তাই ৰাখিছে এক বন্ধুত্বপূৰ্ণ সম্বন্ধ ৷ তেওঁলোকৰ একমাত্ৰ সন্তানৰ বাবে সদায় পিতৃ-মাতৃ হিচাপে দায়িত্ব একেলগে পালন কৰি আহিছে দুয়োৱে ৷ বিচ্ছেদৰ পিছত কেতিয়াও মালাইকা আৰু আৰবাজে এজনে আনজনকলৈ কটু মন্তব্য কৰা দেখা নাই ৷
- " class="align-text-top noRightClick twitterSection" data="
">
আঁতৰি আহি দুই তাৰকাই ব্যক্তিগত জীৱনত আগবাঢ়ি গ’ল ৷ কিন্তু থমকি ৰ’ল একাংশ দৰ্শক ৷ তেওঁলোকে এতিয়াও এই বিচ্ছেদৰ কথা উনুকিয়াই ৰস পাই ৷ ব্যক্তিগত ভাৱে একো একোজন সাৰথিৰ সৈতে জীৱনত আগবাঢ়ি যোৱা মালাইকা আৰু আৰবাজক ট্ৰ’ল কৰি ভাল পাই, তেওঁলোকৰ ওপৰত মিম বনাই ভাল পাই ৷ বহু ক্ষেত্ৰত তাৰকাসকলে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ এটাই কাৰণ, ‘ট্ৰ’ল’ ৷
দৰ্শকৰ মনোৰঞ্জনৰ বাবে তাৰকাসকলে জীৱন উছৰ্গা কৰে যদিও সকলোৰে থাকে এটা ব্যক্তিগত জীৱন ৷ হাজাৰ হ’লেও তেওঁলোকো তেজ-মঙহেৰে গঢ়া মানুহ ৷ প্ৰফেচনেল জীৱন এটাৰ লগতে সাধাৰণ জীৱন এটা তেওঁলোকেই যাপন কৰিব বিচাৰে ৷
আৰবাজৰ পৰা আঁতৰি অহাৰ পিছত অভিনেতা অৰ্জুন কাপুৰৰ সৈতে মালাইকাৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে (Arjun Kapoor Malaika Arora) ৷ এই লৈ তুমূল বিতৰ্ক ছ’চিয়েল মিডিয়াত ৷ প্ৰেমৰ সম্পৰ্কত থকা অৱশ্যে তেওঁলোকৰ বহু সময় হ’ল ৷ দুয়োৱে লুকুৱাই নৰখাকৈ এই সম্পৰ্কৰ কথা সকলোৰে আগত স্পষ্টকৈ প্ৰকাশো কৰিছে ৷ কিন্তু আজিও মানুহে দুয়োৰে মাজত থকা বয়সৰ ব্যৱধানৰ বাবে ট্ৰ’ল কৰে ৷
‘মুভিং ইন উইথ মালাইকা’ ৰ চতুৰ্থটো খণ্ডত মালাইকাই এই সকলোবোৰৰ ওপৰত নিজৰ মত ৰাখে ৷ কমেডীয়ানৰ ৰূপেৰে ট্ৰ’ল কৰা সকলক উভতি উত্তৰ দিয়ে অভিনেত্ৰী গৰাকীয়ে ৷ অৰ্জুনক ডেট কৰি তেওঁৰ জীৱন ধ্বংস কৰা নাই বুলি মন্তব্য কৰে তেওঁ ৷ দুয়োজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে সহমতত একেলগে থকাৰ সিদ্ধান্ত লৈছে, সেয়ে তাত কাৰো আপত্তি থাকিব নালাগে বুলিও মত প্ৰকাশ কৰে মালাইকাই ৷
লগতে পঢ়ক : Ram Gopal Varma news:অভিনেত্ৰীৰ ভৰিত চুমা খাই ফটো-ভিডিঅ’ টুইট কৰিলে ৰাম গোপাল বাৰ্মাই!