ETV Bharat / entertainment

Shahrukh tweet about Pathaan: পাঠানক লৈ শেহতীয়াকৈ টুইটাৰত কি ক’লে কিং খানে ?

ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ অভিনীত ছবি পাঠান ব্লকবাষ্টাৰ হিট ৰূপে পৰিগণিত হৈছে ৷ পাঠান সন্দৰ্ভত শেহতীয়াকৈ টুইট কৰিছে কিং খানে ৷ টুইটত কি ক’লে কিং খানে জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন (Shahrukh tweet About Pathaan) ৷

author img

By

Published : Mar 9, 2023, 3:35 PM IST

King Khan thanks everyone for showering love on action thriller film Pathaan
পাঠান সন্দৰ্ভত টুইট কিং খানৰ

চিটাৰা ডেস্ক, 9 মাৰ্চ: শেহতীয়া একচন থ্ৰিলাৰ ব্লকবাষ্টাৰ ছবি পাঠানৰ বিপুল সফলতাত আনন্দিত বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান । শেহতীয়াকৈ পাঠান ছবিখনে টলীউডৰ ব্লকবাষ্টাৰ ছবি বাহুবলী ২ ক অতিক্ৰম কৰি এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা হিন্দী ছবি হিচাপে পৰিগণিত হৈছে । অভিনেতাগৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টত বুধবাৰে ছবিখনৰ প্ৰতি সকলোৰে অভূতপূৰ্ব সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে (Shahrukh Khan Tweet About Pathaan)।

টুইটাৰ একাউন্টত টুইট কৰি অভিনেতাগৰাকীয়ে কয়, "মানুহক হাঁহিৰ খোৰাক দিয়া আমাৰ দায়িত্ব ৷ আমি যদি ব্যক্তিগতভাৱে নলও তেন্তে কাম নহ’ব । পাঠান ছবিখনক সমৰ্থন কৰা সকলোকে ধন্যবাদ ৷ ছবিখনৰ লগত জড়িত সকলোৰে কঠোৰ পৰিশ্ৰম আৰু বিশ্বাসৰ বাবে ছবিখন সফল হৈছে গতিকে ছবিখনৰ দলটোক ধন্যবাদ (Bollywood superstar Shah Rukh Khan) ।"

বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে টুইটাৰত লিখিছে, "#পাঠান #তামিল + #তেলেগু ভাষাত ৫ সপ্তাহত বক্স অফিচ সংগ্ৰহ ক্ৰমে শুকুৰবাৰে ২ লাখ, শনিবাৰে ৩ লাখ, দেওবাৰে ৫ লাখ, সোমবাৰে ২ লাখ, মঙলবাৰে ২ লাখ, বুধবাৰে ২ লাখ, বৃহস্পতিবাৰে ২ লাখ । মুঠ, ১৮.২৪ কোটি টকা টোকা: #পাঠান #হিন্দী + #তামিল + #তেলেগু *সংযুক্ত* ব্যৱসায়, ৫২৮.২৯ কোটি টকা #ভাৰত ব্যৱসায়. নেট বক্স অফিচ সংগ্ৰহ (Pathaan total Box office Collection) ।"

বাহুবলী ২ য়ে হিন্দী ভাষাত ৫১০.৯৯ কোটি টকাৰ বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছিল । ২৫ জানুৱাৰীত মুক্তি লাভ কৰা পাঠান ছবিখনত জন আব্ৰাহাম, দীপিকা পাডুকন, ডিম্পল কাপাডিয়া আৰু আশুতোষ ৰানা আদিয়েও অভিনয় কৰিছিল । শ্ৰীধৰ ৰাঘৱনৰ চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজক আছিল য়শ ৰাজ ফিল্মছ । শ্বাহৰুখ খানে টুইট কৰাৰ লগে লগে অনুৰাগীসকলে নিজৰ আনন্দ প্ৰকাশ কৰিবলৈ কমেণ্ট কৰা দেখা যায় (Pathaan And Bahubali 2)।

ইফালে, এটলীৰ পৰিচালিত এছ আৰ কেৰ আগন্তুক একচন থ্ৰিলাৰ ছবি জৱান ২০২৩ চনৰ ২ জুনত ছবিগৃহত মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে (SRK thanks everyone for showering love on Pathaan) ।

লগতে পঢ়ক: Ram Charan: ভাল ছবি এখনত কোনো ভাষা নাথাকে বুলি আমেৰিকাত কয় ৰাম চৰণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.