ETV Bharat / entertainment

EXCLUSIVE INTERVIEW: ৰাজা পৃথু ৰায়ৰ ওপৰত নিৰ্মাণ হ’বলগীয়া মোৰ ছবিখনত শ্বাহিদ কাপুৰে অভিনয় কৰাটো বিচাৰিম: শৈলেন্দৰ ব্যাস - সঞ্জয় লীলা ভাঞ্চালী আৰু আশুতোষ গোৱাৰিকাৰ

ৰাজা পৃথু ৰায়ৰ ওপৰত আগন্তুক এক ঐতিহাসিক চলচ্চিত্ৰ পৰিচালনাৰ বাবে সাজু হৈছে শৈলেন্দ্ৰ ব্যাস । ইটিভি ভাৰতৰ মিনাল ডোদিয়াৰ সৈতে এক এক্সক্লুছিভ সাক্ষাৎকাৰত ছবি নিৰ্মাতাগৰাকীয়ে ছবিখনৰ সৈতে জড়িত বহুখিনি কথা ব্যক্ত কৰে ৷ সম্পূৰ্ণ সাক্ষাৎকাৰত শৈলেন্দ্ৰ ব্যাসে কি ক’লে জানো আহক...

INTERVIEW: Would like Shahid Kapoor to play in my film on Raja Prithu Rai, says Shailender Vyas
ৰাজা পৃথু ৰায়ৰ ওপৰত নিৰ্মাণ হ’বলগীয়া মোৰ ছবিখনত শ্বাহিদ কাপুৰে অভিনয় কৰাটো বিচাৰিম: শৈলেন্দৰ ব্যাস
author img

By

Published : Jun 10, 2023, 11:41 AM IST

চিটাৰা ডেস্ক, 10 জুন: ৰাজা পৃথু ৰায়ৰ জীৱনৰ ওপৰত আধাৰিত এক ঐতিহাসিক চলচ্চিত্ৰ নিৰ্মাণৰ দিশে সাজু হৈছে চলচ্চিত্ৰ নিৰ্মাতা শৈলেন্দৰ ব্যাস । তেওঁৰ আপকামিং প্ৰজেক্টৰ জৰিয়তে ব্যাসে পৃথু ৰায় আৰু তুৰ্কী-আফগান আক্ৰমণকাৰী বাখতিয়াৰ খিলজীৰ মাজত হোৱা ঐতিহাসিক যুদ্ধখনক জীৱন্ত কৰি তুলিব । ইটিভি ভাৰতৰ মিনাল ডোডিয়াৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত ছবি নিৰ্মাতাগৰাকীয়ে কয় যে মধ্যযুগীয় ৰজাৰ চৰিত্ৰত অভিনয় কৰিবলৈ শ্বাহিদ কাপুৰক থাকিলে তেওঁ ভাল পাব ।

পৰিচালক হিচাপে ব্যাসৰ শেষৰখন ছবি আছিল অভয় দেওল, পংকজ কাপুৰ আৰু পীয়ুষ মিশ্ৰৰ শিৰোনামেৰে নিৰ্মিত কল্পবিজ্ঞান থ্ৰিলাৰ ছিৰিজ JL50। তেওঁৰ ঐতিহাসিক চলচ্চিত্ৰৰ শ্বট কল কৰাৰ আগতে শৈলেন্দ্ৰই ছবিখনৰ জৰিয়তে কি লক্ষ্য ৰাখিছে, কেনেকৈ তেওঁ নিজৰ এক বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিব যিয়ে মানুহক সঞ্জয় লীলা ভাঞ্চালী আৰু আশুতোষ গোৱাৰিকাৰৰ চিনেমাৰ জগতখনৰ কথা সোঁৱৰাই দিয়ে সেই বিষয়ে বিবৰি কয় ।

প্ৰশ্ন: আপোনাৰ আগন্তুক পৰিচালনাৰ উদ্যোগত ৰজা পৃথু ৰায় আৰু বখতিয়াৰ খিলজীৰ মাজত হোৱা ঐতিহাসিক যুদ্ধখন পুনৰ দেখিবলৈ পোৱা যাব যিয়ে মহান নালন্দা বিশ্ববিদ্যালয়ক ধ্বংস কৰিছিল । ইটিভি ভাৰতৰ পাঠকৰ বাবে চিনেমাখন অনলাইনত শ্বেয়াৰ কৰিব পাৰিবনে ?

