ETV Bharat / entertainment

Raghav controversy: মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত যতীন বৰাৰ অভিনীত ছবি ৰাঘৱ - অসমীয়া ছবি

কা’ আন্দোলনৰ প্ৰতি সমৰ্থন আৰু পিচত স্থিতি সলাই কা আন্দোলনৰ বিৰোধিতা কৰাই কাল হ’ব নেকি অভিনেতা যতীন বৰাৰ আহিবলগীয়া নতুন ছবি ৰাঘৱৰ বাবে ! সামাজিক মাধ্যমত ৰাঘৱক লৈ সৃষ্টি হৈছে এতিয়া তীব্ৰ বিতৰ্কৰ । এক কথাত নেটিজেনৰ মাজত ৰাঘৱ ছবিখন এতিয়া অন্যতম মুখ্য বিষয় হৈ পৰিছে ৷ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ মাজত যেন এতিয়া দুটা ফৈদৰ সৃষ্টি হৈছে । যেনেকৈয়ে নহওক ’ৰাঘৱ’ চাম বুলি এটা পক্ষৰ মন্তব্য ৷ আন এটা ফৈদৰ মন্তব্য- কা’ আন্দোলনৰ সময়ত আকস্মিক স্থিতি সলোৱা ৰাঘৱ নাচায় কোনো কাৰণতে ৷

Jatin Boras Raghav is the subject of controversy before its release
বিতৰ্কৰ আৱৰ্তত ৰাঘৱ
author img

By

Published : Aug 4, 2023, 4:34 PM IST

চিটাৰা ডেস্ক, 4 আগষ্ট: অহা ২৭ অক্টোবৰত ছবিগৃহলৈ আহি আছে যতীন বৰাৰ অভিনীত ছবি ‘ৰাঘৱ’ । যোৱা ১ আগষ্ট তাৰিখে ছবিখনৰ প্ৰথমটো টিজাৰ মুকলি কৰা হয় । কিন্তু ছবিখনৰ মুক্তিৰ পূৰ্বেই এতিয়া সামাজিক মাধ্যমত ছবিখনক লৈ সৃষ্টি হৈছে বিতৰ্কৰ । ‘ৰাঘৱ’ৰ টিজাৰ মুকলি কৰাৰ পাছতেই ছবিখন কিছু পৰিমাণে সমালোচনাৰ সন্মুখীন হৈছে । ছবিখন বৰ্জনৰ দাবী উত্থাপন কৰিছে একাংশই ৷

ছবিখনক লৈ কি কাৰণে বৰ্জনৰ দাবী উঠিছে ?

উল্লেখ্য যে, সামাজিক মাধ্যমত কা’ বিৰোধীসকলে ছবিখন বৰ্জন কৰিবলৈ কোৱাৰ বিপৰীতে একাংশ সাধাৰণ লোক আৰু কা’ সমৰ্থকে শিল্পী আৰু ৰাজনীতিক একাকাৰ নকৰিবলৈ আহ্বান কৰি ‘ৰাঘৱ’ক আঁকোৱালি ল’বলৈ আহ্বান জনাইছে। অসমীয়া ছবি জগতৰ বিগ বাজেটৰ ছবিখনক লৈ একাংশই যিদৰে নেতিবাচক মন্তব্য আগবঢ়াইছে, ঠিক তেনেদৰে একাংশই ইতিবাচক মন্তব্যও আগবঢ়াইছে ।

