ETV Bharat / entertainment

প্ৰথমবাৰৰ বাবে ছৈফ-অমৃতাৰ বিবাহ বিচ্ছেদৰ বিষয়ে মুকলিকৈ ক’লে শৰ্মিলা ঠাকুৰে

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 1:14 PM IST

Koffee With Karan 8: কফি উইথ কৰণ ৮ৰ শেহতীয়া খণ্ডত দেখা গৈছিল ছৈফ আলী খান আৰু শৰ্মিলা ঠাকুৰক । এই সময়চোৱাত শৰ্মিলাই প্ৰথমবাৰৰ বাবে মুকলিকৈ ক’লে পুত্ৰ ছৈফৰ অমৃতা সিঙৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ।

Coffee With Karan 8: Sharmila Tagore on Saif Ali Khan-Amrita Singh's divorce
কফি উইথ কৰণ ৮

চিটাৰা ডেস্ক, ২৮ ডিচেম্বৰ: ‘কফি উইথ কৰণ’ৰ ছিজন ৮ আৰম্ভ হোৱাৰ পিচৰে পৰা এই টক শ্ব’টোৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । এই পৰ্যন্ত কৰণ জোহৰৰ এই টক শ্ব’টোৰ বহুকেইটা খণ্ড সম্প্ৰচাৰ হৈছে, য’ত বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰা দেখা গৈছে । এতিয়া এই আটাইতকৈ জনপ্ৰিয় অনুষ্ঠানটোৰ শেহতীয়া সম্প্ৰচাৰ হৈছে, য’ত অংশগ্ৰহণ কৰিছিল মাতৃ শৰ্মিলা ঠাকুৰৰ সৈতে ছৈফ আলী খানে । এই শ্ব’টোত শৰ্মিলা ঠাকুৰে প্ৰথমবাৰৰ বাবে ছৈফ আৰু অমৃতা সিঙৰ বিবাহ বিচ্ছেদক ​​লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ছৈফ-অমৃতাৰ বিবাহ বিচ্ছেদক ​​লৈ কি ক’লে শৰ্মিলা ঠাকুৰে ?

কৰণ জোহৰৰ টক শ্ব’ ‘কফি উইথ কৰণ ৮’ৰ নতুন খণ্ডত শৰ্মিলা ঠাকুৰে ছৈফ আলী খান আৰু অমৃতা সিঙৰ বিবাহ বিচ্ছেদক ​​লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে কয় যে এয়া পৰিয়ালটোৰ বাবে সুখৰ সময় নাছিল । সেই সময়ত অমৃতা আৰু সন্তান ছাৰা আলী খান আৰু ইব্ৰাহিম আলী খানক হেৰুৱাৰ শোক কেৱল ছৈফেই নহয়, সমগ্ৰ পৰিয়ালে সহ্য কৰিব লগা হৈছিল ৷ ছৈফে প্ৰকাশ কৰে যে অমৃতাৰ পৰা বিচ্ছিন্ন হোৱাৰ সিদ্ধান্তৰ বিষয়ে তেওঁ প্ৰথমে মাতৃ শৰ্মিলাক কৈছিল । অভিনেতাজনে কয়, বিচ্ছেদৰ বিষয়ে মই মাত্ৰ এটা কথা ক’ব বিচাৰিছো যে আমাৰ বিচ্ছেদৰ পূৰ্বে প্ৰথমে মই এই বিষয়ে মোৰ মাক জনাইছিলো । তেওঁ দীঘলকৈ উশাহ লৈ ক’লে, ‘আপুনি যদি সেইটোৱেই বিচাৰে, তেন্তে মই আপোনাৰ লগত আছো’ ৷ মাৰ এই কথাষাৰে মোক যথেষ্ট সহায় কৰিছিল ।"

শৰ্মিলাই কয়- ব্ৰেকআপ সহজ নহয়

শৰ্মিলা ঠাকুৰে লগতে কয়, “যেতিয়া ইমান দিন একেলগে থাকে আৰু ইমান মৰমলগা সন্তান জন্ম হয়, তেতিয়া কোনো বিচ্ছেদ সহজ নহয় । মই জানো সেই স্তৰত এডজাষ্ট কৰাটো কঠিন, সকলোৱে বহুত আঘাত পায়... গতিকে সেই পৰ্যায়টো ভাল নাছিল কিন্তু মই চেষ্টা কৰিছিলোঁ । ’’

শৰ্মিলাই আৰু কয়, “এইটো কেৱল আঁতৰি থকাৱেই নহয়, ইয়াত আন বহু কথাও অন্তৰ্ভুক্ত হৈ থাকে । ইব্ৰাহিমৰ বয়স মাত্ৰ তিনি বছৰ আছিল আৰু আমি ল’ৰা-ছোৱালীকেইটাক বহুত ভাল পাইছিলোঁ সেইবাবেই আমাৰ কাৰণে সেই সময়টো সুখৰ সময় নাছিল । বিশেষকৈ ইব্ৰাহিমক ছৈফৰ পিতৃয়ে খুব ভাল পাইছিল আৰু তেওঁ কৈছিল, ‘তেওঁ এজন ভাল ল’ৰা’ । তাৰ লগত তেওঁ অধিক সময় উপভোগ কৰিব নাপালে । সেয়ে অমৃতাৰ লগতে সন্তান দুটাৰ পৰা বিচ্ছিন্ন হোৱাত আমি দুগুণ ক্ষতি অনুভৱ কৰিছিলোঁ । গতিকে কেৱল তেওঁৱেই নহয়, আমিও এই সকলোবোৰৰ লগত খাপ খাব লাগিছিল ।’’

২০০৪ চনত বিচ্ছেদ হৈছিল ছৈফ-অমৃতাৰ

উল্লেখ্য যে, ১৯৯১ চনৰ অক্টোবৰ মাহত ছৈফ আলী খান আৰু অমৃতা সিঙৰ বিবাহ হৈছিল । অৱশ্যে ২০০৪ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে । যোৱা কেইবছৰমানৰ পৰা ছৈফে নিজৰ সন্তান ছাৰা আৰু ইব্ৰাহিমৰ সৈতে সময় কটোৱা দেখা যায় । প্ৰায়ে ছাৰা আৰু ইব্ৰাহিমৰ সৈতে ব্যক্তিগতভাৱে সময় কটোৱা দেখা যায় ছৈফক । ছাৰা আৰু ইব্ৰাহিমৰ ছৈফৰ দ্বিতীয় পত্নী কৰীণা কাপুৰ আৰু তেওঁলোকৰ দুটা সন্তান টাইমুৰ আৰু জেহৰ সৈতেও ভাল বন্ধন আছে ।

লগতে পঢ়ক: কফি উইথ কৰণ ৮ত কাজলক লৈ অজয় ক’লে এক ডাঙৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.