ETV Bharat / entertainment

Suresh Oberoi: দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছিল সুৰেশ ওবেৰয়ে, কিন্তু এখন ছবিয়ে সলনি কৰিলে ভাগ্য

জীৱনত বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল অভিনেতা সুৰেশ ওবেৰয়ে । এসময়ত অভিনেতাজনে দুবেলা দুমুঠি অন্নৰ কাৰণেও হাহাকাৰ কৰিবলগীয়া হৈছিল ৷ কিন্তু এতিয়া কোটি টকাৰ মালিক সুৰেশ ওবেৰয় ৷

author img

By

Published : Jun 24, 2023, 7:39 PM IST

Know about Vivek Oberoi father Suresh Oberoi life struggle
জীৱনত বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল অভিনেতা সুৰেশ ওবেৰয়ে

চিটাৰা ডেস্ক, 24 জুন: ৮০ ৰ দশকত খলনায়ক আৰু কেতিয়াবা সহযোগীৰ চৰিত্ৰত অভিনয় কৰি ছবি জগতত স্থান দখল কৰা অভিনেতা সুৰেশ ওবেৰয়ে এটা সময়ত জীৱনত বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷ সংগ্ৰামৰ বাবেই হয়তো আজি কোটি টকাৰ মালিক সুৰেশ ওবেৰয় ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে এটা সময়ত অভিনেতাজনে চাউল, দালি ক্ৰয় কৰিবলৈ হাতত নাছিল ধন ৷ আনকি এটা সময় এনেকুৱাও আছিল যে অনাহাৰে কটাবলগীয়া হৈছিল দিন ৷

অভিনেতাগৰাকীয়ে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ জন্ম কুৱেটাত হৈছিল যিটো বৰ্তমান পাকিস্তানৰ অংশ, তাৰ পিচত তেওঁ নিজৰ পৰিয়ালৰ সৈতে বিভাজনৰ সময়ত ভাৰতলৈ আহিছিল । সেই সময়ছোৱাত তেওঁ শৰণাৰ্থী শিবিৰত অতি বেয়া সময় পাৰ কৰিছিল ।

কোটি টকাৰ ব্যৱসায় এৰি ভাৰতলৈ আহিছিল সুৰেশ

নিজৰ সংগ্ৰামৰ কাহিনীৰ কথা কওঁতে সুৰেশ ওবেৰয়ে কয়, পাকিস্তানত তেওঁৰ পিতৃৰ কোটি কোটি টকা মূল্যৰ ব্যৱসায় আছিল যদিও বিভাজনৰ সময়ত সকলো শেষ গৈ গৈছিল । ভাৰতলৈ অহাৰ পিচত শৰণাৰ্থী শিবিৰত অতি বেয়া দিন দেখিছিল অভিনেতাগৰাকীয়ে ৷ অৱশ্যে কোনো মতে তেওঁৰ পিতৃ পাকিস্তানলৈ উভতি যায় আৰু কিছুদিন পাকিস্তানতেই মুছলমান হৈ বসবাস কৰে ৷ ইয়াৰ পিচত, পিতৃয়ে পাকিস্তানত থকা ব্যৱসায় আৰু সম্পত্তি বিক্ৰী কৰি ভাৰতলৈ উভতি আহে। ইয়াৰ পিচত তেওঁলোকৰ অৱস্থা অলপ ভাললৈ গতি কৰে ।

এইখন ছবিৰ পিচত ভাগ্য সলনি হয় অভিনেতাজনৰ

সুৰেশ ওবেৰয়ে ৰেডিঅ’ শ্ব’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । তাৰ পিচত মডেলিং কৰাৰ পিচত তেওঁ ছবিৰ জগতখনত প্ৰৱেশ কৰে । অভিনেতাগৰাকীৰ প্ৰথমখন ছবি ‘জীৱন মুক্তা’ মুক্তি লাভ কৰিছিল ১৯৭৭ চনত । ইয়াৰ পিচত অভিনেতাজনে এক বাৰ ফিৰ (১৯৮০) ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰে । সুৰেশ অবেৰয়ে কেৰিয়াৰৰ প্ৰথম দিনবোৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল যদিও কেৱল সহযোগী আৰু খলনায়ক চৰিত্ৰইহে তেওঁক সফলতা প্ৰদান কৰিছিল ।

লাভাৰিছ, বিধাতা, কামচোৰ, নামক হালাল আৰু ৰাজা হিন্দুস্তানীৰ দৰে ছবিত সুৰেশ ওবেৰয়ৰ অভিনয়ক পছন্দ কৰিছিল দৰ্শকে ৷ সুৰেশ অবেৰয়ে তেওঁৰ সাক্ষাৎকাৰত কৈছিল যে যেতিয়া তেওঁ বলীউডত ভৰি দিছিল, তেতিয়া অমিতাভ বচ্চন আৰু মিথুন চক্ৰৱৰ্তীৰ উদ্যোগত বিশেষ মৰ্যাদা আছিল ৷ যাৰ বাবে উদ্যোগটোত তেওঁ নিজৰ স্থান বনাবলৈ বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল।

লগতে পঢ়ক: Sumona Chakravarti Birthday: ধূমপানৰ বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল সুমনা, পিচত কেনেকৈ এৰিলে ধূমপান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.