চিটাৰা ডেস্ক, 2 মাৰ্চ: ছুপাৰষ্টাৰ ৰজনীকান্তৰ সন্দৰ্ভত লাইকা প্ৰডাকচনে কৰিছে এক ডাঙৰ ঘোষণা । ‘জয় ভীম’ৰ পৰিচালক টি জে গ্নাভেলৰ সৈতে নিজৰ জীৱনৰ ১৭০ সংখ্যক ছবি নিৰ্মাণ কৰিব ৰজনীকান্তে ৷ ছবিখনৰ আংশিক শিৰোনাম হ’ব ‘থালাইভাৰ ১৭০’। ইয়াৰ শ্বুটিং অতি সোনকালে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । সম্প্ৰতি ৰজনীকান্ত তেওঁৰ আগন্তুক ছবি ‘জেলাৰ’ৰ শ্বুটিঙত ব্যস্ত হৈ আছে । ‘জেলাৰ’ তেওঁৰ ১৬৯ সংখ্যক ছবি (Official announcement on Rajinikanths 170th movie)।
নিৰ্মাতাসকলে অধ্যক্ষ সুবাস কৰণৰ জন্মদিন উপলক্ষে ছ’চিয়েল মিডিয়াত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰি বৃহৎ ঘোষণা কৰিছে । পোষ্টটোত লিখিছে, ‘লাইকা প্ৰডাকচনৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ থালাইভাৰ ১৭০ নামৰ ছবিখন ঘোষণা কৰি আমি সুখী আৰু সন্মানিত হৈছো । এই ছবিখন পৰিচালনা কৰিব টি জে জ্ঞানভেলে । ছবিখনত থাকিব ৰকষ্টাৰ অনিৰুদ্ধৰ সংগীত । জি কে এম তামিল কুমাৰনৰ নেতৃত্বত অতি সোনকালে আৰম্ভ হ’ব ছবিখন শ্বুটিং আৰু ২০২৪ চনত মুক্তি লাভ কৰিব ছবিখন ।
- " class="align-text-top noRightClick twitterSection" data="
">
থালাইভাৰ ১৭০ কি ?
খবৰ অনুসৰি, থালাইভাৰ ১৭০ ছবিখন এখন সঁচা ঘটনাৰ আধাৰত নিৰ্মিত হ’ব (Thalaivar 170 release announced) । এই ছবিখনত ৰজনীকান্তক আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব । টি জে জ্ঞানভেলে তেওঁৰ প্ৰথমখন ব্লকবাষ্টাৰ ছবি ‘জয় ভীম’ৰ দৰে সামাজিক বাৰ্তাৰে এখন শক্তিশালী ছবি দিয়াৰ পৰিকল্পনা কৰিছে ।
ৰজনীকান্তৰ কৰ্মক্ষেত্ৰ
সম্প্ৰতি নেলছন দিলীপ কুমাৰৰ ‘জেলাৰ’ৰ শ্বুটিঙত ব্যস্ত ৰজনীকান্ত । শেহতীয়াকৈ জয়ছলমেৰত দীঘলীয়া শ্বুটিঙৰ সামৰণি পৰে ছুপাৰষ্টাৰগৰাকীৰ । বৰ্তমান চূড়ান্ত পৰ্যায়ত চলি আছে শ্বুটিং । জানিব পৰা মতে চেন্নাইত এটা ডাঙৰ একচন ছিকুৱেন্সৰ শ্বুটিং কৰি আছে ৰজনীকান্তে (Superstar Rajinikanths Thalaivar 170) ।
য’ত কানাড়া ছুপাৰষ্টাৰ শিৱ ৰাজকুমাৰে ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিছে । ৰম্য কৃষ্ণন, যোগী বাবু, বসন্ত ৰবি, বিনায়কন আদি অভিনেতাই এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত মালয়ালমৰ ছুপাৰষ্টাৰ মোহনলালক বিশেষ চৰিত্ৰত দেখা যাব । বলীউডৰ অভিনেতা জেকী শ্ৰফো ছবিখনৰ এটা অংশ হ’ব । ইয়াৰ উপৰিও কন্যা ঐশ্বৰ্যই পৰিচালনা কৰি থকা ‘লাল চালাম’ ছবিখনৰো অংশ হিচাপে আছে ছুপাৰষ্টাৰগৰাকী । ছবিখনত তেওঁ কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছে ।
লগতে পঢ়ক: Allu Arjun Rejects SRK Jawan: শ্বাহৰুখ খানৰ ছবিত অভিনয় কৰিবলৈ কিয় নাকচ কৰিলে আল্লু অৰ্জুনে?