ETV Bharat / entertainment

Kangana Ranaut Appeals To Fans : অনুৰাগীলৈ কংগনা ৰানাৱটৰ আহ্বান

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 10:14 AM IST

যোৱা ২৭ অক্টোবৰত বলীউডৰ ‘কুইন’ কংগনা ৰানাৱটৰ ছবি ‘তেজস’ ছবিগৃহত মুক্তি লাভ কৰিছে । কিন্তু বক্স অফিচত বিশেষ একো ফলাফল দেখুৱাব নোৱাৰিলে ছবিখনে । ইয়াৰ পিচতে শেহতীয়াকৈ কংগনাই নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । য’ত তেওঁ অনুৰাগীসকলক থিয়েটাৰলৈ গৈ তেজস চাবলৈ আহ্বান জনাইছে ।

Kangana appeals to fans to go to theater to watch Tejas
কংগনাৰ ছবি তেজস চাবলৈ অনুৰাগীত আহ্বান কংগনাৰ

চিটাৰা ডেস্ক, 29 অক্টোবৰ : শেহতীয়াকৈ কংগনা ৰানাৱটে নিজৰ ছ’চিয়েল মিডিয়া একাউন্ট ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছিল । এই ভিডিঅ’টোত তেওঁ অনুৰাগীসকলক থিয়েটাৰলৈ গৈ তেওঁৰ সদ্য মুক্তি পোৱা ছবি ‘তেজস’ চাবলৈ আহ্বান জনাইছে । ২৭ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিলে কংগনাৰ অভিনীত ছবি ‘তেজস’। কিন্তু বক্স অফিচত ধৰাশায়ী হোৱাৰ পথত ছবিখন । সেইবাবেই অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক থিয়েটাৰলৈ গৈ ছবিখন চাবলৈ অনুৰোধ জনাইছে ।

উল্লেখ্য যে, ২৭ অক্টোবৰত ছবিগৃহত মুক্তি পোৱা এই ছবিখনে মুক্তিৰ দিনটোত প্ৰায় ১.২৫ কোটি টকা সংগ্ৰহ কৰে । কিন্তু প্ৰথম দিনাৰ তুলনাত দ্বিতীয় দিনাৰ সংগ্ৰহ নাই বুলিয়েই ক’ব পাৰি । সেইবাবেই অভিনেতীগৰাকীয়ে নিজৰ ভিডিঅ’ৰ যোগেদি চিনেমা হলৰ গুৰুত্বৰ কথা কয় । ভিডিঅ’টোত কংগনাই কয় যে দৰ্শকে চিনেমা হললৈ যাব লাগে আৰু পৰিয়ালৰ সৈতে চিনেমা অধিক উপভোগ কৰিব লাগে ।

ভিডিঅ’টো পোষ্ট কৰাৰ সমান্তৰালকৈ কংগনাই কেপচনত লিখিছে, ‘‘ক’ভিডৰ পূৰ্বেও ছবিগৃহত দৰ্শকৰ সংখ্যা হ্ৰাস পাইছিল, কিন্তু ক’ভিডৰ পিচত ই গুৰুতৰভাৱে হ্ৰাস পালে । বহু থিয়েটাৰ বন্ধ হৈ আছে আৰু বিনামূলীয়া টিকট আৰু বহু যুক্তিসংগত অফাৰৰ পিচতো দৰ্শকৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাইছে । আপোনালোক সকলোকে চিনেমা চাবলৈ, চিনেমা হললৈ গৈ চিনেমা চাবলৈ অনুৰোধ জনাইছো, অন্যথা আমাৰ সংস্কৃতিৰ অংগ হৈ থকা চিনেমাগৃহবোৰ জীয়াই থাকিব নোৱাৰিব । ধন্যবাদ ৷’’

সৰ্বেশ মেৱাদাৰৰ পৰিচালনাত নিৰ্মিত ‘তেজস’ ছবিখনত কংগনা ৰানাৱটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । সৰ্বেশ মেৱাদাৰ ৰচনা আৰু পৰিচালনাৰ নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে ৰনি স্ক্ৰুভালাই । কংগনাৰ উপৰিও ইয়াত অংশুল চৌহান, বৰুণ মিত্ৰ, আশীষ বিদ্যাৰ্থী, বিষাক নাইৰ, কাশ্যপ শংগাৰী, সুনীত টণ্ডন, ৰিঅ’ কাপাড়িয়া, মোহন আগছে আৰু মুস্তাক কাক আদিয়েও অভিনয় কৰিছে ।

লগতে পঢ়ক: Kangana Ranaut: সুব্ৰমণিয়াম স্বামীৰ ওপৰত হঠাৎ কিয় খং উঠিল কংগনা ৰানাৱটৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.