চিটাৰা ডেস্ক, ১০ জানুৱাৰী: ৩ জানুৱাৰীত আইনী বিবাহ সম্পন্ন হৈছিল আমিৰ খানৰ কন্যা আইৰা খানৰ । ফিটনেছ প্ৰশিক্ষক নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে আইৰা খান । আইনী বিবাহৰ পিচত এতিয়া উদয়পুৰত সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে আইৰা খান ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আইৰাৰ বিয়াৰ পূৰ্বৰ অনুষ্ঠানসমূহৰ ফটো আৰু ভিডিঅ’ । এতিয়া বিবাহ অনুষ্ঠানৰ পৰা আমিৰৰ কিছু ফটো প্ৰকাশ পাইছে, য’ত আমিৰক কন্যাৰ বিয়াত মেহেন্দী লগোৱা দেখা গৈছে ।
আমিৰ খানে হাতত লগালে মেহেন্দী
উল্লেখ্য যে, সোমবাৰে আইৰাৰ মেহেন্দী অনুষ্ঠান অনুষ্ঠিত হৈছিল । এই সময়চোৱাত আমিৰ খানেও হাতত নূন্যতম মেহেন্দী লগাইছিল । নীলা ৰঙৰ কুৰ্তা-পায়জামা আৰু জেকেট পৰিধান কৰা দেখা গৈছে আমিৰক। ফটোবোৰত আইৰাকো আমিৰৰ কাষত বহি থকা দেখা গৈছে ।
মেহেন্দীত আইৰাই কি পৰিধান কৰিছিল ?
আইৰাই মেহেন্দী অনুষ্ঠানত ক্ৰীম ৰঙৰ হলটাৰ নেক হাই স্লিট ড্ৰেছ বাছি লৈছিল । ইয়াৰ লগত আইৰাই চকাৰ নেকেলেচ পৰিধান কৰিছিল ।
কন্যা আইৰাৰ সৈতে আমিৰ খানৰ আছে বিশেষ বন্ধন । জীয়েকৰ বিয়াক লৈ উৎফুল্লিত পিতৃ । সংগীত অনুষ্ঠানত তেওঁ জীয়েকৰ বাবে বিশেষ অনুষ্ঠানৰ প্ৰস্তুতি চলাইছিল । প্ৰাক্তন পত্নী কিৰণ আৰু পুত্ৰ আজাদৰ সৈতে আইৰাৰ বাবে এটি গীত গাইছিল আমিৰে ।
উল্লেখ্য যে, ১০ জানুৱাৰীত অৰ্থাৎ আজি উদয়পুৰত সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হ’ব আইৰা । যোৱা ৪-৫ দিন ধৰি চলি আছিল বিবাহৰ পূৰ্বৰ অনুষ্ঠানসমূহ । ইয়াৰ পূৰ্বে ৩ জানুৱাৰীত মুম্বাইত আইনীভাৱে বিবাহপাশত আবদ্ধ হৈছিল আইৰা । এই বিয়াখনে যথেষ্ট চৰ্চা লাভ কৰিছিল । আচলতে বিবাহস্থানলৈ বাহন বা ঘোঁৰাত উঠি অহা নাছিল দৰা নুপুৰ ৷ বাহন বা ঘোঁৰাৰ পৰিৱৰ্তে ৮ কিলোমিটাৰ দৌৰি বিবাহস্থানলৈ আহিছিল নুপুৰ । বিবাহৰ প্ৰমাণ পত্ৰত চহী কৰাৰ সময়ত দৰাই পৰিধান কৰি আছিল জিমৰ সাজ-পোছাক ।
একেদৰে আইৰাৰ সাজ-পোছাকেও যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ আইৰাই বিয়াত হাৰেম পেণ্ট আৰু ব্লাউজ পৰিধান কৰিছিল । নিজৰ লুকটো ওৰণিৰে সম্পূৰ্ণ কৰিছিল । আইৰা আৰু নুপুৰৰ অনন্য বিবাহৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ।
লগতে পঢ়ক: আইনী বিয়াৰ পিচত এতিয়া উদয়পুৰত অনুষ্ঠিত হ’ব আইৰা খানৰ আনুষ্ঠানিক বিবাহ