চিটাৰা ডেস্ক, 24 নৱেম্বৰ : হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে বলীউডৰ প্ৰবীণ ছবি নিৰ্মাতা ৰাজকুমাৰ কোহলীয়ে ৷ শুকুৰবাৰে ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ নিৰ্মাতাগৰাকীয়ে । জানিব পৰা মতে আজি পুৱা তেওঁ বাথৰুমৰ পৰা বহু সময় ওলাই অহা নাছিল, ইয়াৰ পিচতে ঘৰৰ মানুহৰ সন্দেহ ওপজাত বাথৰুমৰ দুৱাৰ ভাঙি তেওঁক বাহিৰলৈ উলিয়াই আনে । কিন্তু বাথৰুমতেই হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৰাজকুমাৰ কোহলীৰ ।
পৰিয়ালৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, আজি পুৱা প্ৰায় ৮ বজাত ৰাজকুমাৰ কোহলীয়ে গা ধুবলৈ বাথৰুমলৈ গৈছিল । কিন্তু তেওঁ বহু সময় ওলাই অহা নাছিল বাথৰুমৰ পৰা । ইয়াৰ পিচতে পুত্ৰ অৰমান কোহলীয়ে বাথৰুমৰ দুৱাৰ ভাঙি পিতৃক উলিয়াই আনে ৷ ইয়াৰ পিচতে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।
আজি সন্ধিয়া অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব ৰাজকুমাৰ কোহলীৰ
এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ জুহু অঞ্চলত স্থিত এটা বাংলোত । পৰিয়ালৰ সূত্ৰটোৱে কয় যে ৰাজকুমাৰ কোহলীৰ হাৰ্ট এটেকৰ ফলত মৃত্যু হৈছে । আজি সন্ধিয়া ৰাজকুমাৰ কোহলীৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব ।
ৰাজকুমাৰ কোহলীয়ে এই ছবিসমূহ পৰিচালনা কৰিছিল
চলচ্চিত্ৰ নিৰ্মাতা ৰাজকুমাৰ কোহলীয়ে নিজৰ কেৰিয়াৰত, ‘নাগিন’, ‘জানি দুশমান’, ‘বিৱি ন’কৰ কা’, ‘বদলে কি আগ’, ‘ৰাজ তিলক’, ‘জিনে নাহি ডুংগা’, ‘ইন্তেকাম’, ‘বিস সাল বাদ’ আদি বহু চিনেমা পৰিচালনা কৰিছে । ‘নাগিন’ আৰু ‘জানী দুশমান’ক তেওঁৰ আটাইতকৈ ডাঙৰ হিট ছবিৰ ভিতৰত গণ্য কৰা হয় । ৰাজকুমাৰ কোহলীয়ে ১৯৬২ চনত সপনি নামৰ এখন ছবি নিৰ্মাণ কৰিছিল য’ত প্ৰেম চোপ্ৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।
‘বিৰোধী’ ছবিৰে বলীউডত লঞ্চ কৰিছিল পুত্ৰক
ৰাজকুমাৰ কোহলীৰ পৰিচালনাত নিৰ্মিত ‘জানি দুশমান’ বহু অভিনেতা ছবি আছিল য’ত অক্ষয় কুমাৰ, ছানী দেওল, সুনীল শেট্টী, সোনু নিগম, অৰমান কোহলীৰ দৰে তাৰকাই কাম কৰিছিল । এই ছবিখন ২০০২ চনত মুক্তি পাইছিল । ৰাজকুমাৰ কোহলীয়ে ১৯৯২ চনত ‘বিৰোধী’ নামৰ ছবিখনৰ জৰিয়তে বলীউডত নিজৰ পুত্ৰ অৰমান কোহলীক লঞ্চ কৰিছিল । অৱশ্যে বলীউডত তেওঁৰ কেৰিয়াৰ বিশেষ একো ভাল নাছিল । অৰমান কোহলীক শেষবাৰৰ বাবে দেখা গৈছিল ‘প্ৰেম ৰতন ধন পায়ো’ ছবিখনত ।
লগতে পঢ়ক: সৰগ ভাঙি পৰিছে সাথ নিভানা সাথিয়াৰ এহেম ওৰফে মহম্মদ নাজিমৰ মূৰত