ETV Bharat / entertainment

Mahie Gill: ৪৭ বছৰীয়া দবাং অভিনেত্ৰীয়ে গোপনে বিয়া কৰালে প্ৰেমিকক, ৬ বছৰীয়া কন্যাৰ মাতৃ

২০০৯ চনত দেৱ ডি ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল মাহী গীলে । পূৰ্বে নিজকে অকলশৰীয়া মাতৃ বুলি চিনাকি দিয়া অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ নিজৰ গোপন বিয়াৰ খবৰ ৰাজহুৱা কৰিছে (Mahie Gill Secretly Married)।

Mahie Gill reveals she secretly married boyfriend Ravi Kesar
বিবাহপাশত আৱদ্ধ হৈছে মাহী গীল
author img

By

Published : Apr 18, 2023, 9:58 PM IST

চিটাৰা ডেস্ক, 18 এপ্ৰিল: বলীউডৰ বহু ছবিত নিজৰ উৎকৃষ্ট অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰিছে অভিনেত্ৰী মাহী গীল । যদিও বহু দিনৰ পৰা ৰূপালী পৰ্দাৰ পৰা আঁতৰি আছে অভিনেত্ৰীগৰাকী । ইফালে এতিয়া খবৰ আহিছে যে 47 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে গোপনে বিবাহপাশত আৱদ্ধ হৈছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে অভিনেত্ৰীগৰাকীয়ে নিজৰ বৈবাহিক জীৱনৰ কথা বহু সময়ৰ পৰা গোপন কৰি ৰাখিছিল । এতিয়া খবৰ অনুসৰি জানিব পৰা মতে মাহী অবিবাহিতা নহয় (Mahie Gill Secretly Married)।

বিবাহপাশত আৱদ্ধ হ’ল মাহী গীল

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গীলৰ বিবাহ অভিনেতা-উদ্যোগী ৰবি কেছাৰৰ সৈতে হৈছে । মন কৰিবলগীয়া যে ২০১৯ চনত দুয়োগৰাকীয়ে ডিজিটেল ছিৰিজ ‘ফিক্সাৰ’ত একেলগে স্ক্ৰীণ শ্বেয়াৰ কৰিছিল । একে সময়তে প্ৰতিবেদন অনুসৰি অভিনেত্ৰীগৰাকীয়ে গোৱালৈ স্থানান্তৰিত কৰিছে নিজৰ বাসস্থান । য’ত তেওঁ স্বামী আৰু কন্যা ভেৰ’নিকাৰ সৈতে থাকে । দুয়োৰে বিয়া কেতিয়া হৈছিল তাৰ কোনো তথ্য বৰ্তমানলৈকে পোৱা নাই । একে সময়তে প্ৰতিবেদন অনুসৰি মাহীয়ে নিজেই নিশ্চিত কৰি কয় যে, তেওঁ ৰবি কেছাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে (Mahie Gill reveals she secretly married) ৷

মাহী গীলৰ এগৰাকী কন্যাও আছে

অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনটো অতি ব্যক্তিগত কৰি ৰাখে । ২০১৯ চনত মাহীয়ে তেওঁৰ 2 বছৰীয়া কন্যা সন্তানৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল । কন্যা সন্তানটিৰ নাম ভেৰ’নিকা ৷ এক সাক্ষাৎকাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে কৈছিল, "ভেৰ’নিকাৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট নকৰাৰ ব্যক্তিগত কাৰণ আছে । মই এগৰাকী অতি ব্যক্তিগত আৰু লাজকুৰীয়া মানুহ আৰু মোৰ জীৱনত এনেকুৱা বহু কথাই হৈছে যিবোৰ মই কেতিয়াও ৰাজহুৱা কৰা নাই ।’’

বিয়াৰ বিষয়ে পূৰ্বে মাহী গীলে কি কৈছিল ?

পূৰ্বে যেতিয়া অভিনেত্ৰীগৰাকীক বিয়াৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ কৈছিল, ‘‘বিয়া হোৱাৰ প্ৰয়োজন কিয় ? মই তেনেকৈয়ে সুখী (অবিবাহিত) আৰু মই ভাবো যিকোনো ব্যক্তিয়েই সুখীভাৱে অবিবাহিত হ’ব পাৰে । বিয়া নোহোৱাকৈও পৰিয়াল থাকিব পাৰে আৰু সন্তান জন্ম দিব পাৰে । সন্তান আৰু পৰিয়ালৰ বাবে আমাক বিবাহৰ প্ৰয়োজন নাই বুলি মই ভাবো । বিবাহ এটা ধুনীয়া কথা কিন্তু বিবাহ হ’ব নহ’ব সেয়া ব্যক্তিগত পছন্দ ।’’

লগতে পঢ়ক: The Kapil Sharma Show : ২ মাহৰ পিচত বন্ধ হ’ব কপিল শৰ্মা শ্ব ! কপিল শৰ্মাই এই সন্দৰ্ভত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.