ETV Bharat / entertainment

KK 1st Death Anniversary: ​​এই 5 টা কাৰণতেই প্ৰাণ হেৰুৱাইছিল KK য়ে, জানি লওক কে কেৰ মৃত্যুৰ আঁৰৰ পাঁচটা কাৰণ - কণ্ঠশিল্পী কে কে

আজি (৩১ মে’) কণ্ঠশিল্পী কে কেৰ প্ৰথম মৃত্যু বাৰ্ষিকী (KK 1st Death Anniversary)। ক’লকাতাত সংগীতানুষ্ঠান পৰিৱেশনৰ সময়ত কে কেৰ যন্ত্ৰণাদায়ক মৃত্যু হৈছিল । কিন্তু কি কি কাৰণত হৈছিল কে কেৰ মৃত্য়ু ? জানি লওক এই প্ৰতিবেদনত ৷

KK 1st Death Anniversary, 5 reason behind Singer Death, read here
কে কেৰ প্ৰথম মৃত্যু বাৰ্ষিকী
author img

By

Published : May 31, 2023, 12:01 PM IST

KK 1st Death Anniversary, 5 reason behind Singer Death, read here
কে কেৰ প্ৰথম মৃত্যু বাৰ্ষিকী

চিটাৰা ডেস্ক, 31 মে’: আজিৰ (৩১ মে’) দিনটোতে পৃথিৱীৰ পৰা বিদায় লৈছিল ‘পল য়াদ আয়েংগে কল’ আৰু ‘তাড়াপ-তাড়াপ’ৰ দৰে চিৰসেউজ গীতেৰে অনুৰাগীক মন্ত্ৰমুগ্ধ কৰা কে কে (Singer KK) ৷ আজি কে কেৰ প্ৰথম মৃত্যুবাৰ্ষিকী । ২০২২ চনৰ ৩১ মে’ত ক’লকাতাৰ এক সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি কৰুণ মৃত্যুক সাৱটি লৈছিল কণ্ঠশিল্পীগৰাকীয়ে । ইয়াৰ পিচতে অভিযোগ উত্থাপন হৈছিল কে কেই সংগীত পৰিৱেশন কৰা সংগীতানুষ্ঠানটোৰ উদ্যোক্তাৰ গাফিলতিৰ বাবেই মৃত্যু হৈছিল (KK 1st Death Anniversary) ৷ গতিকে কণ্ঠশিল্পীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত জানো আহক সেই ৫ টা ডাঙৰ ভুলৰ বিষয়ে যিটো কাৰণত তেওঁৰ মৃত্যু হৈছিল (KK Death Anniversary) ৷

প্ৰথম কাৰণ

সংগীতানুষ্ঠান অনুষ্ঠিত হোৱা হলটোৱেই আছিল কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ প্ৰথম কাৰণ (KK death reason)। দৰ্শকেৰে ভৰি থকা এই কনচাৰ্ট হলটোত এচিৰ কোনো সুবিধা নাছিল, আনহাতে কণ্ঠশিল্পীগৰাকীয়ে বাৰে বাৰে এই বিষয়ে অভিযোগ কৰিছিল ৷ সংগীত পৰিৱেশন কৰি থকাৰ সময় গৰমৰ বাবেই ঘামত তিতি গৈছিল কে কে । ইয়াৰ পিচতো সংগীত পৰিৱেশন কৰি গৈছিল কণ্ঠশিল্পীগৰাকীয়ে ৷

দ্বিতীয় কাৰণ

কে কেৰ মৃত্যুৰ দ্বিতীয় কাৰণ আছিল কনচাৰ্ট হলত অতিৰিক্ত দৰ্শকৰ উপস্থিতি । সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৩ হাজাৰ লোকৰ ক্ষমতা থকা এই কনচাৰ্ট হলটোত কে কেৰ গীত উপভোগ কৰিবলৈ উপস্থিত হৈছিল ৭ হাজাৰৰো অধিক দৰ্শক ।

তৃতীয় কাৰণ

কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ তৃতীয় কাৰণত ক’ব পাৰি যে কনচাৰ্ট হলটো ইমান বেয়া অৱস্থাত থকাৰ পাচতো কোনো জৰুৰীকালীন সুবিধা নাছিল । এনে পৰিস্থিতিত কে কেৰ স্বাস্থ্যৰ অৱনতি ঘটে যাৰ বাবে তেওঁৰ উশাহ-নিশাহ লোৱাত অসুবিধা হৈছিল আৰু দৰ্শকৰ ভিৰৰ মাজেৰে কে কেক হলৰ পৰা উলিয়াই অনা হৈছিল ।

চতুৰ্থ কাৰণ

মঞ্চত কে কেৰ অসুস্থতাৰ কথা আয়োজকসকলক বাৰে বাৰে কৈছিল কণ্ঠশিল্পীগৰাকীয়ে, কিন্তু ইয়াৰ পিচতো কোনো গুৰুত্ব দিয়া নহ’ল আৰু আনকি কণ্ঠশিল্পীগৰাকী যেতিয়া মঞ্চৰ পৰা নামি মঞ্চৰ পিছফালে গ’ল, তেতিয়াও তেওঁক ততাতৈয়াকৈ লৈ যোৱা নহ’ল চিকিৎসালয়ত । ভাইৰেল ভিডিঅ’টোত দেখা পোৱা গৈছিল অস্থিৰভাৱে লিফ্টত ইফালে সিফালে খোজ কাঢ়িছিল কে কে ।

পঞ্চম কাৰণ

যেতিয়া কে কেৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল তেতিয়া সেই সময়ছোৱাত তেওঁক চিপিআৰ (কাৰ্ডিঅ’ পালমোনাৰী ৰিছাচিটেচন) চিকিৎসা কৰা উচিত আছিল । এই কাম কৰা হ’লে হয়তো আজি কে কে আমাৰ মাজত থাকিলহেঁতেন ৷ এনে পৰিস্থিতিত পলমকৈ চিকিৎসালয়লৈ নিয়াৰ আদবাটতে মৃত্যু হয় কণ্ঠশিল্পীগৰাকীৰ ।

লগতে পঢ়ক: K K viral video: এয়াৰ কণ্ডিচনাৰ-কুলাৰ অবিহনে কনচাৰ্টত ভাগ লৈছিল কে কেই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.