ETV Bharat / entertainment

Nawazuddin Siddiqui emotional post: জীৱনটো ট্ৰেজেডী-কমেডীৰ সংমিশ্ৰণ; কিয় ক’লে নৱাজুদ্দিন ছিদ্দিকীয়ে - নৱাজুদ্দিন ছিদ্দিকী

প্ৰাক্তন পত্নী আলিয়াৰ সৈতে হোৱা গৃহকন্দলত দুখী নৱাজুদ্দিন ছিদ্দিকীয়ে নিজৰ যন্ত্ৰণা বিশ্বৰ সন্মুখত প্ৰকাশ কৰিছে । এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কৈছে যে, তেওঁৰ জীৱনটো কৌতুকলৈ পৰিণত হৈছে (Nawazuddin Siddiqui latest news) । আনহাতে নৱাজৰ বৌয়েকে অভিনেত্ৰী কংগনা ৰাণাৱটক লক্ষ্য কৰি লৈছে ।

Nawazuddin Siddiqui
নৱাজুদ্দিন ছিদ্দিকী
author img

By

Published : Feb 15, 2023, 5:36 PM IST

চিটাৰা ডেস্ক, 15 ফেব্ৰুৱাৰী : বলীউডৰ জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকী আজিকালি প্ৰায়ে পাৰিবাৰিক কন্দলৰ বাবে চৰ্চাত থাকে ৷ পত্নী আলিয়াৰ সৈতে অভিনেতা গৰাকীৰ ঘৰত শেহতীয়াকৈ লগা বাকযুদ্ধ খন ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Nawazuddin Siddiqui latest news) ৷ দুয়োৰে মাজত হোৱা কথা-বতৰা ভিডিঅ’ কৰি আলিয়াই নিজৰ ইনষ্টাগ্ৰাম পোষ্ট কৰি দিয়ে ৷ ইমানখিনিৰ পিচত এতিয়া নৱাজে দুখ মনেৰে এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ জীৱনৰ দুখৰ কথা বৰ্ণনা কৰিছে (Nawazuddin Siddiqui family dispute) ৷

'জীৱনটো কৌতুক হৈ পৰিছে'-

পাৰিবাৰিক মতানৈক্যত দুখী হৈ নৱাজুদ্দিনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে (Nawazuddin Siddiqui instagram), “জীৱনটো ওচৰৰ পৰা চালে এক ধ্বংসাত্মক আৰু দূৰৰ পৰা চালে এক দৰ্শনীয় ৰূপত পৰিণত হৈছে” । আচলতে অভিনয়ত ষ্ট্ৰেইট আৰু নিভাঁজ শিল্পী নৱাজুদ্দিন যেন ভিতৰৰ পৰা সম্পূৰ্ণৰূপে ভাঙি গৈছে পোষ্ট পঢ়ি তেনে অনুমান হয় । নৱাজুদ্দিনৰ অনুৰাগীয়ে তেওঁক সাহসেৰে সৈতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কৈছে ।

নৱাজৰ বৌয়েকে কংগনাক লক্ষ্য কৰি লৈছে-

নৱাজুদ্দিন ছিদ্দিকীৰ প্ৰাক্তন পত্নী আলিয়াই তেওঁলোকৰ সন্তানৰ বাবে আদালতত গোচৰ ৰুজু কৰিছে । তেওঁ শ্বেয়াৰ কৰা ভিডিঅ’টোত তেওঁ চিঞৰি চিঞৰি কৈছিল যে, নৱাজে তেওঁলোকৰ এটি সন্তানক নিজৰ বুলি মানি ল’বলৈ অমান্তি হৈছে (Nawazuddin Siddiqui and aaliya nawazuddin) ৷ সেই সময়তে, যেতিয়া আলিয়াই ঘৰৰ বাহিৰত থিয় হৈ থকা নৱাজৰ ভিডিঅ'টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল, অভিনেত্ৰী কংগনা ৰাণাৱটে তেওঁৰ ওপৰত খং কৰিছিল । কংগনাই নৱাজৰ সপক্ষে মন্তব্য কৰি এটা দীঘলীয়া পোষ্ট কৰিছিল আৰু আলিয়াক সুধিছিল যে, এইটো কি উৎপীড়ন । কংগনাৰ পোষ্টটোত, নৱাজৰ বৌ শীলা ছিদ্দিকীয়ে অভিনেত্ৰী গৰাকীক সম্পূৰ্ণ সঁচা কথা কৈছিল আৰু ছ'চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰি নৱাজৰ গোটেই পৰিয়ালৰ সমগ্ৰ নাটকখন জনসাধাৰণৰ সন্মুখত তুলি ধৰিছিল (Nawazuddin Siddiqui recent updates) ।

Nawazuddin Siddiqui
নৱাজুদ্দিন ছিদ্দিকীয়ে নিজৰ যন্ত্ৰণা বিশ্বৰ সন্মুখত প্ৰকাশ কৰিছে

নৱাজৰ বৌয়েকে লিখিছিল, "শ্ৰদ্ধাৰ কংগনা ৰাণাৱট দিদি, একো নজনাকৈ আপোনাৰ ছবিখনৰ মুখ্য অভিনেতাজনক কেৱল সমৰ্থন কৰিলেই আপুনি একপক্ষীয় সিদ্ধান্ত গ্ৰহণকাৰী হৈ পৰে । ভাইহঁতৰ স্থিতি হ’ল মোৰ স্বামী ছামাছুদ্দিন ছিদ্দিকীও যোৱা 18 বছৰে চিনেমা জগতৰ সৈতে জড়িত আৰু টিভি শ্ব’ পৰিচালনা কৰি নৱাজ ভাইৰ খৰচ বহন কৰিছিল, এই কথা তেওঁ নিজেই তেওঁৰ বহু সাক্ষাৎকাৰ আৰু জীৱনীত কৈছে ৷ 2012 চনত, নৱাজ ভাইৰ বাবে তেওঁৰ টিভি কেৰিয়াৰ এৰি দিছিল আৰু তেওঁৰ বাবে কাম চাইছিল আৰু তেওঁৰ যৌৱনৰ সোণালী বছৰবোৰ তেওঁৰ ভায়েকক দি দিছিল । তেওঁৰ বেছিভাগ সাক্ষাৎকাৰত, নৱাজ ভাইয়ে মোৰ স্বামীৰ ত্যাগৰ বিষয়ে উল্লেখ কৰিছে" ।

লগতে পঢ়ক : Nawazuddin Siddiqui latest news: দ্বিতীয় সন্তানক মানি ল’ব বিচৰা নাই নৱাজুদ্দিনে, পত্নীয়ে আখ্যা দিলে বিশ্বাসঘাতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.