ৰজা পৃথু ৰায়ৰ কাহিনী আৰু তেওঁৰ বিনয়ী সৈন্যই কেনেকৈ এজন ব্যতিক্ৰমী ক্ৰুৰ বিদেশীক পৰাস্ত কৰিলে সেই কাহিনীৰ সৈতে জাতিটোৰ বাবে পৰিচিত হোৱাটো অতি প্ৰয়োজনীয় বুলি মই ভাবো । এই ক্ৰুৰ বিদেশীয়ে বহু বৌদ্ধ সন্ন্যাসীৰ সংহাৰ আৰু বহু মন্দিৰ আৰু নালন্দা ধ্বংস কৰাৰ বাবে দায়ী কৰিছিল ।

প্ৰশ্ন: ঐতিহাসিক যুদ্ধৰ বাহিৰেও ৰজা পৃথুৰ জীৱনৰ কোনটো অংশত ছবিখন প্ৰদৰ্শিত হ’ব ?

যুদ্ধ-বিগ্ৰহৰ বাহিৰেও মোৰ ছবিখনত ৰজা পৃথু ৰায়ৰ জনসাধাৰণৰ প্ৰতি থকা মৰম আৰু ঐক্যৰ প্ৰতি থকা তেওঁৰ বিশ্বাসক চিত্ৰিত কৰা হ’ব । আভ্যন্তৰীণ বিবাদ থকা বিভিন্ন জনগোষ্ঠীক তেওঁ কেনেকৈ কৌশলেৰে একত্ৰিত হৈ খিলজীৰ আগ্ৰাসনক প্ৰতিহত কৰিবলৈ পতিয়ন নিয়াইছিল, সেই কথা ছবিখনত দেখুওৱা হ’ব । তেওঁ এই যুদ্ধ ব্যক্তিগত লাভালাভ বা ক্ষমতা বজাই ৰাখিবলৈ নহয় বৰঞ্চ নিজৰ জনসাধাৰণক ৰক্ষা কৰিবলৈহে যুঁজিছিল । ইয়াৰ উপৰিও ছবিখনে তেওঁৰ শান্ত আচৰণ আৰু তেওঁৰ সাহসক উজ্জ্বল কৰি তুলিব, যিয়ে আত্ম অহংকাৰী ৰজা বাখতিয়াৰ খিলজীক জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

প্ৰশ্ন: এই ছবিখনৰ নিৰ্মাণ কৰাৰ চিন্তাধাৰা ক’ৰ পৰা আৰম্ভ হৈছিল ?

ভাৰতৰ জনসাধাৰণে এই ছবিখন চোৱা আৰু আমাৰ পূৰ্বপুৰুষৰ দেশৰ প্ৰতি থকা গভীৰ মৰম আৰু ভক্তিৰ সাক্ষী হোৱাটো মোৰ দৃঢ় কামনা । ইতিহাস ভাল পাওঁ কাৰণ ইয়াত বহুত কিবাকিবি অন্বেষণ আৰু শিকিবলগীয়া আছে । এই কাহিনীত ৰজা পৃথুৰ কাহিনীয়ে মোক ভাৰতৰ প্ৰতি অপৰিসীম গৌৰৱেৰে ভৰাই তোলে । মই আচৰিত হৈছোঁ যে আজিলৈকে এই উল্লেখযোগ্য ব্যক্তিত্বক লৈ কোনেও কিয় ছবি নিৰ্মাণ কৰা নাই । ভাৰতবাসীয়ে এই ছবিখনৰ সাক্ষী হৈ নিজৰ পূৰ্বপুৰুষৰ গৌৰৱ অনুভৱ কৰাটো কামনা কৰিলোঁ ।

প্ৰশ্ন: ঐতিহাসিক ছবিয়ে অতীতৰ পৰা অন্বেষণ আৰু শিকাৰ সুযোগ প্ৰদান কৰে, যাৰ ফলত দৰ্শকে ইতিহাস আৰু বৰ্তমানৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে গভীৰভাৱে বুজিব পাৰে । ছবিখনৰ সৈতে আপোনাৰ লক্ষ্য সেয়াই নেকি ?

