ETV Bharat / entertainment

আইৰাৰ অভ্যৰ্থনাত কিয় উপস্থিত নাছিল আমিৰৰ প্ৰাক্তন পত্নী কিৰণ ৰাও ? - kiran rao absent in reception

Ira Khan-Nupur Shikhare Reception: বলীউড আৰু ক্ৰীড়াৰ উপৰিও ৰাজনৈতিক জগতৰ বহু চেলিব্ৰিটিয়েও আমিৰ খানৰ কন্যা আইৰা খানৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে । কিন্তু আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাৱে অংশগ্ৰহণ নকৰিলে এই অনুষ্ঠানত ৷ কিন্তু কিয় ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Ira Khan Reception: Aamir Khan ex wife kiranrao didnt come to reception know the reason here
মুম্বাইত আইৰা-নুপুৰৰ গ্ৰেণ্ড ৰিচেপচন
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 4:48 PM IST

চিটাৰা ডেস্ক, ১৪ জানুৱাৰী: বছৰটোৰ আৰম্ভণিৰ পিচৰে পৰা বি-টাউনত চৰ্চাৰ বিষয় হৈ পৰিছে আমিৰ খানৰ কন্যাৰ বিবাহ ৷ প্ৰথমে আইনী বিবাহ, তাৰ পাচত উদয়পুৰত সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয় আইৰা খান আৰু নুপুৰ শিখাৰে ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে আইৰা ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বিপৰীত নুপুৰ হিন্দু মাৰাঠী পৰিয়ালৰ ৷ মনকৰিবলগীয়া বিষয় যে দুয়োৰে বিবাহ ইছলাম বা হিন্দু ধৰ্মৰ ৰীতি-নীতি অনুসৰি হোৱা নাই ৷ বৰঞ্চ খ্ৰীষ্টান ধৰ্ম অনুসৰি হে হৈছে ৷

উদয়পুৰত বিবাহৰ পিচত এতিয়া শনিবাৰে সন্ধিয়া মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হয় আইৰা-নুপুৰৰ অভ্যৰ্থনা অনুষ্ঠান । য’ত আমিৰ খানৰ সমগ্ৰ পৰিয়ালৰ উপৰিও বি-টাউনৰ লগতে বহু ৰাজনৈতিক ব্যক্তিও উপস্থিত থাকে ৷ কিন্তু এই বিয়াত উপস্থিত নাছিল আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাও । ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত চৰ্চা আৰম্ভ হৈছিল যে কি কাৰণত কিৰণ ৰাও অভ্যৰ্থনাত অনুষ্ঠানত নাহিল ৷ কিৰণ ৰাও অভ্যৰ্থনাত অনুষ্ঠানত উপস্থিত নথকাৰ এটা ডাঙৰ কাৰণ এতিয়া পোহৰলৈ আহিছে ।

মুম্বাইত আইৰা-নুপুৰৰ গ্ৰেণ্ড ৰিচেপচন

যোৱা ৩ জানুৱাৰীত আইনী বিবাহৰ অন্তত ১০ জানুৱাৰীত উদয়পুৰত খ্ৰীষ্টান ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয় আইৰা খান-নুপুৰ শিখাৰে । এতিয়া যোৱা নিশা অৰ্থাৎ ১৩ জানুৱাৰীত আমিৰ খানে জিঅ’ ৱৰ্ল্ড চেণ্টাৰত এই নৱবিবাহিতা দম্পতীৰ বাবে এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল । এই অভ্যৰ্থনাৰ ছবি এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ।

বি-টাউনৰ বহু ডাঙৰ ব্যক্তিয়ে আইৰা-নুপুৰৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকে । অৱশ্যে এই সময়চোৱাত আইৰা খানৰ মাহীমাক অৰ্থাৎ আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাও উপস্থিত নাছিল । এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীসকলে প্ৰশ্ন উত্থাপন কৰিছে যে কিৰণ ৰাও কিয় আইৰা-নুপুৰৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত নাছিল ।

এতিয়া শেহতীয়াকৈ কিৰণ ৰাও অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত নোহোৱাৰ কাৰণ পোহৰলৈ আহিছে । এই কথা আমিৰ খানে নিজেই পাপাৰাজীৰ আগত প্ৰকাশ কৰিছে । ইয়াৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত পাপাৰাজীয়ে প্ৰশ্ন কৰাত আমিৰ খানে কয়, ‘‘কিৰণ জীৰ স্বাস্থ্য একেবাৰেই ভাল নহয়, তেওঁ বিষণ জ্বৰত ভুগি আছে, গতিকে তেওঁ আহিব নোৱাৰিলে ৷’’

ৰিচেপচনত কোন কোন চেলিব্ৰিটি উপস্থিত আছিল ?

পত্নী নীতা আম্বানীৰ সৈতে আইৰা-নুপুৰৰ ৰিচেপচন পাৰ্টিত উপস্থিত হৈছিল মুকেশ আম্বানী । ইয়াৰ উপৰিও পত্নী গৌৰী খানৰ সৈতে অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত হৈছিল বলীউডৰ অভিনেতা শ্বাহৰুখ খান । অভ্যৰ্থনা অনুষ্ঠানত ছলমান খান, ৰেখা, হেমা মালিনী, ছাইৰা বানু, শৰ্মান যোশী, ৰণবীৰ কাপুৰ, মাধুৰী দীক্ষিত, অনিল কাপুৰ, শচীন তেণ্ডুলকাৰ, কাৰ্তিক আৰিয়ান, সাক্ষী তনৱাৰ, কমল হাছানৰ কন্যা শ্ৰুতি আৰু অক্ষৰা, ধৰ্মেন্দ্ৰ, কপিল শৰ্মা, সুষ্মিতা সেন, ৰণদ্বীপ হুড্ডা আদি উপস্থিত থাকে ।

লগতে পঢ়ক: আইৰা-নুপুৰৰ অভ্যৰ্থনাত অনুষ্ঠানত উপস্থিত একনাথ সিন্দে, শ্বাহৰুখ-ছলমানকে ধৰি আম্বানী পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.