ETV Bharat / entertainment

Katrina kaif Birthday:দুঃসাহসিক খেল উপভোগ কৰিছে বিকী-কেটৰিণাই, চাওক ভিডিঅ’

author img

By

Published : Jul 19, 2022, 2:29 PM IST

Updated : Jul 19, 2022, 2:46 PM IST

কেটৰিণাৰ জন্মদিনটো চিৰস্মৰণীয় কৰাৰ কোনো সুৰুঙা এৰি দিয়া নাই বিকী কৌশলে (Katrina kaif Birthday) ৷ কেটৰিণাই সপ্তাহযোৰাকৈ উদযাপন কৰিছে এইবাৰ জন্মদিন ৷ চাওক ফটো আৰু ভিডিঅ’-

Katrina kaif Birthday
দুঃসাহসিক খেল উপভোগ কৰিছে বিকী-কেটৰিণাই

চিটাৰা ডেস্ক, 19 জুলাই : ১৬ জুলাইৰ পৰা এতিয়ালৈকে পত্নী কেটৰিণা কাইফৰ জন্মদিন বুলিয়েই ব্যস্ত আছে অভিনেতা বিকী কৌশল (Katrina kaif Birthday) ৷ স্বামী-স্ত্ৰীয়ে বাৰুকৈয়ে উপভোগ কৰিছে জন্মদিনৰ সপ্তাহ ৷ দুই তাৰকাই তেওঁলোকৰ ভ্ৰমণ, খোৱা-বোৱা, ধেমালিৰ মূহুৰ্তবোৰ ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰি আছে ৷ এতিয়া কেটৰিণাৰ জন্মদিনৰ চতুৰ্থ দিনটোত এটি ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰিছে বিকীয়ে ।

বিকী কৌশলে এই ভিডিঅ’টো শ্বেয়াৰ কৰি ইনষ্টাগ্ৰাম একাউণ্টত লিখিছে, ‘Best part of life’ (Vicky Kaushal Instagram) । বিকী কৌশলৰ ভাতৃ তথা অভিনেতা ছানী কৌশল, শৰৱৰী ৱাঘ, কেটৰিণাৰ ভগ্নী ইছাবেল, চলচ্চিত্ৰ নিৰ্মাতা আনন্দ তিৱাৰী আৰু তেওঁৰ অভিনেত্ৰী পত্নী অংগীৰা ধৰ, চলচ্চিত্ৰ নিৰ্মাতা কবীৰ খান আৰু তেওঁৰ পত্নী মিনি মাথুৰকে ধৰি সকলোকে এই ভিডিঅ’টোত zippling কৰা দেখা গৈছে ৷

একে সময়তে কেটৰিণা কাইফে তেওঁৰ InstaStory ত sea diving কৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে (Katrina Kaif instagram)। ইয়াৰ লগতে তেওঁলোকে বহুত সুন্দৰ ফটোও পোষ্ট কৰিছে । কেটৰিণা কাইফ আৰু বিকী কৌশলৰ জন্মদিন উদযাপনৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত খুবে ভাইৰেল হৈছে ।

Katrina kaif Birthday
দুঃসাহসিক খেল উপভোগ কৰিছে বিকী-কেটৰিণাই

বিকী-কেটৰিণাৰ এই ছবিবোৰে অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছে । কেটৰিণাই নিজৰ ইনষ্টাগ্ৰামত ৱাটাৰ স্লাইডৰ এটা সুন্দৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ কেপছন দিছে, Yeh dosti! 🥳❤️🏝 ।

Katrina kaif Birthday
বান্ধৱীৰে সৈতে কেটৰিণা

আচলতে বিয়াৰ পিছত এইয়া কেটৰিণাৰ প্ৰথম ৷ মালদ্বীপত উদযাপন কৰিলে এই বিশেষ দিনটো । পত্নী কেটৰিণা কাইফৰ প্ৰথম জন্মদিন সম্পূৰ্ণ স্মৰণীয় আৰু বিশেষ কৰি তোলাত ব্যস্ত বিকী । মালদ্বীপৰ পৰা প্ৰকাশ পোৱা বিকী-কেটৰিণাৰ সম্পূৰ্ণ বগা সাজত থকা ফটোখনতেই অনুৰাগীৰ দৃষ্টি নিৱদ্ধ হৈ আছে ৷

লগতে পঢ়ক : সমূদ্ৰৰ মাজত বগা সাজেৰে বলীউডৰ এই স্বামী-স্ত্ৰীয়ে সকলোকে কৰিলে মোহাচ্ছন্ন

Last Updated : Jul 19, 2022, 2:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.