দৰাচলতে মোৰ লক্ষ্য ঠিক সেইটোৱেই । মোৰ উদ্দেশ্য হৈছে বিদেশী আগ্ৰাসী খিলজীৰ প্ৰভাৱ আৰু তেওঁ কেনেকৈ নালন্দা বিশ্ববিদ্যালয়ৰ দৰে আমাৰ মন্দিৰ আৰু প্ৰতিষ্ঠানসমূহ ভয়াৱহভাবে ধ্বংস কৰিছিল সেই বিষয়ে সজাগতা বিয়পাই দিয়া । ঐতিহাসিক ছবিয়ে অতীতৰ মাজলৈ সোমাই যোৱাৰ সুযোগ প্ৰদান কৰে, যাৰ ফলত দৰ্শকে ইয়াৰ পৰা অন্বেষণ আৰু শিকিব পাৰে, যাৰ ফলত ইতিহাস আৰু বৰ্তমানৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে গভীৰ বুজাবুজিৰ সৃষ্টি হয় । বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে ইতিহাসে এক উল্লেখযোগ্য দৃষ্টিভংগী প্ৰদান কৰে যিয়ে নৱপ্ৰজন্মৰ ভৱিষ্যতক যথেষ্ট প্ৰভাৱিত কৰিব পাৰে ।

প্ৰশ্ন: ঐতিহাসিক সময়ছোৱাৰ পুনৰ সৃষ্টিৰ বাবে বিলাসী বাজেটৰ লগতে সবিশেষৰ প্ৰতি নিখুঁত মনোযোগৰ প্ৰয়োজন । এই ছবিখনক একেলগে ৰখাৰ ক্ষেত্ৰত দুয়োটাৰ ভিতৰত কোনটো দিশ আটাইতকৈ প্ৰত্যাহ্বানজনক আছিল ?

মোৰ বিশ্বাস দুয়োটা দিশ সমানে প্ৰত্যাহ্বানমূলক আৰু গুৰুত্বপূৰ্ণ । মই নিশ্চিত কৰিব লাগিছিল যে আমি ঐতিহাসিক যুগৰ সাৰমৰ্ম সঠিকভাৱে ধৰি ৰাখিব পাৰো, য’ত সাজ-পোছাক, চেট, প্ৰপছ, সাংস্কৃতিক সূক্ষ্মতাৰ ক্ষেত্ৰত বিস্তৃত গৱেষণা আৰু বিতংভাৱে মনোযোগ দিয়াৰ প্ৰয়োজন আছিল । এই স্তৰৰ প্ৰামাণ্যতাই দৰ্শকৰ বাবে দৃশ্যগতভাৱে নিমজ্জিত অভিজ্ঞতা সৃষ্টি কৰিবলৈ এক উল্লেখযোগ্য বাজেট আবণ্টনৰ দাবী কৰে ।

প্ৰশ্ন: চিত্ৰনাট্য লিখাৰ সময়ত মুখ্য চৰিত্ৰৰ বাবে আপোনাৰ মনত কোনো বিশেষ অভিনেতা আছিল নেকি ?

হয়. মোৰ মনত দুই এজন ব্যক্তি আছিল আৰু বৰ্তমান আমি তেওঁলোকৰ সৈতে কথা পাতি আছো । ৰাজা পৃথু ৰায়ৰ বাবে মই শ্বাহিদ কাপুৰে অভিনয় কৰাটো বিচাৰো ।

প্ৰশ্ন: ছবিখনৰ কাষ্টিং লক আছে নেকি ?

কিছুমান মুখ্য চৰিত্ৰৰ বাবে আমি এতিয়াও আলোচনাত আছো ।

প্ৰশ্ন: ঐতিহাসিক ছবিবোৰ আজিকালি বহু তদাৰকত আছে, এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে ছবিখনৰ চাৰিওফালে থকা কোলাহল দমনৰ বাবে আপোনাৰ কৌশল কি হ’ব ?

