চিটাৰা ডেস্ক, 20 এপ্ৰিল : মোহময়ী অভিনেত্ৰী কাজল আগৰৱাল আৰু স্বামী গৌতম কিটচ্লুৰ পৰিয়ালটো মঙলবাৰৰে পৰা তিনিজনীয়া হ’ল (Kajal Aggarwal pregnant news) ৷ মঙলবাৰে কাজলে জন্ম দিয়ে এটি পুত্ৰ সন্তান (Kajal Aggarwal baby born date) ৷
বৰ্তমানলৈকে কাজল আৰু স্বামীৰ ফালৰ পৰা এই বিষয়ত অৱশ্যে কোনো ধৰণৰ খবৰ প্ৰকাশ হোৱা নাই ৷ কিন্তু বলীউডৰ সৈতে সু-সম্পৰ্ক থকা এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, সম্প্ৰতি মাক-সন্তান দুয়ো সুস্থিৰ অৱস্থাত আছে ৷
মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত সন্তানটো জন্ম দিয়ে কাজলে ৷ এতিয়া অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল ৰৈ আছে নৱজাতকৰ এখন ফটো শ্বেয়াৰ কৰা মূহুৰ্তলৈ (Kajal Aggarwal baby photos) ৷
- " class="align-text-top noRightClick twitterSection" data="
">
চলিত বছৰৰ জানুৱাৰী মাহত গৌতম কিটচ্লুৱে কাজলৰ অন্তঃসত্বাৰ খবৰটো অনুৰাগীসকলৰ মাজত শ্বেয়াৰ কৰিছিল (Kajal Aggarwal pregnancy) ৷ কাজলে এই সময়চোৱাত কেইবাটাও মেটাৰ্নিটী ফটোশ্বুট কৰে ৷ সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীৰে সৈতে প্ৰায়ে সংযোগত আছিল অভিনেত্ৰী গৰাকী ৷
কাজলৰ মেটাৰ্নিটী ফটোশ্বুটৰ ফটোসমূহ অনুৰাগীয়ে আদৰি লৈছে ৷ কাজলে গৰ্ভধাৰণৰ সময়চোৱাৰ অনুভৱ মুকলিকৈ শ্বেয়াৰ কৰিছিল অনুৰাগীৰে সৈতে ৷ উল্লেখ্য যে, 2020 চনৰ 30 অক্টোবৰত বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰী কাজল আৰু গৌতম (Kajal Aggarwal marriage) ৷
লগতে পঢ়ক: Bharti Singh baby news: পিতৃ-মাতৃ হোৱাৰ গৌৰৱেৰে গৌৰাম্বিত হ’ল ভাৰতী-হৰ্ষ