ETV Bharat / entertainment

Kenny Basumatary: লোকেল কুংফুৰ জৰিয়তে জনপ্ৰিয় হোৱা কেনী বসুমতাৰীয়ে কেনেদৰে খোজ পেলাইছিল বলিউডত ?

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:27 PM IST

শীঘ্ৰেই আহি আছে কেনী বসুমতাৰীৰ "লোকেল কুংফু ৩" । কেৱল অসমীয়া ছবিতে নহয় বলিউডৰ ছবিতো অভিনয়ৰ সুযোগ পাইছিল বসুমতাৰীয়ে । 'ফাটা পোষ্টাৰ নিকলা হিৰ'ৰ পৰা বাদশ্বাহ শ্বাহৰুখ খানৰ সৈতে বিগ বাজেটৰ ছবি 'জৱানলৈ কেনেকুৱা আছিল কেনী বসুমতাৰীৰ যাত্ৰা জানো আহক ।

Kenny Basumatary in SRKs Jawan as a retired commando, Know about Kenny Basumatarys bollywood journey
জৱানত দেখা যাব কেনী বসুমতাৰীক

ইটিভি ভাৰতৰ সৈতে কেনী বসুমতাৰীৰ সাক্ষাৎকাৰ

চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ: অভিনেতা তথা পৰিচালক কেনী বসুমতাৰীয়ে ২০০৮ চনত অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ সপোনেৰে উৰা মাৰিছিল মুম্বাইলৈ । মুম্বাইলৈ গৈ প্ৰথমে সৰু-সুৰা কিছু কামৰে আৰম্ভ কৰিছিল এই যাত্ৰা । ডাবিং, এডভাৰটাইজিং আদিৰ পৰা আৰম্ভ কৰি লাহে লাহে খোজ পেলাইছিল বলিউডত।

প্ৰথম বলিউডৰ ছবি 'ফাটা পোষ্টাৰ নিকলা হিৰ'ত অভিনয়ৰ সুযোগ পাইছিল বসুমতাৰীয়ে। কিন্তু ‘ফাটা পোষ্টাৰ নিকলা হিৰ’ চিনেমাখনত অভিনয় কৰাৰ পিচতো অজ্ঞাত কোনো কাৰণত তেওঁৰ অভিনয়ৰ দৃশ্যাংশ চিনেমাখনৰ পৰা আঁতৰাই দিয়া হৈছিল । তাৰ পিচত "লাভ কা দি এণ্ড" ছবিখনৰ এটা সৰু চৰিত্ৰত অভিনয়ৰ সুযোগত পাইছিল কেনী বসুমতাৰীয়ে । ইয়াৰ পিচত ক্ৰমান্বয়ে বলিউডৰ ছবি 'ছাংহাই', 'মেৰী কম’, ‘ৰাগদেশ’, ‘য়াৰা’ত অভিনয় সুযোগ লাভ কৰিছিল ।

শেহতীয়াভাৱে বলিউড কিং শ্বাহৰুখ খানৰ সৈতে বিগ বাজেটৰ ছবি ‘জৱান’তো অভিনয় কৰাৰ সুযোগ লাভ কৰিছে বসুমতাৰীয়ে । ছবিখনত তেওঁ শ্বাহৰুখ খানৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰাৰ লগতে ফাইটিংৰ দৃশ্যতো অভিনয় কৰিছে । শ্বাহৰুখ খানৰ ৪ জনীয়া কামাণ্ডো দলৰ সদস্য হিচাপে অভিনয় কৰিছে অভিনেতাগৰাকীয়ে ।

ইফালে অসমীয়া ছবি "লোকেল কংফু"ৰ জৰিয়তে সমাদৰ লাভ কৰিছিল পৰিচালক, অভিনেতা কেনী বসুমতাৰীয়ে । ২০১৩ ত মুক্তি প্ৰাপ্ত এই চিনেমাখন অসমৰ লগতেই উত্তৰ পূৰ্বাঞ্চলৰ তথা ভাৰতৰে প্ৰথমখন সমৰকলা কুংফুৰ আধাৰত নিৰ্মিত চিনেমা । এটা ডি এ এছ লাৰ কেমেৰা আৰু নিজৰ লগতে পৰিয়ালৰ সম্বন্ধীয় ভাতৃ-বন্ধু বৰ্গক অভিনেতা-অভিনেত্ৰী হিচাপে নিৰ্বাচিত কৰি আৰম্ভ কৰিছিল লোকেল কুংফু"ৰ শ্বুটিঙৰ কাম ।

‘লোকেল কুংফু’ৰ মুক্তিৰ পিচত ৰাইজৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে । লোকেল কংফুৰ প্ৰতিটো দৃশ্য, প্ৰতিটো সংলাপ জনপ্ৰিয় হৈ পৰিছিল দৰ্শকৰ মাজত। ‘লোকেল কুংফু’ৰ জনপ্ৰিয়তাৰ পিচত কেনী বসুমতাৰীয়ে নিৰ্মাণ কৰিছিল ‘লোকেল কুংফু ২’, ‘ছাচপেনডেড ইনস্পেক্টৰ বড়ো’ আৰু 'লোকেল উৎপাত' । আনহাতে শীঘ্ৰেই আহি কেনী বসুমতাৰীৰ 'লোকেল কুংফু ৩'। অহা বছৰ ৫ ছেপ্টেম্বৰত ৰাইজৰ বাবে মুক্তি দিয়া হ’ব ছবিখন । ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ শ্বুটিংৰ কাম ।

লগতে পঢ়ক: Suspended Inspector Boro: সৰ্বকালৰ ৫০খন শ্ৰেষ্ঠ ভাৰতীয় একচন ছবিৰ ভিতৰত ১৪ নম্বৰত স্থান লাভ এখন অসমীয়া ছবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.