ETV Bharat / entertainment

প্ৰভাসৰ সৈতে প্ৰেমৰ বাতৰি সন্দৰ্ভত মুখ খুলিলে কৃতি সেননে

author img

By

Published : Nov 30, 2022, 11:14 AM IST

কৃতি সেননে ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰভাসৰ সৈতে প্ৰেমৰ উৰাবাতৰিবোৰ আঁতৰাই এটা বিবৃতি জাৰি কৰিছে । ৰিয়েলিটী শ্ব' ঝলক দিখলা জাত বৰুণ ধৱনে তেওঁৰ আৰু কৃতিৰ ছবি ভেড়িয়াৰ প্ৰচাৰৰ সময়ত কৃতিৰ প্ৰেম জীৱনৰ সন্দৰ্ভত কৰা মন্তব্যই কৃতি প্ৰভাসৰ প্ৰেম কাহিনীত ইন্ধন যোগায় ৷ সৰৱ চৰ্চা চলিছে সামাজিক মাধ্যমত দুয়োৰে বিয়াক লৈ ৷

Kriti Sanon
প্ৰভাসৰ সৈতে প্ৰেমৰ বাতৰি সন্দৰ্ভত মুখ খুলিলে কৃতি সেননে

চিটাৰা ডেস্ক, 30 নৱেম্বৰ : ছ’চিয়েল মিডিয়াত তোলপাৰ লগাইছে কৃতি সেনন আৰু দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসৰ বিবাহৰ বাতৰিয়ে । এই বাতৰি বিয়পি পৰাৰ পিছতে দুয়োৰে অনুৰাগী সকল উদ্বাউল হৈ পৰে ৷ এই বাতৰিত সত্যসত্যতাৰ বিচাৰ-খোচাৰ কৰি থকাৰ সময়তে কৃতিয়ে এইবোৰক ভিত্তিহীন বুলি স্পষ্টকৈ প্ৰকাশ কৰিলে ।

মঙলবাৰে নিশা কৃতিয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এক বিবৃতি প্ৰকাশ কৰি এই বাতৰিবোৰ ভিত্তীহীন বুলি উল্লেখ কৰে (Kriti Sanon instagram) । তেওঁ লিখিছে, "প্যাৰ নহয়, পি আৰো নহয় । আমাৰ ভেড়িয়া ৰিয়েলিটী শ্ব' এটাত অলপ বেছি বন্য হৈ গ'ল । তেওঁৰ ঠাট্টা-মস্কৰাবোৰে কিছুমান উৰাবাতৰিৰ সৃষ্টি কৰিছে । কোনোবা পৰ্টেলে মোৰ বিয়াৰ তাৰিখ ঘোষণা কৰাৰ আগতে-লেট মি বাৰ্ষ্ট ইয়ৰ বাবল ৷ উৰাবাতৰিবোৰ একেবাৰে ভিত্তিহীন"!

ডান্স ৰিয়েলিটী শ্ব’ ঝলক দিখলা জাত তেওঁলোকৰ ছবি ভেড়িয়াৰ প্ৰচাৰৰ সময়ত বৰুণ ধৱনে কৃতিৰ প্ৰভাসৰ সৈতে সম্পৰ্ক থকাৰ ইংগিত দিয়াৰ ঠিক পিছতেই এই কথা প্ৰকাশ কৰে কৃতিয়ে । বৰুণক কৰণ জোহৰৰ সৈতে মত বিনিময় কৰা দেখা পোৱা শ্ব’টোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

ভিডিঅ'টোত কৰণে বৰুণক এখন তালিকাৰ বিষয়ে সোধে আৰু তাত কৃতিৰ নাম কিয় নাই বুলি সোধাত মে তেৰা হিৰো অভিনেতাজনে উত্তৰ দিয়ে যে, "কৃতি কা নাম ইছিলিয়ে নেহি থা ক্যুংকি কৃতি কা নাম কিচি কে দিল মে হে । এক আদমি হে জো মুম্বাই মে নেহি হে, ৱ’ ইছ ৱাক্ট শ্বুটিং কৰ ৰহা হে দীপিকা পাডুকন কে সাথ" ৷ বৰুণে এইদৰে কোৱাৰ পিছতে কৃতিক লাজত ৰঙা চিঙা পৰা দেখা গ’ল ।

কৃতি আৰু প্ৰভাসৰ ডেটিং সম্পৰ্কীয় বাতৰি বহু দিনৰ পৰা বাতৰিৰ শিৰোনামত প্ৰকাশ পাই আহিছে । ওম ৰাউতৰ দ্বাৰা পৰিচালিত টি ছিৰিজ আৰু ৰেট্ৰ’ফাইলছৰ মেগা ইণ্ডিয়ান ছবি ‘আদিপুৰুষ’ত দেখিবলৈ পোৱা যাব কৃতি আৰু প্ৰভাসক । পূৰ্বে 2023 চনৰ 12 জানুৱাৰীত মুক্তি পোৱাৰ কথা আছিল ছবিখন; অৱশ্যে এতিয়া 2023 চনৰ 16 জুনত ছবিগৃহত মুক্তি পাব । ভাৰতীয় মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মিত এই ছবিখন । প্ৰভাসে লৰ্ড ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ছৈফে চিনেমাখনত লংকেশৰৰ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক : Film Ishwar promotion: ঈশ্বৰৰ প্ৰচাৰৰ বাবে বৰপেটাত উপস্থিত অতুল পাচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.