চিটাৰা ডেস্ক, 20 অক্টোবৰ: নৱৰাত্ৰিৰ শুভ ক্ষণত কংগনা ৰাণাৱটৰ ঘৰলৈ আহিছে এটা ভাল খবৰ । অভিনেত্ৰীগৰাকীৰ পৰিয়াললৈ আগমন ঘটিছে এটি কণমানি অতিথিৰ ৷ দৰাচলতে পেহীয়েক হ’ল কংগনা ৰাণাৱট । কংগনা ৰাণাৱটৰ ভায়েক অক্ষিত ৰাণাৱট আৰু তেওঁৰ পত্নী ঋতু ৰাণাৱটে এটি পুত্ৰ সন্তানৰ আশীৰ্বাদ লাভ কৰিছে ৷ কংগনাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক দিলে এই ভাল খবৰটো ৷ ভতিজাৰ প্ৰথম ছবিও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।
পেহীয়েক হ’ল কংগনা ৰাণাৱট
উল্লেখ্য যে, চিকিৎসালয়ৰ পৰা নৱজাত ভতিজাৰ প্ৰথম ছবি শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে হিন্দী ভাষাত এটা মৰমলগা টোকা লিখিছে ৷ অভিনেত্ৰীগৰাকীয়ে লিখিছে, “আজি এই ধন্য দিনটোত আমাৰ পৰিয়ালটোৱে এটি কণমানিৰ আশীৰ্বাদ লাভ কৰিছে ৷ মোৰ ভাই @aksht_ranaut আৰু তেওঁৰ পত্নী @ritu_ranaut002 য়ে আশীৰ্বাদ লাভ কৰিছে । এটি পুত্ৰ সন্তানৰ আশীৰ্বাদ লাভ কৰিছে ।"
অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিলে ভতিজাৰ নাম
অভিনেত্ৰীগৰাকীয়ে লিখিছে, "আমি এই মৰমলগা শিশুটিৰ নাম অশ্বত্থামা ৰাণাৱট ৰাখিছোঁ । আমাৰ পৰিয়ালৰ নতুন সদস্যজনক আপোনালোক সকলোৱে আশীৰ্বাদ কৰক, আমি আপোনালোক সকলোৰে সৈতে এই চিৰন্তন সুখ শ্বেয়াৰ কৰিলোঁ । ৰাণাৱট পৰিয়াল আপোনালোকৰ ওচৰত কৃতজ্ঞ ।”
ছবিবোৰত কংগনাই ভতিজাক কোলাত ধৰি থকা দেখা গৈছে । কণমানি ভতিজাটো নিজৰ পেহীয়েকৰ কোলাত সুন্দৰকৈ শুই থকা পৰিলক্ষিত হৈছে । এই মুহূৰ্তটো সঁচাকৈয়ে তেওঁৰ বাবে আছিল অতি বিশেষ ।
কংগনা ৰাণাৱটৰ ৱৰ্কফ্ৰন্ট
বৰ্তমান কংগনাই তেওঁৰ ছবি তেজস মুক্তিৰ বাবে প্ৰস্তুতি চলাইছে । শেহতীয়াকৈ ছবিখনৰ আটাইতকৈ প্ৰত্যাশিত ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচতে ১৫ অক্টোবৰ অৰ্থাৎ দেওবাৰে মুক্তি লাভ কৰে ছবিখনৰ প্ৰথমটো গীত ‘জান দা’। অৰিজিত সিং আৰু সচদেৱৰ কণ্ঠত সুন্দৰকৈ গোৱা ‘জান দা’ এটি দেশপ্ৰেমমূলক গীত ।
লগতে পঢ়ক: Tiger Shroff: ডিঙিত গণেশ বাবাৰ চাদৰ, কপালত তিলক, সিদ্ধিবিনায়ক মন্দিৰত টাইগাৰ শ্ৰফ