ETV Bharat / entertainment

Jawan collection: বক্স অফিছত জৱানৰ যাত্ৰা অব্যাহত; ৫০০ কোটিৰ সীমা অতিক্ৰমৰ সম্ভাৱনা - Jawan collection in India

বক্স অফিছত জৱানৰ দপদপনি অব্যাহত আছে । মুক্তিৰ ১১ নম্বৰ দিনটোতো ছবিখনে বক্স অফিছত উপাৰ্জনৰ ধাৰা অব্যাহত ৰাখিছে । ছবিখনে ভাৰতত ৫০০ কোটিৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা ।

Jawan success
বক্স অফিছত জৱানৰ সফলতা অব্যাহত
author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 2:09 PM IST

চিটাৰা ডেস্ক, ১৭ ছেপ্টেম্বৰ : চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ শেহতীয়া মুক্তিপোৱা 'জৱানে' বক্স অফিছত খলকনিৰ সৃষ্টি কৰিছে । বক্স অফিছত ছবিখনৰ উপাৰ্জনৰ ধাৰা অব্যাহত আছে । উপাৰ্জনৰ এই ধাৰা মন্থৰ হোৱাৰ কোনো লক্ষণে নাই । মুক্তিৰ দ্বিতীয় দেওবাৰেও জোৱানে ঘৰুৱা বক্স অফিছত উপাৰ্জনৰ ধাৰা অব্যাহত থকাৰ সম্ভাৱনা আছে । এটলী কুমাৰৰ দ্বাৰা পৰিচালিত ছবিখনে ইতিমধ্যে বিশ্বব্যাপী ৭০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । ছবিখনে ভাৰতত ৫০০ কোটি টকাৰ আকাংক্ষিত সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ।

১১ দিনত 'জৱান' ছবিখনে ঘৰুৱা বক্স অফিছত ৩৫ কোটি টকাৰ নেট উপাৰ্জন কৰাৰ লক্ষ্য আগত ৰাখিছে । নৱম দিনত উপাৰ্জন ১৯.১ কোটি টকা উপাৰ্জন হয় । এই উপাৰ্জন কিছু মন্থৰ হোৱা দেখা গৈছিল যদিও শনিবাৰে ছবিখনৰ সংগ্ৰহ ৬১.৮৩ শতাংশ বৃদ্ধি পাইছিল । ভাৰতৰ সকলো ভাষাতে ছবিখনৰ বক্স অফিছৰ সংগ্ৰহ ৩০.৯১ কোটি টকা বুলি জানিব পৰা গৈছে ।

'জৱান'ৰ নিৰ্মাতাসকলে শেহতীয়াকৈ মুম্বাইত ছবিখনৰ সফলতা উদযাপন কৰিছে । শুকুৰবাৰে জৱানৰ সফলতাৰ বিশাল উদযাপনৰ সময়ত কিং খানৰ লগতে দীপিকা পাডুকন, বিজয় ছেঠুপতি, এটলী আৰু সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দ্ৰও উপস্থিত আছিল । সংগীত আৰু নৃত্যৰ মাজেৰে দল জৱানে এই সফলতা উদযাপন কৰে । অৱশ্যে এই অনুষ্ঠানত ছবিখনৰ অভিনেত্ৰী নয়নতৰা উপস্থিত নাছিল ।

ইফালে ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰা জৱান ছবিখনে বক্স অফিছত নতুন অভিলেখ গঢ়িছে । বিশ্লেষক ৰমেশ বালাই উল্লেখ কৰা মতে যদি জৱান ছবিখনে ১,০০০ কোটি টকাৰ ক্লাবত স্থান লাভ কৰে তেনেহ'লে ই নিশ্চিতভাৱে হিন্দী ছবিজগতৰ বাবে এক বিৰল মুহূৰ্ত হ'ব । কিয়নো শ্বাহৰুখ খানৰ পূৰ্বে মুক্তিপোৱা পাঠানেও বিশ্বব্যাপী ১০০০ কোটি টকাৰ ব্যৱসায় কৰিছিল । ইফালে খ্ৰীষ্টমাছৰ সময়ত শ্বাহৰুখ খানৰ 'ডাঙ্কি' মুক্তি পাব ।

লগতে পঢ়ক :Jawan Collection Day 9: মুক্তিৰ নৱম দিনত বিশ্বব্যাপী কিমান উপাৰ্জন কৰিলে জৱানে ? জানি লওক সবিশেষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.