ETV Bharat / entertainment

Jailer Box Office Prediction: পাঠানৰ অভিলেখ ভংগ কৰিব পাৰিব নে ৰজনীকান্তৰ জেইলাৰে ? - জেইলাৰ

আজি মুক্তি লাভ কৰিলে ছুপাৰষ্টাৰ ৰজনীকান্তৰ পান ইণ্ডিয়া ছবি ‘জেইলাৰ’। ভাৰতৰ উপৰিও ছবিখনে আমেৰিকা, ইউৰোপ আৰু ডুবাইতো ভাল সঁহাৰি লাভ কৰিছে।

Jailer box office day 1 prediction will Rajinikanth jailer able to break Shah rukh khan Pathaan record first day
জেইলাৰৰ বক্স অফিচৰ ভৱিষ্যদ্বাণী
author img

By

Published : Aug 10, 2023, 4:10 PM IST

চিটাৰা ডেস্ক, 10 আগষ্ট: দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তক লৈ অনুৰাগীৰ ক্ৰেজ দেখা পোৱা যায় ৷ ‘থালাইভা’ ছবিখনৰ ২ বছৰৰ পাচত পুনৰ পৰ্দাত ঘূৰি অহাত অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে। আজি ৰজনীকান্ত আৰু তামান্না ভাটিয়াৰ ছবি 'জেইলাৰ' ছবিগৃহত মুক্তি লাভ কৰিছে । জেইলাৰৰ এডভান্স বুকিঙৰ পৰা ক’ব পাৰি যে এই ছবিখনে বক্স অফিচত অভিলেখ ভংগ কৰিব পাৰে । ছবিখনে এডভান্স বুকিঙৰ পৰাই ইতিমধ্যেই ৩৫ কোটিৰো অধিক টকা উপাৰ্জন কৰিছে ।

ৰজনীকান্তৰ ছবি অনুৰাগীৰ বাবে কোনো উৎসৱতকৈ কম নহয় । ৰজনীকান্ত আৰু তামান্না ভাটিয়াৰ ‘জেইলাৰ’ ছবিখনে দক্ষিণৰ পৰা বিদেশলৈ ভাল সঁহাৰি লাভ কৰিছে । এনে পৰিস্থিতিত জেইলাৰে বক্স অফিচত বৃহৎ ওপেনিং লাভ কৰিব পাৰিব বুলি আশা কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জেইলাৰে প্ৰথম দিনা কেৱল তামিলনাডুতে ২০ কোটি টকাৰে খাতা খুলিব পাৰে ।

জেইলাৰ মুকলিৰ প্ৰথম দিনাৰ সংগ্ৰহ

ৰজনীকান্তৰ জেইলাৰে বিশ্বজুৰি ৭০ৰ পৰা ৮০ কোটি টকা উপাৰ্জন কৰিব পাৰে । এই ছবিখনে ভাৰতত এডভান্স বুকিঙৰ পৰা প্ৰায় ২০ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে গ্লোবেল কালেকচনত এডভান্স বুকিঙৰ পৰা ৩৫ কোটিৰো অধিক টকা উপাৰ্জন কৰিব ।

পাঠানৰ অভিলেখ ভংগ কৰিব পাৰিবনে জেইলাৰে ?

ৰজনীকান্তৰ জেইলাৰৰ দক্ষিণত যথেষ্ট উন্মাদনা আছে যদিও এই প্ৰশ্ন উত্থাপন হৈছে যে উপাৰ্জনৰ ক্ষেত্ৰত জেইলাৰে শ্বাহৰুখ খানৰ পাঠানক বিট কৰিব পাৰিবনে ? এই বছৰ ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি ৰূপে পৰিগণিত হৈছে পাঠান । শ্বাহৰুখ খানৰ পাঠানে মুকলি দিনটোত বিশ্বজুৰি ১০৬ কোটি টকা উপাৰ্জন কৰিছিল। পাঠানে কেৱল ভাৰততে ৫৩ কোটি টকা উপাৰ্জন কৰিছিল।

২ বছৰৰ পিচত পৰ্দাত উভতি আহিছে ৰজনীকান্ত

জেইলাৰৰ লগতে ২ বছৰৰ মূৰত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে ৰজনীকান্ত । ছবিখনত দেখা গৈছে ৭২ বছৰীয়া ৰজনীকান্তক ৩৩ বছৰীয়া তামান্না ভাটিয়াৰ সৈতে অভিনয়ত । ইয়াৰ উপৰিও জেইলাৰত জেকী শ্ৰফ, ৰম্য কৃষ্ণন, যোগী বাবু আৰু বিনায়কৰ দৰে অভিনেতাও আছে। ছবিখনত মালয়ালমৰ ছুপাৰষ্টাৰ মোহনলাল আৰু কানাড়া তাৰকা শিৱ ৰাজকুমাৰৰ কেমিঅ’ আছে।

লগতে পঢ়ক: Jailer twitter review: ব্লকবাষ্টাৰৰ টেগ লাভ কৰিলে ৰজনীকান্তৰ জেইলাৰ ছবিখনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.