ঐতিহাসিক আখ্যানসমূহক আৱেগিকভাৱে অনুভৱ কৰিব পাৰি আৰু বিভিন্ন সম্প্ৰদায়ৰ বাবে তাৎপৰ্য ৰাখিব পাৰি বুলি স্বীকাৰ কৰি মই এই বিষয়টোৰ প্ৰতি সংবেদনশীলতা আৰু সাংস্কৃতিক সংবেদনশীলতাৰে দৃষ্টি নিক্ষেপ কৰিম । বিষয়টোক সন্মান জনাই ব্যৱহাৰ কৰি আৰু কোনো ধৰণৰ ভুল বৰ্ণনা বা বিকৃতি এৰাই চলি সম্ভাৱ্য বিবাদ বা আপত্তি নূন্যতম কৰাৰ লক্ষ্য ৰাখিছো ।

প্ৰশ্ন: হিন্দী চিনেমাত সঞ্জয় লীলা ভাঞ্চালী আৰু আশুতোষ গোৱাৰিকাৰে কিছুমান শ্ৰেষ্ঠ ঐতিহাসিক চলচ্চিত্ৰ নিৰ্মাণ কৰিছে । এই দুজনো আপুনি উচ্চ দৃষ্টিৰে চোৱা বহু চলচ্চিত্ৰ নিৰ্মাতাৰ ভিতৰত যদিও আপোনাৰ চিনেমাখনৰ বিশ্বব্ৰহ্মাণ্ডখন নিৰ্মাণৰ ধৰণৰ পৰা পৃথক ৰূপ আৰু অনুভৱ কৰিবলৈ সচেতন প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব বুলি আপুনি একমত নে ?

নিশ্চিতভাৱে সঞ্জয় লীলা ভাঞ্চালী আৰু আশুতোষ গোৱাৰিকাৰে হিন্দী চিনেমাত নিৰ্মাণ কৰা উল্লেখযোগ্য ঐতিহাসিক চলচ্চিত্ৰৰ অৱদানৰ কথা মই নিশ্চয়কৈ স্বীকাৰ কৰো । তেওঁ নিজৰ অনন্য দৃশ্য আৰু কাহিনী দেখুওৱা শৈলী প্ৰতিষ্ঠা কৰিছে যিয়ে দৰ্শকৰ ওপৰত স্থায়ী প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব । অৱশ্যে এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে মই ব্যক্তিগতভাৱে আন ছবিৰ পৰা প্ৰত্যক্ষ প্ৰেৰণা লোৱাৰ পৰা বিৰত থকাটো পছন্দ কৰো । এই বিশেষ ছবিখনৰ ৰূপ, অনুভৱ আৰু আত্মাকে ধৰি মোৰ নিজা সুকীয়া দৃষ্টিভংগী আছে ।

লগতে, ভাৰতৰ পূব অংশত পৰিৱেশিত ঐতিহাসিক যুদ্ধক ছবিৰ আকাৰত প্ৰদৰ্শিত কৰিবলৈ এতিয়াও এক অনাবৃত সম্ভাৱনা আছে বুলি মোৰ বিশ্বাস । এই ঠাইৰ নিজস্ব এক সুকীয়া সংস্কৃতি, নান্দনিকতা আৰু পৰিৱেশ আছে, যিয়ে এক সতেজ আৰু মনোমোহা চিনেমাৰ অভিজ্ঞতাত অৰিহণা যোগাব পাৰে । এই অচিনাক্ত ভূখণ্ডটো অন্বেষণ কৰি মই নিশ্চিত যে মই দৰ্শকৰ আশাক বাস্তবায়িত কৰি ভাৰতৰ অন্যতম উন্নত ঐতিহাসিক যুদ্ধ-বিগ্ৰহৰ ছবি নিৰ্মাণ কৰিব পাৰিম ।

প্ৰশ্ন: ছবিখন মুক্তিলাভ কৰিব আৰু দৰ্শকে কেতিয়া ছবিগৃহত চাব পাৰিব বুলি আশা কৰিব পাৰি ?

আমি কাষ্টিং প্ৰক্ৰিয়া আৰম্ভ কৰিছো । আমি আগন্তুক বৰ্ষৰ দ্বিতীয়াৰ্ধত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছো ।

লগতে পঢ়ক: Adipurush Movie Ticket: ৰণবীৰ কাপুৰে ক্ৰয় কৰিলে ‘আদিপুৰুষ’ৰ ১০ হাজাৰ টিকট, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.