ETV Bharat / entertainment

Salman Khan: শ্বেহনাজ গীলৰ অনুৰাগীৰ ওপৰত কিয় খং উঠিল ছলমান খানৰ ?

author img

By

Published : Apr 17, 2023, 6:38 PM IST

ছলমান খানৰ আগন্তুক ছবি ‘‘কিছি কা ভাই কিছি কি জান’’ৰ প্ৰমোচনৰ বাবে সম্পূৰ্ণ টীমৰ সৈতে কপিল শৰ্মা শ্ব’ত উপস্থিত হৈছিল ছলমান (Shehnaaz Gill) ৷ এই শ্ব’টোত পুনৰবাৰ ছলমানে শ্বেহনাজ গীলক জীৱনত আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে ৷

Kya Sidnaaz Laga Rakha Hai? Salman Khan schools Shehnaaz Gills fans for not letting her move on
ছলমানে শ্বেহনাজ গীলক জীৱনত আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে

চিটাৰা ডেস্ক, 17 এপ্ৰিল: বলীউডৰ তাৰকা ছলমান খান সম্প্ৰতি ব্যস্ত তেওঁৰ আগন্তুক ছবি ‘‘কিচি কা ভাই কিছি কি জান’’ৰ প্ৰচাৰত ৷ এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব শ্বেহনাজ গীল আৰু পলক তিৱাৰীয়ে (Salman Khan) ৷ আনহাতে, ছবিখনত দেখা পোৱা যাব ছলমান খান, পূজা হেগড়ে, ভূমিকা চাওলা, পলক তিৱাৰী, সিদ্ধাৰ্থ নিগম, ভিনালী, ভেংকটেশ ডাগ্গুবাটি, শ্বেহনাজ গীল, ৰাঘৱ জুৱাল, জাছি গীলক ৷ কিছুদিন পূৰ্বে ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত শ্বেহনাজ গীল আৰু ৰাঘৱ জুৱালৰ সম্পৰ্কৰ সন্দৰ্ভত ইংগিত দিছিল ছলমান খানে ৷ ইয়াৰ পিচতে ছ’চিয়েল এই বিষয়ে ব্যাপক চৰ্চা হোৱা দেখা যায় ৷

শেহতীয়াকৈ ছবিখনৰ প্ৰচাৰৰ বাবে ছবিখনৰ সম্পূৰ্ণ দলৰ সৈতে ছলমান খান উপস্থিত হৈছিল কপিল শৰ্মা শ্ব’ত ৷ কপিল শৰ্মা শ্ব’ত তাৰকাগৰাকীয়ে পুনৰ শ্বেহনাজক মভ অন কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ‘সিদনাজ’ৰ (অনুৰাগীয়ে সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজক দিয়া নাম) পৰা জীৱনত ‘মভ অন’ কৰিবলৈ শ্বেহনাজক আহ্বান জনায় ভাইজানে (The Kapil Sharma Show) ।

দ্য কপিল শৰ্মা শ্ব’ৰ চেটৰ পৰা বলীউডৰ ভাইজানৰ এটা ভিডিঅ’ দ্ৰুতগতিত শ্বেয়াৰ হৈছে ছ’চিয়েল মিডিয়াত ৷ ভাইৰেল হোৱা ভিডিঅ’টোত ছলমানে ছ’চিয়েল মিডিয়াত "সিদনাজ" ট্ৰেণ্ড গঢ়ি তোলাৰ বাবে তেওঁৰ অনুৰাগীসকলক সমালোচনা কৰা দেখা (Shehnaaz Gili in Kapil Sharma Show ) । ট্ৰ’ল কৰা সকলক সম্বোধন কৰি অভিনেতাগৰাকীয়ে কয়, "ক্যা সিদনাজ লগা ৰখা হে?" তাৰকাগৰাকীয়ে আঙুলিয়াই দিয়ে যে, শেহতীয়াকৈ যেতিয়া ৰাঘৱৰ সৈতে শ্বেহনাজৰ ডেটিংৰ বাতৰি সামাজিক মাধ্যমত বিয়পি পৰিছিল, তেতিয়া শ্বেহনাজক সেই একেখিনি মানুহেই ট্ৰ’ল কৰিছিল ।

The way Salman protecting Shehnaaz here 🥹❤️ MY HEART 😭🫶

Also her face here….even she’s hurt from seeing these things every where 😣💔 #SalmanKhan#ShehnaazGill pic.twitter.com/NqCLAvaJ0R

— k. (@karishmaokay) April 16, 2023 ">

ছলমানৰ মতে, সিদনাজক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াৰ উন্মাদনাই শ্বেহনাজক জীৱনত আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি কৰিছে (Salman Khan scolds Shehnaaz Gill fans)। ছলমান খানে স্পষ্টকৈ কৈছিল যে, শ্বেহনাজে অৱশেষত বিয়া হৈ ল’ৰা-ছোৱালী জন্ম দিব লাগিব, গতিকে সিদনাজক টানি থকাৰ কি প্ৰয়োজন ? ছলমানে উল্লেখ কৰে যে সিদ্ধাৰ্থ শুক্লা বৰ্তমান এই পৃথিৱীত নাই যদিও সিদ্ধাৰ্থে বিচাৰিব যে শ্বেহনাজে নিজৰ জীৱনত সুখ আৰু মৰম বিচাৰি পাওক (Salman Khan in Kapil Sharma Show) ।

