ETV Bharat / entertainment

Lawrence Bishnoi warns Salman: ছলমানলৈ সতৰ্কবাণী লৰেন্স বিষ্ণোইৰ - ছলমানলৈ সতৰ্কবাণী লৰেন্স বিষ্ণোইৰ

দিল্লী আৰক্ষীক দিয়া বিবৃতিত প্ৰকাশ পাইছে যে গেংষ্টাৰ লৰেন্স বিষ্ণোয়ে মুকলিকৈ সতৰ্ক কৰি দিছে ছলমান খানক ৷ ক’লা হৰিণ চোৰাং চিকাৰৰ গোচৰত অভিযুক্ত ছলমান খানে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে লৰেন্সে (Salman Khan blackbuck case)।

Lawrence Bishnoi
ছলমানলৈ সতৰ্কবাণী লৰেন্স বিষ্ণোইৰ
author img

By

Published : Jul 12, 2022, 9:00 PM IST

চিটাৰা ডেস্ক, 12 জুলাই : বিখ্যাত পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ তদন্তৰ সময়ত এইটো প্ৰকাশ পাইছিল যে গায়কজনৰ হত্যাকাৰীয়ে ছলমান খানকো হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ৷ এই সন্দৰ্ভত ছলমান খানক লৰেন্স বিষ্ণোই দলৰ দ্বাৰা মৃত্যুৰ ভাবুকিও দিয়া হৈছিল । এতিয়া এই ঘটনাত এটা নতুন মোৰ দেখিবলৈ পোৱা গৈছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, লৰেন্স বিষ্ণোয়ে ছলমান খানক সতৰ্ক কৰি দিছে যে ক’লা হৰিণৰ চোৰাং চিকাৰৰ ক্ষেত্ৰত অভিনেতাজনক কেতিয়াও ক্ষমা কৰা নহ'ব । এই বিবৃতিটো তেতিয়া প্ৰকাশ পাইছিল যেতিয়া দিল্লী আৰক্ষীৰ বিশেষ দলে ছলমান খানে লাভ কৰা ভাবুকিৰ তদন্ত কৰি আছিল ।

লৰেন্সে দিছে ছলমান খানক জীয়াই থকাৰ সুযোগ

দিল্লী আৰক্ষীয়ে কৈছে যে লৰেন্সে বিবৃতিত ক’লা হৰিণৰ গোচৰ সন্দৰ্ভত ছলমান খানৰ ওপৰত এটা মন্তব্য দিছে যে কোনো আদালতে এই গোচৰটোৰ সিদ্ধান্ত নল'ব । লৰেন্সে ছলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানক এই ঘটনাটোৰ সন্দৰ্ভত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ কৈছে, তেতিয়া তেওঁ খং পৰিহাৰ কৰিব । বিষ্ণোয়ে জানিবলৈ দিয়ে যে তেওঁৰ সমাজে ক’লা হৰিণক তেওঁলোকৰ ধৰ্মীয় গুৰু ভগৱান জুম্বেশ্বৰৰ পুনৰ্জন্ম বুলি গণ্য কৰে । গতিকে ছলমানে তেওঁলোকক চিকাৰ কৰাৰ ঘটনাত তেওঁলোক গভীৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।

কেতিয়া লাভ কৰিছিল ছলমান খানে ভাবুকি?

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৫ জুনত মৰ্নিং ৱাকৰ সময়ত বান্দ্ৰাত ছলমান খানৰ পিতৃ চেলিম খানে এখন অজ্ঞাত চিঠি লাভ কৰিছিল । এই ভাবুকি পত্ৰখনত ছলমান খান আৰু চেলিম খানক পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ দৰে হত্যাৰ ভাবুকি দিয়া হৈছিল । এই গোচৰৰ তদন্তৰ সময়ত এইটোও প্ৰকাশ পাইছিল যে এবাৰ ছলমানক লৰেন্সৰ চোকা শ্বুটাৰজনে হাতত চাইলেন্সাৰ গান নথকাৰ বাবেই গুলীয়াই মাৰিব নোৱাৰিলে ।

ঈদৰ দিনা অনুপস্থিত ছলমান খান

এইবাৰ ঈদত ছলমান খানে দেখা নিদিলে নিজৰ অনুৰাগীক । প্ৰতিটো ঈদত ছলমান খানে বেলকনিলৈ আহি নিজৰ অনুৰাগীসকলক সম্ভাষণ জনায় । নিৰাপত্তাজনিত কাৰণতে ঈদৰ দিনা ছলমানক ঘৰৰ পৰা ওলাই নাহিবলৈ পৰামৰ্শ দিছিল আৰক্ষীয়ে ।

ক’লা হৰিণ চোৰাং চিকাৰৰ প্ৰকৃত ঘটনাটো কি আছিল?

১৯৯৮ চনত ৰাজস্থানত ছলমান খানে হম সাথ-সাথ হে ছবিখনৰ শ্বুটিং কৰি আছিল । ৰাজশ্ৰী প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হৈছিল এই ছবিখন । এই সময়ছোৱাত ছলমান খানে সহ অভিনেতা ছৈফ আলী খান, নীলম, টাবু আৰু সোণালী বেন্দ্ৰেৰ সৈতে দুটা ক’লা হৰিণা চিকাৰ কৰিছিল (Salman Khan blackbuck case) ।

সেই সময়ত বিষ্ণোই সমাজে এই গোচৰত ছলমান খানৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছিল । এই গোচৰত ছলমানক গ্ৰেপ্তাৰো কৰা হৈছিল আৰু আজিলৈকে এই গোচৰ চলি আছে । এই গোচৰত ছলমান খানক ৫ বছৰৰ কাৰাদণ্ড বিহা হৈছিল ।

লগতে পঢ়ক : ভাইজানে অনুৰাগীক নিদিলে ঈদৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.