ETV Bharat / entertainment

Salman Khan: মেনে প্যাৰ কিয়াৰ সহ অভিনেতা ভাগ্যশ্ৰী-মহনীশৰ কন্যাৰ লগত ছলমানৰ ছবি; ভাগ্যশ্ৰীয়ে ক’লে এই কথা

author img

By

Published : Apr 24, 2023, 12:09 PM IST

মেনে প্যাৰ কিয়াৰ সহ অভিনেতা মহনীশৰ কন্যাই ছলমান আৰু ভাগ্যশ্ৰীৰ কন্যা অৱন্তিকাৰ লগত শ্বেয়াৰ কৰিছে পৰ্দা ৷ ছবি দেখি নষ্টালজিক হৈ পৰিল অনুৰাগী (Salman Khan) ৷

Loved Maine Pyar Kiya? This pic of Salman with Bhagyashrees daughter Mohnish Bahls daughter will make you nostalgic
মহনীশৰ কন্যাই ছলমান আৰু ভাগ্যশ্ৰীৰ কন্যা অৱন্তিকাৰ লগত শ্বেয়াৰ কৰিছে ছবি

চিটাৰা ডেস্ক, ২৪ এপ্ৰিল : শেহতীয়াকৈ আয়ুষ শৰ্মা আৰু অৰ্পিতা খান শৰ্মাই আয়োজন কৰিছিল ঈদৰ পাৰ্টি ৷ এই পাৰ্টিত অংশগ্ৰহণ কৰিছিল বলীউডৰ বহু জনপ্ৰিয় তাৰকাই ৷ ছুপাৰষ্টাৰ ছলমান খান, আমিৰ খান, কেটৰিণাৰ পৰা আদি কৰি বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক দেখা পোৱা গৈছিল আয়ুষ শৰ্মা আৰু অৰ্পিতা খান ঈদৰ পাৰ্টিত ৷ কিন্তু ইয়াৰ মাজতে পাৰ্টিৰ পৰা ভাইজানৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

‘মেনে প্যাৰ কিয়া’ৰ সহ অভিনেত্ৰী ভাগ্যশ্ৰী আৰু মহনীশ বাহলৰ কন্যাৰ সৈতে ছলমান খানৰ ফটো ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত (Maine Pyar Kiya)। মহনীশ বাহলৰ কন্যা প্ৰনুতনে ইনষ্টাগ্ৰামত ছলমান আৰু অভিনেত্ৰী ভাগ্যশ্ৰীৰ কন্যা অৱন্তিকাৰ সৈতে কেইখনমান ছবি শ্বেয়াৰ কৰিছে (Pranutan and Avantika) ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে ২০১৯ চনত ছলমান খানৰ প্ৰডাকচন ‘নোটবুক’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল প্ৰনুতনে (Mohnish Bahls daughter Salman)। আনহাতে ২০২২ চনত জি ৫ ৰ ৱেব ছিৰিজ মিথ্যাৰ জৰিয়তে অৱন্তিকাই বলীউডত আত্মপ্ৰকাশ কৰিছিল (Salman with Bhagyashrees daughter) ৷

ছলমান খানে হাঁহি হাঁহি প্ৰনুতন আৰু অৱন্তিকাৰ সৈতে ছবিত পোজ দিয়ে ৷ প্ৰনুতনে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্টটোৰ কেপচনত লিখিছে, ‘মেনে প্যাৰ কিয়া মাল্টিভাৰ্ছত, জীৱনৰ কন্যা আৰু সুমনৰ কন্যা সৈতে প্ৰেম ।"

ইফালে প্ৰনুতন আৰু অৱন্তিকাৰ সৈতে ছলমান খানৰ ছবিয়ে নেটিজেনক নষ্টালজিক কৰা দেখা যায় । এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী মন্তব্য কৰে যে, "অ' মাই গড ! এই ছবিখনে মোক 'মেনে প্যাৰ কিয়া'ৰ দিনলৈ লৈ গ’ল।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "যদি #মনিষবেহল আৰু @bhagyashree.online দুয়ো একেলগে ছবিখনত থাকিলে হয় তেন্তে আৰু ভাল লাগিল হয় ৷ "

ইফালে অভিনেত্ৰী ভাগ্যশ্ৰীয়ে এই ছবিখনক লৈ এতিয়া ব্যক্তি কৰিছে প্ৰতিক্ৰিয়া । ইনষ্টাগ্ৰাম ষ্ট’ৰীত অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘ইমান এটা কিউট কেণ্ডিড ছবি ।’ উল্লেখ্য যে শেহতীয়াকৈ ভাগ্যশ্ৰীক ছলমানৰ সৈতে দেখা পোৱা গৈছিল ‘কিছি কা ভাই কিছি কি জান’ত এক বিশেষ দৃশ্যৰ বাবে। কিচি কা ভাই কিছি কি জানত বিশেষ অভিনয়ত ভাগ্যশ্ৰী, স্বামী হিমালয় দাসানী, অভিনেতা-পুত্ৰ অভিমন্যু দাসানীক দেখা পোৱা গৈছিল ৷ মেকাৰৰ্ছে মেইন প্যাৰ কিয়া ছবিখনক এক মৰমলগা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

কিচি কা ভাই কিছি জান ছবিত অভিনয় কৰি ভাগ্যশ্ৰীয়ে অনুৰাগীৰ প্ৰতিক্ৰিয়াৰ কেইবাটাও পোষ্ট শ্বেয়াৰ কৰে । অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াক লিখিছে,"ধন্যবাদ...মই নিজকে ধন্য অনুভৱ কৰিছো ৷ "(ANI)

লগতে পঢ়ক: Shah Rukh Khan: শ্বাহৰুখৰ ভাগ্যৱান অনুৰাগীয়ে মন্নতত লাভ কৰিলে নিমন্ত্ৰণ, নিজ হাতেৰে কিং খানে বনাই খুৱালে পিজ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.