ছবিখনৰ প্ৰথমটো টিজাৰ মুকলি হোৱাৰ পিচতেই বিশিষ্ট উদ্যোগী, নিবন্ধকাৰ শ্যামকানু মহন্তই সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল— "আজি যতীন বৰাৰ দ্বাৰা নিৰ্মিত ৰাঘৱ চিনেমাখনৰ টিজাৰ মুক্তি অনুষ্ঠানত উপস্থিত থাকি খুব ভাল লাগিল । টিজাৰটো মনোগ্ৰাহী হৈছে, জুবিনৰ গীতকেইটা সুন্দৰ, বিশ্বকৰ্মা পূজাক লৈ এটা সুন্দৰ গান, মাক লৈ তথা এটা অপূৰ্ব ৰোমাণ্টিক এটা গান । লোকেচন, একচন, ড্ৰামা, ট্ৰেজেডি তথা যতীনৰ অপূৰ্ব অভিনয় শৈলী, নিশিতাৰ সৈতে কেমেষ্ট্ৰী চিনেমাখনৰ মূল উপজীব্য হ’ব । চিনেমাখনত যতীনে ড্ৰাইভাৰৰ ৰোল কৰিছে ৷ "এই পোষ্টৰ পিছতেই বহুজনে ছবিখনৰ সন্দৰ্ভত নেতিবাচক মন্তব্য আগবঢ়াইছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে ছবিখনৰ গীতৰ দৃশ্যাংশত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ সন্দৰ্ভতো এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ । যুৱ কণ্ঠশিল্পী নিলোৎপল বৰাই সামাজিক মাধ্যমত মন্তব্য কৰি লিখিছে—দুদিন আগতে যতীন বৰাৰ নতুন চিনেমা ৰাঘৱৰ Teaser চালোঁ । যোৱা দুদিন ধৰি বিভিন্নজনে প্ৰশংসা লগতে সমালোচনা কৰাও দেখিছোঁ । মই এটা বেলেগ দিশৰ ওপৰতহে ক’ব খুজিছোঁ । Teaser ত দেখা এই ঢোলটোৰ নাম “পুনেৰী ঢোল”,মহাৰাষ্ট্ৰৰ লোকবাদ্য । Dahi Handi, Ganesh Chaturthi ৰ দৰে উৎসৱবোৰত শ-শ ঢুলীয়াই এইদৰে একেলগে ঢোল বজাই নাচি বাগি উদযাপন কৰাটো তেওঁলোকৰ সংস্কৃতি । এনে ৰঙৰ এনেধৰণৰ কাপোৰৰ লগত মূৰত লোৱা ফোঁটটোৰ স’তে যতীন দাকো অলপ ক’ৰ’বাত এজন মাৰাঠী মানুহ এজনৰ দৰে লাগিছে, ৰঘুপতিতো এনে ঢোল লৈ কৰা Choreography নেদেখা নহয় । কিন্তু এইবোৰ আমাৰ অসমত হয় জানো ? আজিকালি হয় যদিও নেজানো পিছে ! যদি নহয় তেন্তে আমাৰ চিনেমাত আনৰ সংস্কৃতিক আমাৰ সংস্কৃতি বুলি দেখুওৱাটো ভুল ৷ "

নিলোৎপল বৰাৰ এই পোষ্টৰ পিছতে এতিয়া সৃষ্টি হৈছে এই বিতৰ্কৰ । বহুল শ্বেয়াৰ হৈছে নিলোৎপল বৰাৰ পোষ্টটো । আনহাতে অসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ, বিজেপি কৰ্মী তথা কণ্ঠশিল্পী সীমান্ত শেখৰে সামাজিক মাধ্যমত পোষ্ট কৰি লিখিছে - "ৰ" ই যেন ধুমুহা আনিছে। অসমীয়া চলচ্চিত্ৰ জগতত নতুন যুগৰ সূচনা হৈছে। এইবাৰ ছবিগৃহত ধুমুহা আনিবলৈ "ৰাঘৱ" আহিছে । সঁচাকৈয়ে মনোমোহা ৰাঘৱৰ Teaser । Teaser দেখি এনেকুৱা লাগিছে এইখন চলচ্চিত্ৰই যেন বাণিজ্যিকভাৱে ২০ কোটিৰ দেওনা পাৰ কৰিব ।" লগতে তেঁও অভিনেতা তথা প্ৰযোজক যতীন বৰা আৰু প্ৰযোজিকা নৱনীতা শৰ্মা বৰাৰ লগতে সমূহ কলা-কুশলীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

ইফালে যতীন বৰাৰ এখন ফটো বৰ্তমান সময়ত সামাজিক মাধ্যমত যথেষ্ঠ ভাইৰেল হৈছে। য’ত যতীন বৰাক যথেষ্ঠ পৰিমাণে শকত দেখা গৈছে । ৰাঘৱৰ বিপক্ষে স্থিতি গ্ৰহণ কৰা একাংশই এই ফটোখনকে অধিক শকত কৰি বিকৃত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে একাংশই ৷ উল্লেখযোগ্য যে ২০১৯ চনত ছবিগৃহলৈ আহিছিল যতীন বৰাৰ ছবি পৰিচালিত প্ৰথম ছবি 'ৰত্নাকৰ'। ৰত্নাকৰ চাবলৈ হিলদল ভাঙি ছবিগৃহলৈ দৰ্শকৰ সোঁত বৈছিল । জুবিন গাৰ্গৰ মিছন চাইনা, কাঞ্চনজংঘাৰ পিচত সগৌৰৱেৰে চলিছিল যতীন বৰাৰ ৰত্নাকৰ । ৰত্নাকৰৰ পিচত ৰঘুপতিয়ে গঢ়িলে অভিলেখ । বিতৰ্কৰ মাজতো ৰত্নাকৰৰ দৰে ৰাঘৱকো দৰ্শকে আদৰি ল’ব বুলি আশাবাদী অভিনেতাগৰাকী আৰু তেওঁৰ গুণমুগ্ধসকল ।

লগতে পঢ়ক: Raghav teaser out now: ৰাঘৱত ব্যতিক্ৰমী ৰূপত দেখা যাব যতীন বৰাক, কেতিয়া ছবিগৃহত মুক্তি পাব ৰাঘৱ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.