৫৭ বছৰীয়া অভিনেতাগৰাকীয়ে শ্বেহনাজক “সিদনাজ”ৰ কথা সোঁৱৰাই নিদিবলৈ অনুৰাগীক আহ্বান জনায় ৷ ইফালে, চলিত বৰ্ষৰ ২১ এপ্ৰিলত মুক্তি লাভ কৰিব কিচি কা ভাই কিচি কি জান ছবিখন (Kisi Ka Bhai Kisi Ki Jaan)।

লগতে পঢ়ক: Pooja Hegde: বাবা ছিদ্দিকৰ ইফতাৰ পাৰ্টিত অনুপযুক্ত সাজ পৰিধান কৰাৰ বাবে ব্যাপক ট্ৰলৰ সন্মুখীন হয় পূজা হেগড়ে

চিটাৰা ডেস্ক, 17 এপ্ৰিল: বলীউডৰ তাৰকা ছলমান খান সম্প্ৰতি ব্যস্ত তেওঁৰ আগন্তুক ছবি ‘‘কিচি কা ভাই কিছি কি জান’’ৰ প্ৰচাৰত ৷ এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব শ্বেহনাজ গীল আৰু পলক তিৱাৰীয়ে (Salman Khan) ৷ আনহাতে, ছবিখনত দেখা পোৱা যাব ছলমান খান, পূজা হেগড়ে, ভূমিকা চাওলা, পলক তিৱাৰী, সিদ্ধাৰ্থ নিগম, ভিনালী, ভেংকটেশ ডাগ্গুবাটি, শ্বেহনাজ গীল, ৰাঘৱ জুৱাল, জাছি গীলক ৷ কিছুদিন পূৰ্বে ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত শ্বেহনাজ গীল আৰু ৰাঘৱ জুৱালৰ সম্পৰ্কৰ সন্দৰ্ভত ইংগিত দিছিল ছলমান খানে ৷ ইয়াৰ পিচতে ছ’চিয়েল এই বিষয়ে ব্যাপক চৰ্চা হোৱা দেখা যায় ৷

শেহতীয়াকৈ ছবিখনৰ প্ৰচাৰৰ বাবে ছবিখনৰ সম্পূৰ্ণ দলৰ সৈতে ছলমান খান উপস্থিত হৈছিল কপিল শৰ্মা শ্ব’ত ৷ কপিল শৰ্মা শ্ব’ত তাৰকাগৰাকীয়ে পুনৰ শ্বেহনাজক মভ অন কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ‘সিদনাজ’ৰ (অনুৰাগীয়ে সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজক দিয়া নাম) পৰা জীৱনত ‘মভ অন’ কৰিবলৈ শ্বেহনাজক আহ্বান জনায় ভাইজানে (The Kapil Sharma Show) ।

দ্য কপিল শৰ্মা শ্ব’ৰ চেটৰ পৰা বলীউডৰ ভাইজানৰ এটা ভিডিঅ’ দ্ৰুতগতিত শ্বেয়াৰ হৈছে ছ’চিয়েল মিডিয়াত ৷ ভাইৰেল হোৱা ভিডিঅ’টোত ছলমানে ছ’চিয়েল মিডিয়াত "সিদনাজ" ট্ৰেণ্ড গঢ়ি তোলাৰ বাবে তেওঁৰ অনুৰাগীসকলক সমালোচনা কৰা দেখা (Shehnaaz Gili in Kapil Sharma Show ) । ট্ৰ’ল কৰা সকলক সম্বোধন কৰি অভিনেতাগৰাকীয়ে কয়, "ক্যা সিদনাজ লগা ৰখা হে?" তাৰকাগৰাকীয়ে আঙুলিয়াই দিয়ে যে, শেহতীয়াকৈ যেতিয়া ৰাঘৱৰ সৈতে শ্বেহনাজৰ ডেটিংৰ বাতৰি সামাজিক মাধ্যমত বিয়পি পৰিছিল, তেতিয়া শ্বেহনাজক সেই একেখিনি মানুহেই ট্ৰ’ল কৰিছিল ।

ছলমানৰ মতে, সিদনাজক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াৰ উন্মাদনাই শ্বেহনাজক জীৱনত আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি কৰিছে (Salman Khan scolds Shehnaaz Gill fans)। ছলমান খানে স্পষ্টকৈ কৈছিল যে, শ্বেহনাজে অৱশেষত বিয়া হৈ ল’ৰা-ছোৱালী জন্ম দিব লাগিব, গতিকে সিদনাজক টানি থকাৰ কি প্ৰয়োজন ? ছলমানে উল্লেখ কৰে যে সিদ্ধাৰ্থ শুক্লা বৰ্তমান এই পৃথিৱীত নাই যদিও সিদ্ধাৰ্থে বিচাৰিব যে শ্বেহনাজে নিজৰ জীৱনত সুখ আৰু মৰম বিচাৰি পাওক (Salman Khan in Kapil Sharma Show) ।

৫৭ বছৰীয়া অভিনেতাগৰাকীয়ে শ্বেহনাজক “সিদনাজ”ৰ কথা সোঁৱৰাই নিদিবলৈ অনুৰাগীক আহ্বান জনায় ৷ ইফালে, চলিত বৰ্ষৰ ২১ এপ্ৰিলত মুক্তি লাভ কৰিব কিচি কা ভাই কিচি কি জান ছবিখন (Kisi Ka Bhai Kisi Ki Jaan)।

লগতে পঢ়ক: Pooja Hegde: বাবা ছিদ্দিকৰ ইফতাৰ পাৰ্টিত অনুপযুক্ত সাজ পৰিধান কৰাৰ বাবে ব্যাপক ট্ৰলৰ সন্মুখীন হয় পূজা হেগড়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.