চিটাৰা ডেস্ক, 7 জুলাই: জনপ্ৰিয় কন্ঠশিল্পী অৰিজিৎ সিং আৰু প্ৰতিভাৱান সংগীত সুৰকাৰ মিঠুনে পুনৰবাৰ নিজৰ যাদুকৰী সৃষ্টিৰাজিৰে "তুম্হে কিতনা প্যাৰ কৰতে" নামৰ হৃদয়স্পৰ্শী গীতটি উপহাৰ দিছে ।
অৰিজিত সিঙৰ কণ্ঠই পুনৰবাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে । এই গীতটি মাত্ৰ অডিঅ'তহে মুক্তিলাভ কৰিছে । প্ৰশংসিত পৰিচালক নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত বহু প্ৰত্যাশিত ছবি ‘বাৱাল’ৰ বাবে এই গীতটোক চিত্ৰিত কৰা হৈছে ।
বৰুণ ধাৱন আৰু জাহ্নৱী কাপুৰৰ জিলিকি থকা যুটিটোৱে অভিনয় কৰা ছবিখনে আৱেগিক উত্থান-পতন আৰু আকৰ্ষণীয় কাহিনীভাগৰ প্ৰতিশ্ৰুতি দিছে । ২১ জুলাইত প্ৰাইম ভিডিঅ’ত প্ৰিমিয়াৰ হ’ব ৰোমান্টিক-ড্ৰামা ছবিখনৰ ।
উল্লেখ্য যে, আশিকী ২ ছবিখনত মিথুন আৰু অৰিজিৎ সিঙৰ যুটিয়ে এটা এটাকৈ হিট গীত দিছিল । Tumhe Kitna Pyaar Karte বৰ্তমান অডিঅ' সংস্কৰণত মুক্তি দিয়া হৈছে । ইয়াত মিঠুন আৰু অৰিজিৎ সিঙৰ শান্তিদায়ক কণ্ঠ শুনা যায় আৰু বৰুণ আৰু জাহ্নৱী কাপুৰৰ এখন ৰোমান্টিক ফটো পৰ্দাত দেখিবলৈ পোৱা গৈছে ।
- " class="align-text-top noRightClick twitterSection" data="">
কেতিয়া মুক্তি পাব ছবিখন ?
উল্লেখ্য যে, নিতেশ তিৱাৰীয়ে এই মাহত (২১ জুলাই) OTT প্লেটফৰ্ম Amazon Prime Videoত মুক্তি লাভ কৰিবলৈ ওলাইছে এই ছবিখন । এই কথা জানি আচৰিত হ’ব যে এই ছবিখন বিশ্বৰ ২০০ৰো অধিক দেশত ষ্ট্ৰীমিং হ’ব । একে সময়তে ছবিখন মুক্তিৰ পূৰ্বে পেৰিছৰ আইফেল টাৱাৰত প্ৰদৰ্শিত কৰা হ’ব বাৱালক । আইফেল টাৱাৰত প্ৰদৰ্শিত হ’বলগীয়া বাৱাল হ’ব প্ৰথমখন ভাৰতীয় চিনেমা ছবি । এই স্ক্ৰীনিং অতি শীঘ্ৰেই হ’বলৈ গৈ আছে ।